--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পইচাৰ লোভত মানুহে কি কি যে নকৰে! বীমা পলিচিৰ টকা পাবৰ বাবেও বহু মানুহে ভুৱা কথাৰ আশ্ৰয় লয়। এজন মানুহে বীমা পলিচিৰ ধন পাবৰ বাবে যি কাণ্ড কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। বীমা পলিচিৰ টকা পাবৰ বাবে মানুহজনে নিজেই নিজৰ দুয়োখন ভৰি ৰে’লৰ আগত বহি কটাই লয়। এই ঘটনা হাংগেৰীৰ নাইৰচাচাজাৰিৰ। ছেণ্ডৰ নামৰ ৫৪ বছৰীয়া লোকজনে মুঠ ১৪ টা কৈ বীমা পলিচি খুলিছিল।

১৪ টা বীমাৰ ২৩ কোটি ৯৭ লাখ টকা পাবৰ বাবেই তেনেদৰে ৰে'লৰ আগত বহি তেওঁ দুয়োখন ভৰি কটাই পেলায়। পিছে মানুহজনৰ চালাক-চতুৰামি কামত নাহিল। বীমা কোম্পানীকেইটাই ছেণ্ডৰৰ কুবুদ্ধি বুজিব পাৰি ন্যায়ালয়ৰ কাষ চাপে। ন্যায়ালয়ে সকলো চালি জাৰি চাই তদন্ত কৰি দেখে যে ছেণ্ডৰে কেৱলমাত্ৰ বীমাৰ টকা পাবৰ বাবেই সজ্ঞানে নিজেই ইচ্ছা কৰি তেনেদৰে ভৰি কটাই লৈছে। আদালতত প্ৰমাণিত হৈছিল যে তেওঁ ইচ্ছাকৃতভাৱে ৰে'লখনৰ সন্মুখত শুই দিছিল যাতে তেওঁ বীমাৰ ধন ল'ব পাৰে। ঘটনাটো ২০১৪ চনত সংঘটিত হৈছিল।

আৰু পঢ়কঃ ব্ৰেকফাষ্ট বা স্নেকছ হিচাপে খাওক খান্দৱী, জানো আহক ৰেচিপি

ৰে'লৰ আগত তেওঁ পৰি দিয়া বাবেহে ৰে'লখনে মানুহজনৰ দুয়োখন ভৰি আঁঠুৰ তলৰ পৰা কাটি পেলাইছিল। ইয়াৰ পাছৰে পৰা সমগ্ৰ ঘটনা আদালতৰ আওতালৈ যায়। কিন্তু ছেণ্ডৰে কৈছিল যে তেওঁ ট্ৰেক পাৰ হৈছিল তেতিয়াই ৰে'লখনে তেওঁৰ দুয়োখন ভৰি কাটি পেলাইছিল। দুৰ্ঘটনাটোৰ প্ৰায় ৭ বছৰৰ পাছত আদালতে ২০২১ চনৰ ৯ নৱেম্বৰত ৰায় দি ঘোষণা কৰে যে নিজে জানি বুজি দুৰ্ঘটনা সংঘটিত কৰোৱা বাবে ছেণ্ডৰে বীমাৰ এক টকাও লাভ নকৰে। কথাতে কয় নহয় 'লোভেই পাপ…পাপেই মৃত্যু'.. ছেণ্ডৰৰ জীৱনত সেয়াই আখৰে আখৰে প্ৰমাণিত হ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ