--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰকাৰ খনে নিজৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ সাংবিধান প্ৰদত্ত বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ বিভিন্ন অচিলাৰে খৰ্ব কৰি অহা পৰিলক্ষিত হৈ আহিছে৷ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক গুৰুত্ব পূৰ্ণ ৰায় প্ৰদান কৰিছে৷ বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ ওপৰত আলোকপাত কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰৰ সমালোচনা বুলি ধৰা লেখাৰ বাবে সাংবাদিকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰাৰ কাৰণ হ’ব নোৱাৰে বুলি ৰায়দান দিছে।

গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত নিজৰ মত প্ৰকাশৰ স্বাধীনতাক সন্মান কৰা হয় আৰু সাংবাদিকৰ অধিকাৰ সুৰক্ষিত কৰা হয় বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে৷ 

ন্যায়াধীশ হৃষিকেশ ৰায় আৰু এছ ভি এন ভট্টীৰে গঠিত বিচাৰপীঠখনে, প্ৰশাসনৰ জাতিগত গতিশীলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ‘যাদৱ ৰাজ বনাম ঠাকুৰ ৰাজ’ শীৰ্ষক বাতৰি প্ৰকাশ কৰাৰ অভিযোগত উত্তৰ প্ৰদেশত সাংবাদিক অভিষেক উপাধ্যায়ৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিবলৈ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷

এফআইআৰ ফাইল কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল অভিষেক উপাধ্যায়। ৪ অক্টোবৰত উপাধ্যায়ৰ হৈ উচ্চতম ন্যায়ালয়ত হাজিৰ হোৱা অধিবক্তা অনুপ প্ৰকাশে কয় যে যেতিয়াৰ পৰা “যাদৱ ৰাজ বনাম ঠাকুৰ ৰাজ” শীৰ্ষক লেখাটো এক্সত পোষ্ট কৰা হৈছিল, তেতিয়াৰ পৰা উপাধ্যায়ক ভাবুকি আৰু গালি-গালাজৰ সন্মুখীন হৈছিল সাংবাদিক অভিষেক উপাধ্যায়ে উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সুৰক্ষা লাভ কৰিছিল৷

এই সন্দৰ্ভত যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ সঁহাৰি বিচাৰি জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ গোচৰৰ সৈতে জড়িত আবেদনকাৰীৰ বিৰুদ্ধে জোৰ-জবৰদস্তি পদক্ষেপ গ্ৰহণ কৰা উচিত নহয় বুলি সকিয়াই দিছে ন্যায়ালয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু