--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰকাৰ খনে নিজৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ সাংবিধান প্ৰদত্ত বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ বিভিন্ন অচিলাৰে খৰ্ব কৰি অহা পৰিলক্ষিত হৈ আহিছে৷ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক গুৰুত্ব পূৰ্ণ ৰায় প্ৰদান কৰিছে৷ বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ ওপৰত আলোকপাত কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰৰ সমালোচনা বুলি ধৰা লেখাৰ বাবে সাংবাদিকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰাৰ কাৰণ হ’ব নোৱাৰে বুলি ৰায়দান দিছে।

গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত নিজৰ মত প্ৰকাশৰ স্বাধীনতাক সন্মান কৰা হয় আৰু সাংবাদিকৰ অধিকাৰ সুৰক্ষিত কৰা হয় বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে৷ 

ন্যায়াধীশ হৃষিকেশ ৰায় আৰু এছ ভি এন ভট্টীৰে গঠিত বিচাৰপীঠখনে, প্ৰশাসনৰ জাতিগত গতিশীলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ‘যাদৱ ৰাজ বনাম ঠাকুৰ ৰাজ’ শীৰ্ষক বাতৰি প্ৰকাশ কৰাৰ অভিযোগত উত্তৰ প্ৰদেশত সাংবাদিক অভিষেক উপাধ্যায়ৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিবলৈ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷

এফআইআৰ ফাইল কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল অভিষেক উপাধ্যায়। ৪ অক্টোবৰত উপাধ্যায়ৰ হৈ উচ্চতম ন্যায়ালয়ত হাজিৰ হোৱা অধিবক্তা অনুপ প্ৰকাশে কয় যে যেতিয়াৰ পৰা “যাদৱ ৰাজ বনাম ঠাকুৰ ৰাজ” শীৰ্ষক লেখাটো এক্সত পোষ্ট কৰা হৈছিল, তেতিয়াৰ পৰা উপাধ্যায়ক ভাবুকি আৰু গালি-গালাজৰ সন্মুখীন হৈছিল সাংবাদিক অভিষেক উপাধ্যায়ে উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সুৰক্ষা লাভ কৰিছিল৷

এই সন্দৰ্ভত যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ সঁহাৰি বিচাৰি জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ গোচৰৰ সৈতে জড়িত আবেদনকাৰীৰ বিৰুদ্ধে জোৰ-জবৰদস্তি পদক্ষেপ গ্ৰহণ কৰা উচিত নহয় বুলি সকিয়াই দিছে ন্যায়ালয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement