--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্গা পূজা সমীপত। সমগ্ৰ দেশতে দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে। পশ্চিম বংগত এই উৎসৱক লৈ এক সুকীয়া উত্তেজনা। এই সময়ছোৱাত বংগত দুৰ্গা দেৱীৰ গ্ৰেণ্ড পেণ্ডেল সজাই পৰাই বিভিন্ন ধৰণৰ ব্যঞ্জনো প্ৰস্তুত কৰা হয়। আনহাতে এই উৎসৱৰ সময়ত পশ্চিম বংগৰ কাৰাগাৰত থকা কয়দীসকলেও লাভ কৰিব সুস্বাদু খাদ্য।




উৎসৱৰ সময়ত খাদ্য তালিকাৰ পৰিৱৰ্তনৰ বাবে কাৰাবন্দীসকলে আবেদন জনায়। এনে পৰিস্থিতিত ষষ্ঠীৰ পৰা দশমীলৈকে কাৰাগাৰ কৰ্তৃপক্ষই এই কয়দীসকলৰ বাবে সুস্বাদু খাদ্যৰ যোগান ধৰে। ইয়াৰ সন্দৰ্ভত বিষয়াসকলে কয় যে খাদ্যৰ এটা সৰু অংশ আগতেই সঞ্চয় কৰি এই কাম কৰা হয়, যাতে কোনো অতিৰিক্ত ব্যয় নহয়।


দুৰ্গা পূজাৰ বাবে পশ্চিমবংগৰ কয়দীসকলৰ বাবে বিশেষ খাদ্য তালিকা প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত আছে মাচ্হেৰ মাথা দিয়ে পুই শাক (মাছৰ মূৰ দিয়া কচু শাক), মাচ্হেৰ মাথা দিয়ে দল (মাছৰ মূৰ থকা বাংলা মগু দাইল), লুচি ছোলাৰ দল (বাংলা বুত দাইল পুৰী), পায়েশ (পায়স), চিকেন কাৰি , আলু পটোল চিংৰি ( পটল আৰু আলুৰ সৈতে বাংলা চিংৰা), ৰাইটাৰ সৈতে মাটন বিৰিয়ানী, বাসন্তী পুলাও (কাজু বাদাম আৰু কিচমিচৰ সৈতে ঘিউত তিয়াই থোৱা মিঠা হালধীয়া পুলাও)।



Indian Chicken Dum Biryani, 1Kg, Packaging Type: Packet at best price in  Pune

বাৰাকপুৰ চাব ৰিফৰ্মেচন হোমৰ এগৰাকী জ্যেষ্ঠ কাৰাগাৰ কৰ্তৃপক্ষই জনায় যে, ‘‘কাৰাগাৰৰ এখন সংস্কাৰ গৃহ। কয়দীসকলে আমাক উৎসৱৰ আগতে খাদ্যৰ তালিকা পৰিৱৰ্তন বিচাৰি আবেদন লিখিছে। আমিও এইবাৰ খাদ্যৰ তালিকাৰ সৈতে সংস্কাৰ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিছো। এইসকল কয়দীৰ মুখত হাঁহি বিৰিঙাবলৈ আমাৰ প্ৰচেষ্টা চলোৱা হৈছে ৷’’ বুৰ্ডৱান কেন্দ্ৰীয় সংশোধনী গৃহৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে এতিয়া কাৰাগাৰৰ কেণ্টিনত ৰান্ধনী আৰু সহায়ক হিচাপে কাম কৰা কয়দীসকলে এই সকলোবোৰ পাঁচদিনীয়া উদযাপনৰ বাবে প্ৰস্তুত কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ