--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত নিৰ্বাচন। কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশতো বিধানসভাৰ নিৰ্বাচনৰ বা বলিছে। দেশৰ মুখ্য নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন। মাত্র কেইটামান দিনৰ পাছতে অন্ত পৰিব প্ৰভাৱশালী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰৰ কাৰ্যকাল। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে। উত্তৰ প্ৰদেশত এতিয়া তুংগত নিৰ্বাচনী প্ৰচাৰ। আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰক্ৰিয়া। শাসক-বিৰোধী উভয় নেতাৰ মাজতে দেখিবলৈ পোৱা গৈছে কথাৰ কটা কটি। প্ৰতিটো ৰাজনৈতিক দলৰে উদ্দেশ্য কেৱল সমাগত বিধানসভা নির্বাচনক লৈয়ে নহয়, আন এটি ডাঙৰ উদ্দেশ্য হ'ল ২০২৪ৰ লোকসভা নির্বাচন। কাৰণ, ৮০ খন লোকসভাৰ আসন থকা উত্তৰ প্ৰদেশে কেন্দ্ৰত চৰকাৰ গঠন কৰোতে এক নিৰ্ণায়ক ভূমিকা পালন কৰে বুলি ভাৰতৰ ৰাজনৈতিক ইতিহাসে সাক্ষ্য দিয়ে। সেয়েহে, উত্তৰ প্ৰদেশত বিধানসভা নির্বাচনক লৈ কঁকাল পোনাইছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলেও। ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্রেছ দলটোৱে দেশত নতুন ৰূপত গঠন হোৱা বুলি প্ৰচাৰ চলাইছে উত্তৰ প্ৰদেশ কংগ্রেছে। প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা হিচাপে কংগ্রেছে ঘোষণা কৰিলে প্ৰথমখন তালিকা। ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা ঘোষণা কৰি উত্তৰ প্ৰদেশত কংগ্রেছে দেখুৱালে অন্য এক চমক। কাৰণ এই প্রথমখন তালিকাতেই কংগ্রেছে ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ ভিতৰত প্ৰাধান্য দিলে ৫০ গৰাকী মহিলা প্ৰাৰ্থীক। ৫০ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাধান্য দি উত্তৰ প্ৰদেশ কংগ্রেছে মন্তব্য কৰে যে, ‘যোগী আদিত্য নাথৰ শাসন কালত লাঞ্ছিত-বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ লোকসকলক বেছিভাগকে আমি প্ৰাৰ্থীত্ব দিম।’ এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়েও যোগী চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নাৰী শক্তিক প্ৰাধান্য দি কংগ্রেছে অনাগত দিনত ন উদ্যমেৰে কাম কৰি যোৱাৰ পৰিকল্পনা কৰা বুলিও মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ