--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত চীনৰ সেনাই চলোৱা আগ্ৰাসনক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শুকুৰবাৰে অৰ্থাৎ কাইলৈ প্ৰথমবাৰৰ বাবে মুখামুখী হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং।২০২০ চনত এছিয়াৰ দুখন শক্তিশালী দেশৰ মাজত আৰম্ভ হোৱা সংঘতাৰ পিছত এয়া হ’ব দেশ দুখনৰ শীৰ্ষ ৰাজনীতিকৰ প্ৰথম সাক্ষাৎ।  

উজবেকিস্তানৰ  চহৰ চামাৰ্কন্দত অনুষ্ঠিত হোৱা  ছাংহাই সহযোগিতা সংস্থা (এছচিঅ') ৰ   আঞ্চলিক সুৰক্ষা গোটৰ এখন সন্মিলনত ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী  মোডীয়ে বৃহস্পতিবাৰে উজবেকিস্তানলৈ গৈছে।   সন্মিলনৰ সময়তে মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠকত মিলিত হ’ব। 
প্ৰধানমন্ত্ৰীয়ে  কাৰ্যালয়ে  এই প্ৰসংগত কয়, "এছচিঅ' সন্মিলনত মই সাময়িক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়, এছচিঅ'ৰ সম্প্ৰসাৰণ আৰু সংগঠনটোৰ ভিতৰত বহুমুখী আৰু পাৰস্পৰিক ভাৱে লাভজনক সহযোগিতা অধিক বৃদ্ধি কৰাৰ ক্ষেত্ৰত মত বিনিময় কৰিম।"তেওঁ লগতে কয় যে সন্মিলনখনত বাণিজ্য, অৰ্থনীতি, সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত কেইবাটাও সিদ্ধান্ত লোৱা হ'ব বুলি আশা কৰা হৈছে।

উল্লেখ্য লাডাখকলৈ অচলাৱস্থা আৰম্ভ হোৱাৰ পিছৰে পৰা মোদী আৰু জিনপিঙে  ইজনে সিজনৰ সৈতে আনুষ্ঠানিকভাবে কথা পতা নাই।লাডাখত চীনৰ সেনাই আগ্ৰাসন চলোৱাক লৈ বিগত কিছু বছৰ ধৰি ভাৰত আৰু চীনৰ মাজত সংঘাত অব্যাহত আছে। এনে সংঘাতৰ পৰিণতিতে কুৰি জনকৈ ভাৰতীয় সেনাৰ প্ৰাণো গৈছে। ইয়াৰ মাজতে ভাৰত আৰু চীনৰ মাজত লাডাখ সংকটকলৈ ১৬ লানি আলোচনা অনুষ্ঠিত হৈছে। শেহতীয়া আলোচনামৰ্মে  দুয়োখন দেশে পূব লাডাখৰ গোগ্ৰা আৰু হট স্প্ৰিং অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা আৰম্ভ কৰিছে।

 প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে  দুয়োখন দেশৰ মাজত অনুষ্ঠিত ১৬ সংখ্যক বৈঠকত হোৱা সহমতৰ ভিত্তিত সৈন্য প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে। ২০২০ চনৰ  ১৫ জুনত পূব লাডাখৰ গালোৱান উপত্যকাত  ভাৰতীয় সেনা আৰু চীনা সেনাৰ (পিএলএ) মাজত এক ৰক্তক্ষয়ী সংঘৰ্ষ হৈছিল। পৰৱৰ্তী পৰ্যায়ত, উত্তেজনা হ্ৰাস কৰিবলৈ সামৰিক আৰু কূটনৈতিক পৰ্যায়ত আলোচনা আৰম্ভ হয়। আলোচনাৰ আধাৰত দুয়োখন দেশে   সৈন্যৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লয়।অৱশ্যে বহু লানি আলোচনাৰ পিছতো চীনে লাডাখৰ পৰা সেনা আঁতৰাই নিয়া নাছিল। 

দুয়োখন দেশে শেহতীয়াকৈ  এক যুটীয়া বিবৃতিত কয়, "শেহতীয়া ১৬ লানি বৈঠকৰ আধাৰত গোগ্ৰা-হটস্প্ৰিং (পেট্ৰলিং পইণ্ট-১৫)ৰ পৰা  পৰিকল্পিত ভাৱে সৈন্য প্ৰত্যাহাৰ আৰম্ভ হৈছে।" দুয়োপক্ষই আশা ব্যক্ত কৰে যে এই পদক্ষেপে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাত সহায় কৰিব।লাডাখ প্ৰসংগত দুয়োখন দেশৰ  ইতিবাচক পদক্ষেপে এছচিঅ'ত একেখন মঞ্চত উপস্থিত থকা দুয়োখন দেশৰ নেতাৰ মাজত  বৈঠক অনুষ্ঠিত হোৱাৰ  সম্ভাৱনা বৃদ্ধি কৰিছে।কূটনৈতিক সূত্ৰৰ মতে মোদী  আৰু জিনপিঙে কিছু সময়ৰ বাবে লাডাখ সমস্যাকলৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ