--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত চীনৰ সেনাই চলোৱা আগ্ৰাসনক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শুকুৰবাৰে অৰ্থাৎ কাইলৈ প্ৰথমবাৰৰ বাবে মুখামুখী হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং।২০২০ চনত এছিয়াৰ দুখন শক্তিশালী দেশৰ মাজত আৰম্ভ হোৱা সংঘতাৰ পিছত এয়া হ’ব দেশ দুখনৰ শীৰ্ষ ৰাজনীতিকৰ প্ৰথম সাক্ষাৎ।  

উজবেকিস্তানৰ  চহৰ চামাৰ্কন্দত অনুষ্ঠিত হোৱা  ছাংহাই সহযোগিতা সংস্থা (এছচিঅ') ৰ   আঞ্চলিক সুৰক্ষা গোটৰ এখন সন্মিলনত ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী  মোডীয়ে বৃহস্পতিবাৰে উজবেকিস্তানলৈ গৈছে।   সন্মিলনৰ সময়তে মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠকত মিলিত হ’ব। 
প্ৰধানমন্ত্ৰীয়ে  কাৰ্যালয়ে  এই প্ৰসংগত কয়, "এছচিঅ' সন্মিলনত মই সাময়িক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়, এছচিঅ'ৰ সম্প্ৰসাৰণ আৰু সংগঠনটোৰ ভিতৰত বহুমুখী আৰু পাৰস্পৰিক ভাৱে লাভজনক সহযোগিতা অধিক বৃদ্ধি কৰাৰ ক্ষেত্ৰত মত বিনিময় কৰিম।"তেওঁ লগতে কয় যে সন্মিলনখনত বাণিজ্য, অৰ্থনীতি, সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত কেইবাটাও সিদ্ধান্ত লোৱা হ'ব বুলি আশা কৰা হৈছে।

উল্লেখ্য লাডাখকলৈ অচলাৱস্থা আৰম্ভ হোৱাৰ পিছৰে পৰা মোদী আৰু জিনপিঙে  ইজনে সিজনৰ সৈতে আনুষ্ঠানিকভাবে কথা পতা নাই।লাডাখত চীনৰ সেনাই আগ্ৰাসন চলোৱাক লৈ বিগত কিছু বছৰ ধৰি ভাৰত আৰু চীনৰ মাজত সংঘাত অব্যাহত আছে। এনে সংঘাতৰ পৰিণতিতে কুৰি জনকৈ ভাৰতীয় সেনাৰ প্ৰাণো গৈছে। ইয়াৰ মাজতে ভাৰত আৰু চীনৰ মাজত লাডাখ সংকটকলৈ ১৬ লানি আলোচনা অনুষ্ঠিত হৈছে। শেহতীয়া আলোচনামৰ্মে  দুয়োখন দেশে পূব লাডাখৰ গোগ্ৰা আৰু হট স্প্ৰিং অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা আৰম্ভ কৰিছে।

 প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে  দুয়োখন দেশৰ মাজত অনুষ্ঠিত ১৬ সংখ্যক বৈঠকত হোৱা সহমতৰ ভিত্তিত সৈন্য প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে। ২০২০ চনৰ  ১৫ জুনত পূব লাডাখৰ গালোৱান উপত্যকাত  ভাৰতীয় সেনা আৰু চীনা সেনাৰ (পিএলএ) মাজত এক ৰক্তক্ষয়ী সংঘৰ্ষ হৈছিল। পৰৱৰ্তী পৰ্যায়ত, উত্তেজনা হ্ৰাস কৰিবলৈ সামৰিক আৰু কূটনৈতিক পৰ্যায়ত আলোচনা আৰম্ভ হয়। আলোচনাৰ আধাৰত দুয়োখন দেশে   সৈন্যৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লয়।অৱশ্যে বহু লানি আলোচনাৰ পিছতো চীনে লাডাখৰ পৰা সেনা আঁতৰাই নিয়া নাছিল। 

দুয়োখন দেশে শেহতীয়াকৈ  এক যুটীয়া বিবৃতিত কয়, "শেহতীয়া ১৬ লানি বৈঠকৰ আধাৰত গোগ্ৰা-হটস্প্ৰিং (পেট্ৰলিং পইণ্ট-১৫)ৰ পৰা  পৰিকল্পিত ভাৱে সৈন্য প্ৰত্যাহাৰ আৰম্ভ হৈছে।" দুয়োপক্ষই আশা ব্যক্ত কৰে যে এই পদক্ষেপে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাত সহায় কৰিব।লাডাখ প্ৰসংগত দুয়োখন দেশৰ  ইতিবাচক পদক্ষেপে এছচিঅ'ত একেখন মঞ্চত উপস্থিত থকা দুয়োখন দেশৰ নেতাৰ মাজত  বৈঠক অনুষ্ঠিত হোৱাৰ  সম্ভাৱনা বৃদ্ধি কৰিছে।কূটনৈতিক সূত্ৰৰ মতে মোদী  আৰু জিনপিঙে কিছু সময়ৰ বাবে লাডাখ সমস্যাকলৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন