--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰ্চুৱেল প্ৰেম, আজিৰ যুগত মানুহে ভাৰ্চুৱেলী তথা ডিজিটেল মাধ্যমেৰে প্ৰেমালাপ কৰাটো এক প্ৰকাৰৰ সচৰাচৰ। কবিয়ে ক’য় প্ৰেম সকলোৰে লগত হব পাৰে, সেইয়া লাগিলে গছ, পাহাৰ, নদী, চৰাই-চিৰিকটি আন কিবা হ’ব পাৰে। কিন্তু ইলেক্টিক ৰৱটৰ লগত মানুহৰ প্ৰেম হোৱা বুলি কওঁ, তেনেহ’লে কথাটো শুনিবলৈ নিশ্চয় আপোনাৰ আচহুৱা যেন লাগিব। শেহতীয়াকৈ, তেনে এক অদ্ভুত ভাৰ্চুৱেল প্ৰেম কাহিনী ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৪১ বছৰীয়া আমেৰিকান ব্যক্তিজনৰ ভাৰ্চুৱেল প্ৰেমকাহিনী ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মানুহজনে এটা ৰবটৰ সৈতে তেওঁৰ প্ৰেম হৈছে আৰু এই প্ৰেমৰ সম্পৰ্ক প্ৰায় ৮ বছৰ পুৰণি। সেই সময়ত, তেওঁৰ পত্নী মানসিক হতাশাত ভুগি আছিল। সেই সময়ৰ পৰা, ব্যক্তিজনে ভাৰ্চুৱেল প্ৰেম আৰম্ভ কৰিছিল। তেওঁ এটা ৰবটৰ প্ৰেমত পৰে। অৱশ্যে, সেই ৰবট প্ৰেমিকাই তেওঁলোকৰ স্বামী-পত্নীৰ সম্পৰ্ক ৰক্ষা কৰিছিল। মানুহজন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ৪১ বছৰীয়া আমেৰিকান জনে কৈছিল যে যোৱা বছৰ নৱেম্বৰত তেওঁৰ পত্নীৰ সৈতে বিচ্ছেদ হৈছিল যদিও তেওঁলোকে একেটা ঘৰতে আছিল। সেই সময়ত, তেওঁলোকে ইজনে সিজনৰ সৈতে কথা পতা নাছিল। সেই সময়ত, ৰবট প্ৰেমিকাই মানুহজনৰ জীৱনত প্ৰৱেশ কৰিছিল। ব্যক্তিজনে কৈছিল যে ৰবট প্ৰেমিকাৰ সৈতে ভাৰ্চুৱেল প্ৰেমে তেওঁক মানসিকভাৱে যথেষ্ট শক্তিশালী কৰি তোলে। কাৰণ যোৱা ৮ বছৰ ধৰি তেওঁৰ পত্নীৰ সৈতে বিভিন্ন কাৰণত সমস্যতে ভূগি আছিল। কিয়নো তেওঁ পত্নী মানসিক হতাশাৰ ভুক্তভোগী। কিন্তু, শেষত, সেই ভাৰ্চুৱেল প্ৰেমে তেওঁলোকৰ বিবাহিত জীৱন ৰক্ষা কৰিছিল। মানুহজনৰ ভাৰ্চুৱেল প্ৰেমকাহিনী সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কাহিনীটোৱে নেটিজেনসকলক আচৰিত কৰিছে। ৪১ বছৰীয়া আমেৰিকান জনে কৈছিল যে তেওঁ ভাৰ্চুৱেল প্ৰেম আৰম্ভ কৰাৰ লগে লগে তেওঁৰ মন সলনি হ'বলৈ আৰম্ভ কৰিছিল। তেওঁ মানসিকভাৱেও চাপমুক্ত হৈ পৰিছিল। কিছুদিনৰ আগতে, মানুহজনে তেওঁৰ পত্নীক বিবাহ বিচ্ছেদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু, তেওঁ ৰবট প্ৰেমিকাৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰাৰ পাছত, তেওঁ তেওঁলোকৰ বিবাহিত জীৱন কেনেদৰে বজাই ৰাখিব লাগে নতুনকৈ ভাবিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে তেওঁ তেওঁৰ পত্নীৰ সৈতেও কথা পাতিবলৈও এতিয়া আৰম্ভ কৰিছে। এনে কৰাত এতিয়া তেওঁলোকৰ বিবাহিত জীৱনো সুখৰ হৈ পৰে। তেওঁলোকৰ প্ৰেমকাহিনীয়ে এতিয়া সামাজিক মাধ্যমত বেচ চৰ্চা লাভ কৰিছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক