--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিয়াত বহিবলৈ অনিচ্ছুক মহিলাই কাটিলে যুৱকৰ ডিঙি৷ অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এক নিৰ্মম ঘটনা৷ জানিবলৈ পৰা মতে, পিতৃ-মাতৃয়ে বাছনি কৰা পুৰুষজনক বিয়া কৰাবলৈ অনিচ্ছুক আছিল মহিলাগৰাকী৷ যাৰফলত মিহিলাগৰাকীয়ে যুৱকজনৰ ডিঙি কটাৰ দৰে ঘটনাৰ সংঘটিত কৰে ৷  

যুৱকজন হৈছে ৰামু নাইডু৷ তেওঁ এজন ঔদ্যোগিক গৱেষণা পৰিষদৰ (চিএছআইআৰ) বৈজ্ঞানিক। তেওঁক ইতিমধ্যই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো বিশাখাপত্তনমৰ চোদাভাৰামত সংঘটিত হৈছে। ৰামু নাইডুৱে পুষ্পা নামৰ এগৰাকী যুৱতীৰ সৈতে অহা মাহত বিয়া বহাৰ কথা আছিল। পুষ্পাই নাইডুক ছাৰপ্ৰাইজ দিবলৈ এটি পাহাৰিয়া এলেকাই ফুৰিবলৈ যাৱলৈ অনুৰোধ কৰিছিল ৷ ইপিনে আৰক্ষীয়ে প্ৰকাশ কৰা মতে,  'ছাৰপ্ৰাইজ ডেট'লৈ নাইডুক মাতি মহিলাগৰাকীয়ে ক্ৰয় কৰিছিল ৩খনকৈ ছুৰীও৷ তাত, পুষ্পাই নাইডুৰ ডিঙিত ছুৰীৰে আক্ৰমণ কৰে, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰে। 

প্ৰকাশিত এক ভিজুৱেলত দেখা গৈছিল যে মানুহজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, তেওঁৰ বগা চাৰ্টটো তেজেৰে লুটুৰি-পুটুৰি হৈ আছে। মহিলাগৰাকীয়ে আৰক্ষীক কয় যে তেওঁ নাইডুক বিয়া কৰাব নিবিচাৰে, যাক তেওঁৰ পিতৃ-মাতৃয়ে বাছনি কৰিছিল। লগতে পুষ্পাই কয় যে এই বিয়াখনক লৈ বহুবাৰ আপত্তি কৰিছিল, কিন্তু  তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক কোনো কথাক আওকাণ কৰিছিল ৷ যাৰফলত এনে ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল পুষ্পা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত