--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আপোনাৰ গাঁৱত কি শস্যৰ  অধিক খেতি হয়?  এই প্ৰশ্নৰ উত্তৰত বেছিভাগ লোকে চাউল, ঘেঁহু, সৰিয়হ, শাক-পাচলি আদিৰ কথা  ক'ব। মাছ আৰু মাংসৰ বাবে বিভিন্ন জীৱ -জন্তু পোহাও আমি দেখিছোঁ।   কিন্তু যদি কোনোৱে  কয় যে তেওঁলোকৰ গোটেই গাঁৱত সাপৰ খেতি কৰা হয় , তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব? হয়, শুনাত আচৰিত যদিও এইয়া সঁচা।  চীনৰ জিচিকিয়াও নামৰ এখন গাওঁ বিষয়ে শেহতীয়াকৈ চৰ্চালৈ আহিছে৷ সাপৰ খেতি  কৰাৰ বাবে এই গাওঁখন সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে চীনৰ এই গাওঁখন৷ এইটো নহয় যে সাপবোৰো বিষাক্ত নহয়। প্ৰত্যেকটো সাপ ভয়ানক প্ৰজাতি। 

: এনে এক অদ্ভুত খেতিৰ কাৰণ কি?

দৰাচলতে, চীনৰ কিছু অংশত সাপৰ মাংসৰ যথেষ্ট চাহিদা আছে। সেই মাংস  পিয়াজৰ পাত,  জলকীয়া মুৰ্গীৰ সৈতে ৰন্ধা হয়। কেতিয়াবা ইয়াক চুপৰ দৰে তৈয়াৰ কৰা হয়। ইয়াৰ সোৱাদ  মাছ আৰু মুৰ্গীৰ মাংস সদৃশ । 

আনহাতে, বহুলোকে সাপৰ পিত্ত, শৰীৰৰ বিভিন্ন অংশও খায়। সাপটোৰ শৰীৰটো সুৰাৰ বটলত ৰাখি কিছুমানে ইয়াক পানো কৰে। এইটো বিশ্বাস কৰা হয় যে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বহুগুণে বৃদ্ধি কৰে। শৰীৰটো সতেজ ৰাখে আৰু দীৰ্ঘদিন  জীয়াই থকাত সহায় কৰে। অৱশ্যে,গাওঁখনৰ  আধুনিক প্ৰজন্ম এই বিষয়ে  আগ্ৰহী নহয়।ঔষধ তৈয়াৰ কৰিবলৈ সাপৰ বিষ আৰু শৰীৰৰ বিভিন্ন অংশও ব্যৱহাৰ কৰা হয়৷ 

অৱশ্যে কেৱল চীনতে নহয়। চীনৰ বাহিৰতো সাপৰ চাহিদা আছে। ইয়াক জাপান আৰু দক্ষিণ কোৰিয়ালৈ ৰপ্তানি কৰা হয়। জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈও সাপ প্ৰেৰণ কৰা হৈছিল।

স্থানীয় লোকসকলৰ মতে, য়াং হংচাং নামৰ এজন কৃষকে প্ৰথমে সাপ পালন কৰা আৰম্ভ কৰিছিল। এইয়া  আজিৰ পৰা কেইবা দশক আগৰ কথা। তেওঁ এই সাপৰ ব্যৱসায়ত যথেষ্ট ব্যস্ত হৈ পৰিছিল । তেওঁক দেখি, আন গাওঁবাসীয়েও খেতি বা অন্যান্য জীৱিকা ত্যাগ কৰিছিল। তেওঁলোক সকলোৱে একেলগে সাপৰ ব্যৱসায়ত জড়িত হৈ পৰিছিল৷ 

সাপ খেতিয়কসকলে কয় যে, এসময়ত কোনেও জিচিকিয়াও গাঁৱৰ নাম নাজানিছিল।গাওঁখন আছিল ক্ষুদ্ৰ খেতিয়কসকলৰ  এখন সৰু গাওঁ। আৰু যথেষ্ট অনুন্নতও আছিল। কিন্তু গাওঁবাসীসকলে  সাপৰ ব্যৱসায় কৰি গাওঁখনৰো অৰ্থনৈতিক ব্যৱস্থা ভাললৈ আনিছে৷পূৰ্বৰ তুলনাত  গোটেই গাওঁখন যথেষ্ট  উন্নত হৈছে৷  বহুলোকে এই সাপৰ ব্যৱসায় কৰি  বছৰত প্ৰায় ১০ লাখ টকা (ভাৰতীয় মুদ্ৰাত) উপাৰ্জন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে