--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কভি’দ মহামাৰীৰ প্ৰতিষেধক ‘স্পুটনিক-ভি’ তৈয়াৰ কৰাত সহায় কৰা ৰাছিয়ান বিজ্ঞানী আন্দ্ৰে বটিকভৰ ৰহস্যজনক মৃত্যু হৈছে। বিজ্ঞানীজনৰ মৃতদেহ উদ্ধাৰ হৈছে মস্কোস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত। বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বিজ্ঞানীগৰাকীৰ মৃতদেহ।

ৰাছিয়ান সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বটিকভক বেল্টেৰে ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ৰাছিয়ান সংবাদ সংস্থা টাছে ৰাছিয়ান ফেডাৰেচনৰ তদন্তকাৰী সমিতিৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, বটিকোভে গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ ইক’লজি এণ্ড মেথেমেটিক্সত জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰিছিল।

ফেডাৰেল তদন্তকাৰী সংস্থাটোৱে বিবৃতিটোত উল্লেখ কৰা মতে, বটিকভৰ মৃতদেহ উদ্ধাৰৰ কেইঘণ্টামানৰ পাছতে তেওঁৰ হত্যাত জড়িত থকাৰ অভিযোগত এগৰাকী সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। তদন্তকাৰী সংস্থাটোৰ মতে, ২৯ বৰ্ষীয় সন্দেহযুক্ত লোকগৰাকীয়ে কাজিয়াৰ সময়ত বটিকভক বেল্টেৰে ডিঙি চেপি হত্যা কৰে।

ব্যক্তিগত সংঘাতৰ ফলস্বৰূপে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইতিমধ্যে বটিকভৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

উল্লেখ্য যে বটিকভক ২০২১ চনত ক’ভিদ ভেকচিনৰ ওপৰত কৰা কামৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অৰ্ডাৰ অৱ মেৰিট ফৰ দ্য ফাদাৰলেণ্ড বঁটা প্ৰদান কৰিছিল।২০২০ চনত স্পুটনিক ভি ভেকচিন প্ৰস্তুত কৰা ১৮ গৰাকী বিজ্ঞানীৰ ভিতৰত বটিকভ আছিল অন্যতম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক