--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ ব্যক্তিগত জীৱনক লৈ প্ৰায়ে চৰ্চা হয়। শেহতীয়াকৈ বলীউডৰ পৰিচালক ফাৰাহ খানে নিজৰ ব্যক্তিগত জীৱনৰ কথা মুকলি কৰিছে। ফাৰাহ খানে ৮ বছৰ সৰু শিৰিশ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা বহু লোকেই জানে। শেহতীয়াকৈ ফাৰাহ খানে মালাইকা আৰোৰাৰ ‘মুভিং ইন উইথ মালাইকা’ শ্ব’লৈ আহি জীৱনৰ বহু কথা ব্যক্ত কৰে। ফাৰাহ খানে কয় যে তেওঁ তেওঁতকৈ সৰু শিৰিশক বিয়া কৰাই মানুহৰ বহু কথা শুনিছিল।

মালাইকাইও ফাৰাহ খানৰ কথা শুনি কয় যে, “সদায় সকলো সহজ নহয়। বয়সস্থ মহিলাক লৈ সমাজত বহু কথাই চলি থাকে। সৰু ছোৱালীৰ লগত ল’ৰাই প্ৰেম কৰাটো স্বাভাৱিক। আপোনাৰ যদি ১০ বছৰ ডাঙৰ প্ৰেমিক আছে তেন্তে তেওঁ পৃথিৱীখনেই জয় কৰাৰ দৰে হয়! মানুহে তেওঁৰ পিঠিত থপৰিয়াই চাব্বাচ দিব। কিন্তু সেই একেটা সম্পৰ্ক ছোৱালীজনীয়ে কৰিলে ছোৱালীজনীয়ে বহু গুজৱ শুনিবলগীয়া হয়। কোনেও সেই সম্পৰ্কৰ প্ৰশংসা নকৰে।”

ল’ৰাই সৰু ছোৱালীৰ লগত প্ৰেম কৰাটো স্বাভাৱিক কিন্তু ছোৱালীয়ে সৰু ল’ৰাক কিয় ভালপাব নোৱাৰে? এই প্ৰশ্ন কৰে মালাইকা আৰোৰা আৰু ফাৰাহ খানে

উল্লেখ্য যে ২০১৯ চনত মলাইকা আৰু অৰ্জুনে তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল। ইয়াৰ পিছত এই যুটিটোৱে বয়সৰ পাৰ্থক্যৰ বাবে বহু কটুক্তি শুনিবলগীয়া হৈছিল। অৱশ্যে কৰণ জোহৰৰ সৈতে কফি উইথ কৰণ অনুষ্ঠানত অৰ্জুনে কয় যে তেওঁ বৰ্তমান মলাইকাৰ জীৱন সংগী হোৱাৰ কথা চিন্তা কৰা নাই। তেওঁলোকে আৰু অলপ সময় বিচাৰে।

আনহাতে, ২০০৪ চনৰ ৪ ডিচেম্বৰত ফাৰাহ খানে ‘মে হুঁ না’ ছবিৰ এডিটৰ শিৰিশ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কৃত্ৰিম প্ৰজননৰ সহায়ত ২০০৮ চনত দুয়ো একেলগে তিনিটা সন্তানৰ পিতৃ-মাতৃ হয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু