--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনত পুনৰ বৃদ্ধি পাইছে ক'ভিডৰ প্ৰকোপ৷ বিগত কেইদিনমানত চীনত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিলৈ লক্ষ্য কৰি নিৰ্মাণ কৰিছে চিকিৎসালয় ৷ চীনত দেওবাৰে ৩,৩৯৩ টা নতুন ক'ভিড-১৯ ৰোগী ধৰা পৰাৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে৷ দেশখনে দুবছৰত ক'ভিডৰ প্ৰাদুৰ্ভাৱৰ সন্মুখীন হোৱাৰ পাছত এই সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে৷ চীন কৰ্তৃপক্ষই জিলিন চহৰত এখন অস্থায়ী চিকিৎসালয় নিৰ্মাণৰ কাম চলাই আছে। ছিনহুয়াৰ বাতৰি অনুসৰি, ৬,০০০ বিচনাৰে এই চিকিৎসালয়খন ছদিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। দেশখনৰ উত্তৰ-পূবৰ জিলিন প্ৰদেশত সোমবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে ১,০০০ তকৈও অধিক নতুন ক'ভিড ৰোগী চিনাক্ত কৰা হৈছে। দেশজুৰি ক'ভিড ৰোগী বৃদ্ধিৰ ফলত কৰ্তৃপক্ষই ছাংহাইৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে আৰু উত্তৰ-পূবৰ কেইবাখনো চহৰ বন্ধ কৰি দিছে৷ কিয়নো প্ৰায় ১৯ খন প্ৰদেশই অ'মিক্ৰন আৰু ডেল্টা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ৰাজ্যিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জিলিন চহৰখন আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে৷ চৰকাৰী ঘোষণা অনুসৰি জিলিন প্ৰদেশৰ সৰু চহৰ চিপিং আৰু ডুনহুয়া বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে বন্ধ ঘোষণা কৰা হৈছিল। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা