--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত নিৰ্বাচন। কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশতো বিধানসভাৰ নিৰ্বাচনৰ বা বলিছে। দেশৰ মুখ্য নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন। মাত্র কেইটামান দিনৰ পাছতে অন্ত পৰিব প্ৰভাৱশালী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰৰ কাৰ্যকাল। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে। উত্তৰ প্ৰদেশত এতিয়া তুংগত নিৰ্বাচনী প্ৰচাৰ। আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰক্ৰিয়া। শাসক-বিৰোধী উভয় নেতাৰ মাজতে দেখিবলৈ পোৱা গৈছে কথাৰ কটা কটি। প্ৰতিটো ৰাজনৈতিক দলৰে উদ্দেশ্য কেৱল সমাগত বিধানসভা নির্বাচনক লৈয়ে নহয়, আন এটি ডাঙৰ উদ্দেশ্য হ'ল ২০২৪ৰ লোকসভা নির্বাচন। কাৰণ, ৮০ খন লোকসভাৰ আসন থকা উত্তৰ প্ৰদেশে কেন্দ্ৰত চৰকাৰ গঠন কৰোতে এক নিৰ্ণায়ক ভূমিকা পালন কৰে বুলি ভাৰতৰ ৰাজনৈতিক ইতিহাসে সাক্ষ্য দিয়ে। সেয়েহে, উত্তৰ প্ৰদেশত বিধানসভা নির্বাচনক লৈ কঁকাল পোনাইছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলেও। ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্রেছ দলটোৱে দেশত নতুন ৰূপত গঠন হোৱা বুলি প্ৰচাৰ চলাইছে উত্তৰ প্ৰদেশ কংগ্রেছে। প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা হিচাপে কংগ্রেছে ঘোষণা কৰিলে প্ৰথমখন তালিকা। ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা ঘোষণা কৰি উত্তৰ প্ৰদেশত কংগ্রেছে দেখুৱালে অন্য এক চমক। কাৰণ এই প্রথমখন তালিকাতেই কংগ্রেছে ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ ভিতৰত প্ৰাধান্য দিলে ৫০ গৰাকী মহিলা প্ৰাৰ্থীক। ৫০ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাধান্য দি উত্তৰ প্ৰদেশ কংগ্রেছে মন্তব্য কৰে যে, ‘যোগী আদিত্য নাথৰ শাসন কালত লাঞ্ছিত-বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ লোকসকলক বেছিভাগকে আমি প্ৰাৰ্থীত্ব দিম।’ এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়েও যোগী চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নাৰী শক্তিক প্ৰাধান্য দি কংগ্রেছে অনাগত দিনত ন উদ্যমেৰে কাম কৰি যোৱাৰ পৰিকল্পনা কৰা বুলিও মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু