--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডোত্তৰ ভাৰতত অৰ্থনৈতিক বিপৰ্যয়ৰ পাছত নতুন নিযুক্তিৰ প্ৰতি আশংকাৰ প্ৰকাশ কৰিছে কৰিছে ভাৰতীয় অৰ্থনীতি পৰ্যবেক্ষক কেন্দ্ৰ, চমুকৈ চিএমআইইয়ে৷ চিএমআইইৰ তথ্য অনুসৰি, ডিচেম্বৰত ভাৰতৰ নিবনুৱাৰ হাৰ চাৰি মাহৰ সৰ্বোচ্চ ৭.৯ শতাংশ স্পৰ্শ কৰিছে। ভাৰতৰ কেইবাখনো ৰাজ্যত আৰোপ কৰা নতুন ক’ভিড-১৯এ আনি দিয়া সীমাবদ্ধতাৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপ প্ৰভাৱিত হোৱাৰ আগতেই সংখ্যাবোৰে এক গুৰুত্বপূৰ্ণ হ্ৰাসৰ প্ৰৱণতা দেখুৱাইছে।


বিগত ডিচেম্বৰত ভাৰতত নিবনুৱাৰ হাৰ ৭.৯ শতাংশলৈ বৃদ্ধি পাইছিল। যিটো পৰিসংখ্যা নৱেম্বৰত ৭ শতাংশ আৰু ২০২০ চনৰ ডিচেম্বৰত ৯.১ শতাংশ আছিল। তাৰ ভিতৰত নগৰীয়া নিবনুৱাৰ হাৰ ডিচেম্বৰত আগৰ মাহৰ ৮.২ শতাংশৰ পৰা ৯.৩ শতাংশলৈ বৃদ্ধি পাইছে, আনহাতে গ্ৰাম্য নিবনুৱাৰ হাৰ ৬.৪ শতাংশৰ পৰা ৭.৩ শতাংশলৈ বৃদ্ধি পাইছে, তথ্যই দেখুৱাইছে। প্ৰতিষ্ঠানটোৱে নিযুক্তিৰ ক্ষেত্ৰত থকা আশংকাবোৰকো প্ৰকাশ কৰিছে৷ সাপ্তাহিক স্তৰত নগৰীয়া নিবনুৱাৰ হাৰ ডিচেম্বৰৰ মাজভাগত দুটা অংকৰ হাৰ প্ৰায় ১০.০৯ শতাংশলৈ বৃদ্ধি পাইছিল।


নগৰীয়া নিযুক্তি হৈছে উন্নত বেতনৰ চাকৰিৰ বাবে এক ‘প্ৰক্সি’ আৰু এই সংখ্যা হ্ৰাসৰ ফলত উন্নত বেতনৰ সংগঠিত খণ্ডৰ চাকৰিৰ ওপৰত প্ৰভাৱ প্ৰতিফলিত হয়। অ’মাইক্ৰন প্ৰকাৰৰ দ্বাৰা উদ্ভৱ হোৱা ভাবুকিৰ মাজত ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বহুতো ৰাজ্যই আৰোপ কৰা নতুন নীতি-নিৰ্দেশনাই অৰ্থনৈতিক কাৰ্যকলাপ আৰু ব্যৱহাৰৰ স্তৰ প্ৰভাৱিত কৰিছে। এইটোৱে আগলৈ অৰ্থনৈতিক পুনৰুদ্ধাৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।


ভাৰতত সোমবাৰে ৩৩,৭৫০ টা নতুন ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা আৰু ১২৩গৰাকীৰ মৃত্যু হৈছে৷ একেদৰে আৰোগ্য হৈছে ১০,৮৩৬গৰাকী৷
ডিচেম্বৰৰ সংখ্যাও গুৰুত্বপূৰ্ণ৷ কিয়নো, নতুন ক’ভিড-১৯ ঢৌৰ ফলত ব্যৱসায়ৰ ওপৰত নতুন প্ৰতিবন্ধকতা আৰোপ কৰাৰ আগতেই সেইবোৰে হ্ৰাস হোৱা প্ৰৱণতা দেখুৱাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ