--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কভি’দ মহামাৰীৰ প্ৰতিষেধক ‘স্পুটনিক-ভি’ তৈয়াৰ কৰাত সহায় কৰা ৰাছিয়ান বিজ্ঞানী আন্দ্ৰে বটিকভৰ ৰহস্যজনক মৃত্যু হৈছে। বিজ্ঞানীজনৰ মৃতদেহ উদ্ধাৰ হৈছে মস্কোস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত। বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বিজ্ঞানীগৰাকীৰ মৃতদেহ।

ৰাছিয়ান সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বটিকভক বেল্টেৰে ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ৰাছিয়ান সংবাদ সংস্থা টাছে ৰাছিয়ান ফেডাৰেচনৰ তদন্তকাৰী সমিতিৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, বটিকোভে গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ ইক’লজি এণ্ড মেথেমেটিক্সত জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰিছিল।

ফেডাৰেল তদন্তকাৰী সংস্থাটোৱে বিবৃতিটোত উল্লেখ কৰা মতে, বটিকভৰ মৃতদেহ উদ্ধাৰৰ কেইঘণ্টামানৰ পাছতে তেওঁৰ হত্যাত জড়িত থকাৰ অভিযোগত এগৰাকী সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। তদন্তকাৰী সংস্থাটোৰ মতে, ২৯ বৰ্ষীয় সন্দেহযুক্ত লোকগৰাকীয়ে কাজিয়াৰ সময়ত বটিকভক বেল্টেৰে ডিঙি চেপি হত্যা কৰে।

ব্যক্তিগত সংঘাতৰ ফলস্বৰূপে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইতিমধ্যে বটিকভৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

উল্লেখ্য যে বটিকভক ২০২১ চনত ক’ভিদ ভেকচিনৰ ওপৰত কৰা কামৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অৰ্ডাৰ অৱ মেৰিট ফৰ দ্য ফাদাৰলেণ্ড বঁটা প্ৰদান কৰিছিল।২০২০ চনত স্পুটনিক ভি ভেকচিন প্ৰস্তুত কৰা ১৮ গৰাকী বিজ্ঞানীৰ ভিতৰত বটিকভ আছিল অন্যতম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন