--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যই সচকিত কৰিছে সমগ্ৰ বিশ্বক৷ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে স্বীকাৰ কৰিছে যে তেওঁৰ চৰকাৰে বিশ্বজুৰি Covid-19 মহামাৰীৰ প্ৰভাৱ বুজিবলৈ লেহেমীয়া কৰিছিল। যোৱা বুধবাৰে (৬ ডিচেম্বৰ) ব্ৰিটেইনৰ Covid-19 তদন্ত সমিতিৰ সন্মুখত তেওঁ মৃতক আৰু তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালক ক্ষমা বিচাৰিছিল।

জনছনে কয় যে, ‘'মই ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ অনুভৱ বুজি পাওঁ আৰু তেওঁলোকৰ যন্ত্ৰণা, ক্ষতি আৰু দুখ-কষ্টৰ বাবে মই গভীৰভাৱে দুখী।’'মহামাৰীৰ সময়ত ব্ৰিটেইনৰ স্বাস্থ্য সচিব হিচাপে থকা মেট হেনককে যোৱা সপ্তাহত তদন্তৰ আগত কয় যে ২০২০ চনৰ ২৩ মাৰ্চৰ কেইসপ্তাহমানৰ আগতে দেশখনত লকডাউন আৰোপ কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন বুলি চৰকাৰক সকীয়াই দিবলৈ চেষ্টা কৰিছিল যদিও সকলো সিদ্ধান্তৰ ব্যক্তিগত দায়িত্ব লৈ ২০১৯ চনৰ পৰা ২০২২ চনলৈ প্ৰধানমন্ত্ৰী হিচাপে থকা জনছনে এনে কৰাৰ পৰা বিৰত থাকে৷

উল্লেখ্য যে, ২০২০ চনৰ মাৰ্চৰ পৰা ২০২১ চনৰ জুলাই মাহৰ ভিতৰত Covid-19ত আক্ৰান্ত হৈ ব্ৰিটেইনত ২,৩০,০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল, যিটো পশ্চিমীয়া দেশসমূহৰ জনমূৰি মৃত্যুৰ সংখ্যাৰ অন্যতম ভয়াৱহ পৰিসংখ্যা।তদন্ত সমিতিৰ অধিবক্তা হুগো কিথৰ বিৰুদ্ধে ইউৰোপীয় প্ৰতিবেশী দেশসমূহতকৈ ব্ৰিটেইনৰ এই মহামাৰীৰ অৱস্থা বেয়া বুলি কৰা দাবীৰ সন্মুখীন হৈ জনছনে যুক্তি দিছিল যে ‘প্ৰতিখন দেশেই নতুন মহামাৰীৰ সৈতে যুঁজি আছে’। তেওঁ লগতে কয় যে ব্ৰিটেইনত ‘অতি বৃদ্ধ জনসংখ্যা’ আছে আৰু মহাদেশখনৰ অন্যতম ঘন জনবসতিপূৰ্ণ দেশ।

ইপিনে শোকসন্তপ্ত পৰিয়ালৰ হেঁচাত ২০২১ চনৰ শেষৰ ফালে জনছনে ক’ভিড টেষ্ট কৰিবলৈ সন্মত হয়। মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ সতীৰ্থসকলে বৈজ্ঞানিক বুজাবুজিৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছিল।উল্লেখ্য যে, মহামাৰীৰ সময়ত জনছনৰ চ্যান্সেলৰ (বিত্তমন্ত্ৰী) হিচাপে থকা ব্ৰিটেইনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি সুনকক অনাগত সপ্তাহত জেৰা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ