--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘…..cos it’s December/ ❄️☃️????/ ???? @bhaskar__boruah’ - এটি কেপশ্যন আৰু মুহূৰ্ততে অনুৰাগীৰ কমেণ্টৰ হেটাওপৰা৷ স্বামী ভাস্কৰৰ এটা ক্লিক আৰু মুহূৰ্ততে ভাইৰেল হয় এখনি ফটো ৷ আপুনি হয়টো বুজি উঠিছে কাৰ কথা ক’বলৈ বিচাৰিছো৷

নিজৰ সৌন্দৰ্য আৰু লয়লাসেৰে অনুৰাগীৰ মন জয় কৰা মোহময়ী অভিনেত্ৰী বৰষাৰাণী এতিয়া ব্যস্ত স্বামী ভাস্কৰ বৰুৱাৰ সৈতে৷ দুয়োৱে একেলগে কটাইছে অন্তৰংগ সময়৷ জাৰ কালৰ শীতৰ আমেজ ল’বলৈ অসমীয়া চিনেমাৰ মোহময়ী অভিনেত্ৰীগৰাকী উৰা মাৰিছিল দেশৰ ৰাজধানী দিল্লীলৈ৷ ছ’চিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় জনপ্ৰিয় অভিনেত্ৰীগৰাকী৷ শেহতীয়াকৈ ১৬ ডিচেম্বৰতে শ্বেয়াৰ কৰা এখন বিশেষ ফটোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় অনুৰাগীৰ৷ প্ৰেমৰ চিন তাজমহলৰ সন্মুখত ভাস্কৰৰ কঁপালত চুমা আঁকি বৰষাই নিৱেদন কৰিছিল অফুৰন্ত ভালপোৱাৰ কথা৷ উল্লেখ্য যে, কিছুমাহৰ পূৰ্বে বৰষা বিবাহপাশত আবদ্ধ হৈছিল যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে৷

প্ৰথমে ইষ্ট্ৰাগামত চিনাকি, তাৰপাছত লাহে লাহে আগবাঢ়ে দুয়োৰে সম্পৰ্ক৷ পাছলৈ নেদেখিলে, কথা নাপাতিলে থাকিব নোৱাৰা হৈছিল ভাস্কৰ-বৰষা৷ এই ভালপোৱাক সাক্ষী কৰি শিৰত সেন্দুৰ পিন্ধাইছিল ভাস্কৰে৷ তাৰপাছতে দুয়োৰে মাজৰ ৰোমাঞ্চকৰ কিছু মুহূৰ্ত ছ’চিয়েল মিডিয়াত মাজে-সময়ে শ্বেয়াৰো কৰে বৰষাই৷

লগতে ভাস্কৰে উঠোৱা ফটো যেন প্ৰিয় তেওঁৰ বাবে৷ কেপশ্যন ভাস্কৰ, ফটোত বৰষা- এতিয়া যেন ছ’চিয়েল মিডিয়াৰ এটা ট্ৰেণ্ড৷ ভাস্কৰে উঠোৱা ফটো শ্বেয়াৰ কৰে বৰষাই৷ মাত্ৰ এঘণ্টাতেই বৰষাৰ ফটোত আহে হাজাৰ-হাজাৰ লাইক, কমেণ্ট, শ্বেয়াৰ৷ ভাস্কৰ-বৰষাৰ ফটোৱে আপ্লুত কৰি তোলে অনুৰাগীসকলক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ