--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পইচাৰ লোভত মানুহে কি কি যে নকৰে! বীমা পলিচিৰ টকা পাবৰ বাবেও বহু মানুহে ভুৱা কথাৰ আশ্ৰয় লয়। এজন মানুহে বীমা পলিচিৰ ধন পাবৰ বাবে যি কাণ্ড কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। বীমা পলিচিৰ টকা পাবৰ বাবে মানুহজনে নিজেই নিজৰ দুয়োখন ভৰি ৰে’লৰ আগত বহি কটাই লয়। এই ঘটনা হাংগেৰীৰ নাইৰচাচাজাৰিৰ। ছেণ্ডৰ নামৰ ৫৪ বছৰীয়া লোকজনে মুঠ ১৪ টা কৈ বীমা পলিচি খুলিছিল।

১৪ টা বীমাৰ ২৩ কোটি ৯৭ লাখ টকা পাবৰ বাবেই তেনেদৰে ৰে'লৰ আগত বহি তেওঁ দুয়োখন ভৰি কটাই পেলায়। পিছে মানুহজনৰ চালাক-চতুৰামি কামত নাহিল। বীমা কোম্পানীকেইটাই ছেণ্ডৰৰ কুবুদ্ধি বুজিব পাৰি ন্যায়ালয়ৰ কাষ চাপে। ন্যায়ালয়ে সকলো চালি জাৰি চাই তদন্ত কৰি দেখে যে ছেণ্ডৰে কেৱলমাত্ৰ বীমাৰ টকা পাবৰ বাবেই সজ্ঞানে নিজেই ইচ্ছা কৰি তেনেদৰে ভৰি কটাই লৈছে। আদালতত প্ৰমাণিত হৈছিল যে তেওঁ ইচ্ছাকৃতভাৱে ৰে'লখনৰ সন্মুখত শুই দিছিল যাতে তেওঁ বীমাৰ ধন ল'ব পাৰে। ঘটনাটো ২০১৪ চনত সংঘটিত হৈছিল।

আৰু পঢ়কঃ ব্ৰেকফাষ্ট বা স্নেকছ হিচাপে খাওক খান্দৱী, জানো আহক ৰেচিপি

ৰে'লৰ আগত তেওঁ পৰি দিয়া বাবেহে ৰে'লখনে মানুহজনৰ দুয়োখন ভৰি আঁঠুৰ তলৰ পৰা কাটি পেলাইছিল। ইয়াৰ পাছৰে পৰা সমগ্ৰ ঘটনা আদালতৰ আওতালৈ যায়। কিন্তু ছেণ্ডৰে কৈছিল যে তেওঁ ট্ৰেক পাৰ হৈছিল তেতিয়াই ৰে'লখনে তেওঁৰ দুয়োখন ভৰি কাটি পেলাইছিল। দুৰ্ঘটনাটোৰ প্ৰায় ৭ বছৰৰ পাছত আদালতে ২০২১ চনৰ ৯ নৱেম্বৰত ৰায় দি ঘোষণা কৰে যে নিজে জানি বুজি দুৰ্ঘটনা সংঘটিত কৰোৱা বাবে ছেণ্ডৰে বীমাৰ এক টকাও লাভ নকৰে। কথাতে কয় নহয় 'লোভেই পাপ…পাপেই মৃত্যু'.. ছেণ্ডৰৰ জীৱনত সেয়াই আখৰে আখৰে প্ৰমাণিত হ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু