--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আপোনাৰ গাঁৱত কি শস্যৰ  অধিক খেতি হয়?  এই প্ৰশ্নৰ উত্তৰত বেছিভাগ লোকে চাউল, ঘেঁহু, সৰিয়হ, শাক-পাচলি আদিৰ কথা  ক'ব। মাছ আৰু মাংসৰ বাবে বিভিন্ন জীৱ -জন্তু পোহাও আমি দেখিছোঁ।   কিন্তু যদি কোনোৱে  কয় যে তেওঁলোকৰ গোটেই গাঁৱত সাপৰ খেতি কৰা হয় , তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব? হয়, শুনাত আচৰিত যদিও এইয়া সঁচা।  চীনৰ জিচিকিয়াও নামৰ এখন গাওঁ বিষয়ে শেহতীয়াকৈ চৰ্চালৈ আহিছে৷ সাপৰ খেতি  কৰাৰ বাবে এই গাওঁখন সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে চীনৰ এই গাওঁখন৷ এইটো নহয় যে সাপবোৰো বিষাক্ত নহয়। প্ৰত্যেকটো সাপ ভয়ানক প্ৰজাতি। 

: এনে এক অদ্ভুত খেতিৰ কাৰণ কি?

দৰাচলতে, চীনৰ কিছু অংশত সাপৰ মাংসৰ যথেষ্ট চাহিদা আছে। সেই মাংস  পিয়াজৰ পাত,  জলকীয়া মুৰ্গীৰ সৈতে ৰন্ধা হয়। কেতিয়াবা ইয়াক চুপৰ দৰে তৈয়াৰ কৰা হয়। ইয়াৰ সোৱাদ  মাছ আৰু মুৰ্গীৰ মাংস সদৃশ । 

আনহাতে, বহুলোকে সাপৰ পিত্ত, শৰীৰৰ বিভিন্ন অংশও খায়। সাপটোৰ শৰীৰটো সুৰাৰ বটলত ৰাখি কিছুমানে ইয়াক পানো কৰে। এইটো বিশ্বাস কৰা হয় যে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বহুগুণে বৃদ্ধি কৰে। শৰীৰটো সতেজ ৰাখে আৰু দীৰ্ঘদিন  জীয়াই থকাত সহায় কৰে। অৱশ্যে,গাওঁখনৰ  আধুনিক প্ৰজন্ম এই বিষয়ে  আগ্ৰহী নহয়।ঔষধ তৈয়াৰ কৰিবলৈ সাপৰ বিষ আৰু শৰীৰৰ বিভিন্ন অংশও ব্যৱহাৰ কৰা হয়৷ 

অৱশ্যে কেৱল চীনতে নহয়। চীনৰ বাহিৰতো সাপৰ চাহিদা আছে। ইয়াক জাপান আৰু দক্ষিণ কোৰিয়ালৈ ৰপ্তানি কৰা হয়। জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈও সাপ প্ৰেৰণ কৰা হৈছিল।

স্থানীয় লোকসকলৰ মতে, য়াং হংচাং নামৰ এজন কৃষকে প্ৰথমে সাপ পালন কৰা আৰম্ভ কৰিছিল। এইয়া  আজিৰ পৰা কেইবা দশক আগৰ কথা। তেওঁ এই সাপৰ ব্যৱসায়ত যথেষ্ট ব্যস্ত হৈ পৰিছিল । তেওঁক দেখি, আন গাওঁবাসীয়েও খেতি বা অন্যান্য জীৱিকা ত্যাগ কৰিছিল। তেওঁলোক সকলোৱে একেলগে সাপৰ ব্যৱসায়ত জড়িত হৈ পৰিছিল৷ 

সাপ খেতিয়কসকলে কয় যে, এসময়ত কোনেও জিচিকিয়াও গাঁৱৰ নাম নাজানিছিল।গাওঁখন আছিল ক্ষুদ্ৰ খেতিয়কসকলৰ  এখন সৰু গাওঁ। আৰু যথেষ্ট অনুন্নতও আছিল। কিন্তু গাওঁবাসীসকলে  সাপৰ ব্যৱসায় কৰি গাওঁখনৰো অৰ্থনৈতিক ব্যৱস্থা ভাললৈ আনিছে৷পূৰ্বৰ তুলনাত  গোটেই গাওঁখন যথেষ্ট  উন্নত হৈছে৷  বহুলোকে এই সাপৰ ব্যৱসায় কৰি  বছৰত প্ৰায় ১০ লাখ টকা (ভাৰতীয় মুদ্ৰাত) উপাৰ্জন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ