--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘…..cos it’s December/ ❄️☃️????/ ???? @bhaskar__boruah’ - এটি কেপশ্যন আৰু মুহূৰ্ততে অনুৰাগীৰ কমেণ্টৰ হেটাওপৰা৷ স্বামী ভাস্কৰৰ এটা ক্লিক আৰু মুহূৰ্ততে ভাইৰেল হয় এখনি ফটো ৷ আপুনি হয়টো বুজি উঠিছে কাৰ কথা ক’বলৈ বিচাৰিছো৷

নিজৰ সৌন্দৰ্য আৰু লয়লাসেৰে অনুৰাগীৰ মন জয় কৰা মোহময়ী অভিনেত্ৰী বৰষাৰাণী এতিয়া ব্যস্ত স্বামী ভাস্কৰ বৰুৱাৰ সৈতে৷ দুয়োৱে একেলগে কটাইছে অন্তৰংগ সময়৷ জাৰ কালৰ শীতৰ আমেজ ল’বলৈ অসমীয়া চিনেমাৰ মোহময়ী অভিনেত্ৰীগৰাকী উৰা মাৰিছিল দেশৰ ৰাজধানী দিল্লীলৈ৷ ছ’চিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় জনপ্ৰিয় অভিনেত্ৰীগৰাকী৷ শেহতীয়াকৈ ১৬ ডিচেম্বৰতে শ্বেয়াৰ কৰা এখন বিশেষ ফটোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় অনুৰাগীৰ৷ প্ৰেমৰ চিন তাজমহলৰ সন্মুখত ভাস্কৰৰ কঁপালত চুমা আঁকি বৰষাই নিৱেদন কৰিছিল অফুৰন্ত ভালপোৱাৰ কথা৷ উল্লেখ্য যে, কিছুমাহৰ পূৰ্বে বৰষা বিবাহপাশত আবদ্ধ হৈছিল যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে৷

প্ৰথমে ইষ্ট্ৰাগামত চিনাকি, তাৰপাছত লাহে লাহে আগবাঢ়ে দুয়োৰে সম্পৰ্ক৷ পাছলৈ নেদেখিলে, কথা নাপাতিলে থাকিব নোৱাৰা হৈছিল ভাস্কৰ-বৰষা৷ এই ভালপোৱাক সাক্ষী কৰি শিৰত সেন্দুৰ পিন্ধাইছিল ভাস্কৰে৷ তাৰপাছতে দুয়োৰে মাজৰ ৰোমাঞ্চকৰ কিছু মুহূৰ্ত ছ’চিয়েল মিডিয়াত মাজে-সময়ে শ্বেয়াৰো কৰে বৰষাই৷

লগতে ভাস্কৰে উঠোৱা ফটো যেন প্ৰিয় তেওঁৰ বাবে৷ কেপশ্যন ভাস্কৰ, ফটোত বৰষা- এতিয়া যেন ছ’চিয়েল মিডিয়াৰ এটা ট্ৰেণ্ড৷ ভাস্কৰে উঠোৱা ফটো শ্বেয়াৰ কৰে বৰষাই৷ মাত্ৰ এঘণ্টাতেই বৰষাৰ ফটোত আহে হাজাৰ-হাজাৰ লাইক, কমেণ্ট, শ্বেয়াৰ৷ ভাস্কৰ-বৰষাৰ ফটোৱে আপ্লুত কৰি তোলে অনুৰাগীসকলক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু