--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিয়াত বহিবলৈ অনিচ্ছুক মহিলাই কাটিলে যুৱকৰ ডিঙি৷ অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এক নিৰ্মম ঘটনা৷ জানিবলৈ পৰা মতে, পিতৃ-মাতৃয়ে বাছনি কৰা পুৰুষজনক বিয়া কৰাবলৈ অনিচ্ছুক আছিল মহিলাগৰাকী৷ যাৰফলত মিহিলাগৰাকীয়ে যুৱকজনৰ ডিঙি কটাৰ দৰে ঘটনাৰ সংঘটিত কৰে ৷  

যুৱকজন হৈছে ৰামু নাইডু৷ তেওঁ এজন ঔদ্যোগিক গৱেষণা পৰিষদৰ (চিএছআইআৰ) বৈজ্ঞানিক। তেওঁক ইতিমধ্যই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো বিশাখাপত্তনমৰ চোদাভাৰামত সংঘটিত হৈছে। ৰামু নাইডুৱে পুষ্পা নামৰ এগৰাকী যুৱতীৰ সৈতে অহা মাহত বিয়া বহাৰ কথা আছিল। পুষ্পাই নাইডুক ছাৰপ্ৰাইজ দিবলৈ এটি পাহাৰিয়া এলেকাই ফুৰিবলৈ যাৱলৈ অনুৰোধ কৰিছিল ৷ ইপিনে আৰক্ষীয়ে প্ৰকাশ কৰা মতে,  'ছাৰপ্ৰাইজ ডেট'লৈ নাইডুক মাতি মহিলাগৰাকীয়ে ক্ৰয় কৰিছিল ৩খনকৈ ছুৰীও৷ তাত, পুষ্পাই নাইডুৰ ডিঙিত ছুৰীৰে আক্ৰমণ কৰে, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰে। 

প্ৰকাশিত এক ভিজুৱেলত দেখা গৈছিল যে মানুহজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, তেওঁৰ বগা চাৰ্টটো তেজেৰে লুটুৰি-পুটুৰি হৈ আছে। মহিলাগৰাকীয়ে আৰক্ষীক কয় যে তেওঁ নাইডুক বিয়া কৰাব নিবিচাৰে, যাক তেওঁৰ পিতৃ-মাতৃয়ে বাছনি কৰিছিল। লগতে পুষ্পাই কয় যে এই বিয়াখনক লৈ বহুবাৰ আপত্তি কৰিছিল, কিন্তু  তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক কোনো কথাক আওকাণ কৰিছিল ৷ যাৰফলত এনে ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল পুষ্পা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ