--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো পুনৰ ক’ভিডৰ আশংকাই গা কৰি উঠাৰ সময়তে ভাৰতত উপস্থিত হৈছে বিশ্ব সাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ ঘেব্ৰিয়েছাছ। গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁ হু-গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত ভাগ লয়। গুজৰাটৰ জামনগৰত এই কাৰ্যসূচী ৰূপায়নৰ পাছতে ‘হু’ৰ মুৰব্বীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা লোকসকলক সম্বোধন কৰে। ‘নমস্তে’ বুলি আৰম্ভ কৰা ভাষণত তেওঁ গুজৰাটী ভাষাতো সমবেত লোকসকলক সম্বোধন কৰে। ‘কেম চো বাধ্ধা? মাজা মা?’ বুলি সমবেত লোকসকলক সম্বোধন কৰা ঘেব্ৰিয়েছাছে গুজৰাটী ভাষাতে গুজৰাটলৈ আহি তেওঁ সুখী হোৱা বুলিও ব্যক্ত কৰে।

 

গুজৰাটত স্থাপন হ’বলগীয়া এই গোলকীয় পৰম্পৰাগত ঔষধি কেন্দ্ৰটোৰ গুৰুত্ব সম্পৰ্কতো তেওঁ ব্যাখ্য কৰে। বিশাল বাজেটেৰে নিৰ্মাণ হ’বলগীয়া এই গোলকীয় ঔষধি কেন্দ্ৰৰ গুৰু্ত্বৰ বিষয়ে ব্যাখ্য কৰি ভাৰতক প্ৰশংসাৰে তেওঁ কয় যে, এয়া প্ৰকৃততেই এটা গোলকীয় প্ৰকল্প। ইয়াৰ অৰ্থ এয়াই যে, ভাৰতৰ এই প্ৰকল্পই বিশ্বজনীন ৰূপ ল’ব আৰু সমগ্ৰ বিশ্ব ভাৰতলৈ আহিব।’ হুৰ মুৰব্বীৰ এই উচ্ছ্বসিত মন্তব্য আৰু প্ৰশংসাবাণী ভাৰতৰ বাবে নিসন্দেহে এক উল্লেখনীয় কথা। কিন্তু এইখিনিতে এটা অন্য প্ৰসংগয়ো চৰ্চা লাভ কৰা দেখা গৈছে।

 

ক’ভিডৰ প্ৰসংগই বিগত দুটা বছৰে দেশক ব্যাপকভাৱে প্ৰভাৱিত কৰা দেখা গৈছিল। এতিয়াও বিশ্বত ক’ভিডৰ শংকা শেষ হোৱা নাই বুলি সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই। তাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অনা এটা অভিযোগে ব্যাপক চৰ্চা লাভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা গাপ দিয়াৰ অভিযোগ তুলিছিল ৰাহুলে। নিউয়ৰ্ক টাইমছৰ এটা বাতৰিৰ উদ্ধৃতি দি ৰাহুলে অভিযোগ কৰিছিল যে, কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতাৰ বাবেই ভাৰতত ৪০ লাখ লোকে ক’ভিডত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ৰাহুলৰ এই অভিযোগ অতি বিস্ফোৰক। কিন্তু তেওঁৰ এই অভিযোগক খুব গুৰুত্ব সহকাৰে লোৱা দেখা পোৱা নগ’ল। কেন্দ্ৰই এই অভিযোগৰ কোনো প্ৰত্যুত্তৰো নিদিলে।

 

মন কৰিবলগীয়া কথাটো হৈছে যে, দেশত ক’ভিডৰ দ্বিতীয় ঢৌ চলি থকা সময়ত গংগাৰে হাজাৰ হাজাৰ মৃতদেহ উটি অহাৰ ঘটনা ঘটিছিল। বালিত পুতি থোৱা মৃতদেহটো উদ্ধাৰ কৰা হৈছিল। এই মৃতদেহবোৰ ক’ভিডত মৃত লোকৰ বুলি অভিযোগ কৰিছিল যদিও চৰকাৰে এই সন্দৰ্ভত কোনো স্পষ্ট উত্তৰ নিদিলে আৰু তাৰ তদন্ত নকৰালে। কেৱল এয়াই নহয় ক’ভিডৰ দ্বিতীয় লহৰ চলি থকা সময়ত বিভিন্ন শ্মশানৰ দুৱাৰমুখত আপোনজনৰ মৃতদেহ সাবটি বহি থকা দুৰ্ভগীয়া লোকৰ ছবি সুলভ হৈ পৰিছিল। গতিকে মৃতৰ পৰিসংখ্য লুকুওৱা বুলি ৰাহুলে কৰা অভিযোগ নিশ্চয় অমূলক বুলিব নোৱাৰি। বিষয়টো সন্দৰ্ভত চৰকাৰৰ মৌনতাই অন্য এক ৰহস্যৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ‘হু’ৰ মুৰব্বীৰ গুজৰাট ভ্ৰমণ তথা গোলকীয় পৰম্পৰাগত ঔষধি কেন্দ্ৰ নিৰ্মাণৰ দৰে চমকেৰে বাস্তৱক ঢাকি ৰখাটো সদায় সম্ভৱ হ’ব জানো?


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল