--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডৰ তৃতীয় ঢৌৱে দেশজুৰি উদ্বিগ্নতা সৃষ্টি কৰাৰ সময়তে উত্তৰ প্ৰদেশৰ মুখ্য সচিবৰ দায়িত্বহীন মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ সৈতে বাৰাণসীত উপস্থিত হোৱা প্ৰধান সচিব ড° দুৰ্গাশংকৰ মিশ্ৰাই কয় যে এইটো ক’ভিডপ দ্বিতীয় ঢৌৰ দৰে নহয়, সেয়েহে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ দ্বাৰা সংক্ৰমিত লোকসকল ৭ দিনত আৰোগ্য হৈ আছে।


উত্তৰ প্ৰদেশৰ মুখ্য সচিব মিশ্ৰাই কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অ’মাইক্ৰনৰ সংক্ৰমণ সম্পৰ্কে অদ্ভুত মন্তব্য কৰিছে। তেওঁ কয় যে কৰ’না সংক্ৰমণ চৰ্দি আৰু জ্বৰৰ বাহিৰে আন একো নহয়। এই বিষয়ে আতংকিত হ’ব নালাগে বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ মুখ্য সচিবৰ বক্তব্য এনে এটা সময়ত আহিছে যেতিয়া ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগে কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ৰাজনৈতিক সমদল, ৰোড শ্ব’ আৰু পথসভা ১৫ জানুৱাৰীলৈকে নিষিদ্ধ কৰিছে।


মুখ্য সচিবগৰাকীয়ে অৱশ্যে লোকসকলক ভেকচিনৰ দুয়োটা পালি সম্পন্ন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে, যুৱক-যুৱতীসকলৰ টিকাকৰণ ঠিকেই আছে৷ ক’ভিড সংক্ৰমণ কেৱল আমাৰ অঞ্চলতে নহয় সমগ্ৰ দেশতে আৰু সমগ্ৰ বিশ্বতে বিয়পি আছে। তথ্য অনুসৰি, উত্তৰ প্ৰদেশত যোৱা ২৪ ঘণ্টাত ৭,৬৯৫টা নতুন ক’ভিড সংক্ৰমণ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক