--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডৰ তৃতীয় ঢৌৱে দেশজুৰি উদ্বিগ্নতা সৃষ্টি কৰাৰ সময়তে উত্তৰ প্ৰদেশৰ মুখ্য সচিবৰ দায়িত্বহীন মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ সৈতে বাৰাণসীত উপস্থিত হোৱা প্ৰধান সচিব ড° দুৰ্গাশংকৰ মিশ্ৰাই কয় যে এইটো ক’ভিডপ দ্বিতীয় ঢৌৰ দৰে নহয়, সেয়েহে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ দ্বাৰা সংক্ৰমিত লোকসকল ৭ দিনত আৰোগ্য হৈ আছে।


উত্তৰ প্ৰদেশৰ মুখ্য সচিব মিশ্ৰাই কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অ’মাইক্ৰনৰ সংক্ৰমণ সম্পৰ্কে অদ্ভুত মন্তব্য কৰিছে। তেওঁ কয় যে কৰ’না সংক্ৰমণ চৰ্দি আৰু জ্বৰৰ বাহিৰে আন একো নহয়। এই বিষয়ে আতংকিত হ’ব নালাগে বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ মুখ্য সচিবৰ বক্তব্য এনে এটা সময়ত আহিছে যেতিয়া ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগে কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ৰাজনৈতিক সমদল, ৰোড শ্ব’ আৰু পথসভা ১৫ জানুৱাৰীলৈকে নিষিদ্ধ কৰিছে।


মুখ্য সচিবগৰাকীয়ে অৱশ্যে লোকসকলক ভেকচিনৰ দুয়োটা পালি সম্পন্ন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে, যুৱক-যুৱতীসকলৰ টিকাকৰণ ঠিকেই আছে৷ ক’ভিড সংক্ৰমণ কেৱল আমাৰ অঞ্চলতে নহয় সমগ্ৰ দেশতে আৰু সমগ্ৰ বিশ্বতে বিয়পি আছে। তথ্য অনুসৰি, উত্তৰ প্ৰদেশত যোৱা ২৪ ঘণ্টাত ৭,৬৯৫টা নতুন ক’ভিড সংক্ৰমণ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি