--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যই সচকিত কৰিছে সমগ্ৰ বিশ্বক৷ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে স্বীকাৰ কৰিছে যে তেওঁৰ চৰকাৰে বিশ্বজুৰি Covid-19 মহামাৰীৰ প্ৰভাৱ বুজিবলৈ লেহেমীয়া কৰিছিল। যোৱা বুধবাৰে (৬ ডিচেম্বৰ) ব্ৰিটেইনৰ Covid-19 তদন্ত সমিতিৰ সন্মুখত তেওঁ মৃতক আৰু তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালক ক্ষমা বিচাৰিছিল।

জনছনে কয় যে, ‘'মই ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ অনুভৱ বুজি পাওঁ আৰু তেওঁলোকৰ যন্ত্ৰণা, ক্ষতি আৰু দুখ-কষ্টৰ বাবে মই গভীৰভাৱে দুখী।’'মহামাৰীৰ সময়ত ব্ৰিটেইনৰ স্বাস্থ্য সচিব হিচাপে থকা মেট হেনককে যোৱা সপ্তাহত তদন্তৰ আগত কয় যে ২০২০ চনৰ ২৩ মাৰ্চৰ কেইসপ্তাহমানৰ আগতে দেশখনত লকডাউন আৰোপ কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন বুলি চৰকাৰক সকীয়াই দিবলৈ চেষ্টা কৰিছিল যদিও সকলো সিদ্ধান্তৰ ব্যক্তিগত দায়িত্ব লৈ ২০১৯ চনৰ পৰা ২০২২ চনলৈ প্ৰধানমন্ত্ৰী হিচাপে থকা জনছনে এনে কৰাৰ পৰা বিৰত থাকে৷

উল্লেখ্য যে, ২০২০ চনৰ মাৰ্চৰ পৰা ২০২১ চনৰ জুলাই মাহৰ ভিতৰত Covid-19ত আক্ৰান্ত হৈ ব্ৰিটেইনত ২,৩০,০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল, যিটো পশ্চিমীয়া দেশসমূহৰ জনমূৰি মৃত্যুৰ সংখ্যাৰ অন্যতম ভয়াৱহ পৰিসংখ্যা।তদন্ত সমিতিৰ অধিবক্তা হুগো কিথৰ বিৰুদ্ধে ইউৰোপীয় প্ৰতিবেশী দেশসমূহতকৈ ব্ৰিটেইনৰ এই মহামাৰীৰ অৱস্থা বেয়া বুলি কৰা দাবীৰ সন্মুখীন হৈ জনছনে যুক্তি দিছিল যে ‘প্ৰতিখন দেশেই নতুন মহামাৰীৰ সৈতে যুঁজি আছে’। তেওঁ লগতে কয় যে ব্ৰিটেইনত ‘অতি বৃদ্ধ জনসংখ্যা’ আছে আৰু মহাদেশখনৰ অন্যতম ঘন জনবসতিপূৰ্ণ দেশ।

ইপিনে শোকসন্তপ্ত পৰিয়ালৰ হেঁচাত ২০২১ চনৰ শেষৰ ফালে জনছনে ক’ভিড টেষ্ট কৰিবলৈ সন্মত হয়। মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ সতীৰ্থসকলে বৈজ্ঞানিক বুজাবুজিৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছিল।উল্লেখ্য যে, মহামাৰীৰ সময়ত জনছনৰ চ্যান্সেলৰ (বিত্তমন্ত্ৰী) হিচাপে থকা ব্ৰিটেইনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি সুনকক অনাগত সপ্তাহত জেৰা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী