--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডোত্তৰ ভাৰতত অৰ্থনৈতিক বিপৰ্যয়ৰ পাছত নতুন নিযুক্তিৰ প্ৰতি আশংকাৰ প্ৰকাশ কৰিছে কৰিছে ভাৰতীয় অৰ্থনীতি পৰ্যবেক্ষক কেন্দ্ৰ, চমুকৈ চিএমআইইয়ে৷ চিএমআইইৰ তথ্য অনুসৰি, ডিচেম্বৰত ভাৰতৰ নিবনুৱাৰ হাৰ চাৰি মাহৰ সৰ্বোচ্চ ৭.৯ শতাংশ স্পৰ্শ কৰিছে। ভাৰতৰ কেইবাখনো ৰাজ্যত আৰোপ কৰা নতুন ক’ভিড-১৯এ আনি দিয়া সীমাবদ্ধতাৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপ প্ৰভাৱিত হোৱাৰ আগতেই সংখ্যাবোৰে এক গুৰুত্বপূৰ্ণ হ্ৰাসৰ প্ৰৱণতা দেখুৱাইছে।


বিগত ডিচেম্বৰত ভাৰতত নিবনুৱাৰ হাৰ ৭.৯ শতাংশলৈ বৃদ্ধি পাইছিল। যিটো পৰিসংখ্যা নৱেম্বৰত ৭ শতাংশ আৰু ২০২০ চনৰ ডিচেম্বৰত ৯.১ শতাংশ আছিল। তাৰ ভিতৰত নগৰীয়া নিবনুৱাৰ হাৰ ডিচেম্বৰত আগৰ মাহৰ ৮.২ শতাংশৰ পৰা ৯.৩ শতাংশলৈ বৃদ্ধি পাইছে, আনহাতে গ্ৰাম্য নিবনুৱাৰ হাৰ ৬.৪ শতাংশৰ পৰা ৭.৩ শতাংশলৈ বৃদ্ধি পাইছে, তথ্যই দেখুৱাইছে। প্ৰতিষ্ঠানটোৱে নিযুক্তিৰ ক্ষেত্ৰত থকা আশংকাবোৰকো প্ৰকাশ কৰিছে৷ সাপ্তাহিক স্তৰত নগৰীয়া নিবনুৱাৰ হাৰ ডিচেম্বৰৰ মাজভাগত দুটা অংকৰ হাৰ প্ৰায় ১০.০৯ শতাংশলৈ বৃদ্ধি পাইছিল।


নগৰীয়া নিযুক্তি হৈছে উন্নত বেতনৰ চাকৰিৰ বাবে এক ‘প্ৰক্সি’ আৰু এই সংখ্যা হ্ৰাসৰ ফলত উন্নত বেতনৰ সংগঠিত খণ্ডৰ চাকৰিৰ ওপৰত প্ৰভাৱ প্ৰতিফলিত হয়। অ’মাইক্ৰন প্ৰকাৰৰ দ্বাৰা উদ্ভৱ হোৱা ভাবুকিৰ মাজত ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বহুতো ৰাজ্যই আৰোপ কৰা নতুন নীতি-নিৰ্দেশনাই অৰ্থনৈতিক কাৰ্যকলাপ আৰু ব্যৱহাৰৰ স্তৰ প্ৰভাৱিত কৰিছে। এইটোৱে আগলৈ অৰ্থনৈতিক পুনৰুদ্ধাৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।


ভাৰতত সোমবাৰে ৩৩,৭৫০ টা নতুন ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা আৰু ১২৩গৰাকীৰ মৃত্যু হৈছে৷ একেদৰে আৰোগ্য হৈছে ১০,৮৩৬গৰাকী৷
ডিচেম্বৰৰ সংখ্যাও গুৰুত্বপূৰ্ণ৷ কিয়নো, নতুন ক’ভিড-১৯ ঢৌৰ ফলত ব্যৱসায়ৰ ওপৰত নতুন প্ৰতিবন্ধকতা আৰোপ কৰাৰ আগতেই সেইবোৰে হ্ৰাস হোৱা প্ৰৱণতা দেখুৱাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু