--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো পুনৰ ক’ভিডৰ আশংকাই গা কৰি উঠাৰ সময়তে ভাৰতত উপস্থিত হৈছে বিশ্ব সাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ ঘেব্ৰিয়েছাছ। গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁ হু-গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত ভাগ লয়। গুজৰাটৰ জামনগৰত এই কাৰ্যসূচী ৰূপায়নৰ পাছতে ‘হু’ৰ মুৰব্বীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা লোকসকলক সম্বোধন কৰে। ‘নমস্তে’ বুলি আৰম্ভ কৰা ভাষণত তেওঁ গুজৰাটী ভাষাতো সমবেত লোকসকলক সম্বোধন কৰে। ‘কেম চো বাধ্ধা? মাজা মা?’ বুলি সমবেত লোকসকলক সম্বোধন কৰা ঘেব্ৰিয়েছাছে গুজৰাটী ভাষাতে গুজৰাটলৈ আহি তেওঁ সুখী হোৱা বুলিও ব্যক্ত কৰে।

 

গুজৰাটত স্থাপন হ’বলগীয়া এই গোলকীয় পৰম্পৰাগত ঔষধি কেন্দ্ৰটোৰ গুৰুত্ব সম্পৰ্কতো তেওঁ ব্যাখ্য কৰে। বিশাল বাজেটেৰে নিৰ্মাণ হ’বলগীয়া এই গোলকীয় ঔষধি কেন্দ্ৰৰ গুৰু্ত্বৰ বিষয়ে ব্যাখ্য কৰি ভাৰতক প্ৰশংসাৰে তেওঁ কয় যে, এয়া প্ৰকৃততেই এটা গোলকীয় প্ৰকল্প। ইয়াৰ অৰ্থ এয়াই যে, ভাৰতৰ এই প্ৰকল্পই বিশ্বজনীন ৰূপ ল’ব আৰু সমগ্ৰ বিশ্ব ভাৰতলৈ আহিব।’ হুৰ মুৰব্বীৰ এই উচ্ছ্বসিত মন্তব্য আৰু প্ৰশংসাবাণী ভাৰতৰ বাবে নিসন্দেহে এক উল্লেখনীয় কথা। কিন্তু এইখিনিতে এটা অন্য প্ৰসংগয়ো চৰ্চা লাভ কৰা দেখা গৈছে।

 

ক’ভিডৰ প্ৰসংগই বিগত দুটা বছৰে দেশক ব্যাপকভাৱে প্ৰভাৱিত কৰা দেখা গৈছিল। এতিয়াও বিশ্বত ক’ভিডৰ শংকা শেষ হোৱা নাই বুলি সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই। তাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অনা এটা অভিযোগে ব্যাপক চৰ্চা লাভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা গাপ দিয়াৰ অভিযোগ তুলিছিল ৰাহুলে। নিউয়ৰ্ক টাইমছৰ এটা বাতৰিৰ উদ্ধৃতি দি ৰাহুলে অভিযোগ কৰিছিল যে, কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতাৰ বাবেই ভাৰতত ৪০ লাখ লোকে ক’ভিডত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ৰাহুলৰ এই অভিযোগ অতি বিস্ফোৰক। কিন্তু তেওঁৰ এই অভিযোগক খুব গুৰুত্ব সহকাৰে লোৱা দেখা পোৱা নগ’ল। কেন্দ্ৰই এই অভিযোগৰ কোনো প্ৰত্যুত্তৰো নিদিলে।

 

মন কৰিবলগীয়া কথাটো হৈছে যে, দেশত ক’ভিডৰ দ্বিতীয় ঢৌ চলি থকা সময়ত গংগাৰে হাজাৰ হাজাৰ মৃতদেহ উটি অহাৰ ঘটনা ঘটিছিল। বালিত পুতি থোৱা মৃতদেহটো উদ্ধাৰ কৰা হৈছিল। এই মৃতদেহবোৰ ক’ভিডত মৃত লোকৰ বুলি অভিযোগ কৰিছিল যদিও চৰকাৰে এই সন্দৰ্ভত কোনো স্পষ্ট উত্তৰ নিদিলে আৰু তাৰ তদন্ত নকৰালে। কেৱল এয়াই নহয় ক’ভিডৰ দ্বিতীয় লহৰ চলি থকা সময়ত বিভিন্ন শ্মশানৰ দুৱাৰমুখত আপোনজনৰ মৃতদেহ সাবটি বহি থকা দুৰ্ভগীয়া লোকৰ ছবি সুলভ হৈ পৰিছিল। গতিকে মৃতৰ পৰিসংখ্য লুকুওৱা বুলি ৰাহুলে কৰা অভিযোগ নিশ্চয় অমূলক বুলিব নোৱাৰি। বিষয়টো সন্দৰ্ভত চৰকাৰৰ মৌনতাই অন্য এক ৰহস্যৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ‘হু’ৰ মুৰব্বীৰ গুজৰাট ভ্ৰমণ তথা গোলকীয় পৰম্পৰাগত ঔষধি কেন্দ্ৰ নিৰ্মাণৰ দৰে চমকেৰে বাস্তৱক ঢাকি ৰখাটো সদায় সম্ভৱ হ’ব জানো?


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ