--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ ব্যক্তিগত জীৱনক লৈ প্ৰায়ে চৰ্চা হয়। শেহতীয়াকৈ বলীউডৰ পৰিচালক ফাৰাহ খানে নিজৰ ব্যক্তিগত জীৱনৰ কথা মুকলি কৰিছে। ফাৰাহ খানে ৮ বছৰ সৰু শিৰিশ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা বহু লোকেই জানে। শেহতীয়াকৈ ফাৰাহ খানে মালাইকা আৰোৰাৰ ‘মুভিং ইন উইথ মালাইকা’ শ্ব’লৈ আহি জীৱনৰ বহু কথা ব্যক্ত কৰে। ফাৰাহ খানে কয় যে তেওঁ তেওঁতকৈ সৰু শিৰিশক বিয়া কৰাই মানুহৰ বহু কথা শুনিছিল।

মালাইকাইও ফাৰাহ খানৰ কথা শুনি কয় যে, “সদায় সকলো সহজ নহয়। বয়সস্থ মহিলাক লৈ সমাজত বহু কথাই চলি থাকে। সৰু ছোৱালীৰ লগত ল’ৰাই প্ৰেম কৰাটো স্বাভাৱিক। আপোনাৰ যদি ১০ বছৰ ডাঙৰ প্ৰেমিক আছে তেন্তে তেওঁ পৃথিৱীখনেই জয় কৰাৰ দৰে হয়! মানুহে তেওঁৰ পিঠিত থপৰিয়াই চাব্বাচ দিব। কিন্তু সেই একেটা সম্পৰ্ক ছোৱালীজনীয়ে কৰিলে ছোৱালীজনীয়ে বহু গুজৱ শুনিবলগীয়া হয়। কোনেও সেই সম্পৰ্কৰ প্ৰশংসা নকৰে।”

ল’ৰাই সৰু ছোৱালীৰ লগত প্ৰেম কৰাটো স্বাভাৱিক কিন্তু ছোৱালীয়ে সৰু ল’ৰাক কিয় ভালপাব নোৱাৰে? এই প্ৰশ্ন কৰে মালাইকা আৰোৰা আৰু ফাৰাহ খানে

উল্লেখ্য যে ২০১৯ চনত মলাইকা আৰু অৰ্জুনে তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল। ইয়াৰ পিছত এই যুটিটোৱে বয়সৰ পাৰ্থক্যৰ বাবে বহু কটুক্তি শুনিবলগীয়া হৈছিল। অৱশ্যে কৰণ জোহৰৰ সৈতে কফি উইথ কৰণ অনুষ্ঠানত অৰ্জুনে কয় যে তেওঁ বৰ্তমান মলাইকাৰ জীৱন সংগী হোৱাৰ কথা চিন্তা কৰা নাই। তেওঁলোকে আৰু অলপ সময় বিচাৰে।

আনহাতে, ২০০৪ চনৰ ৪ ডিচেম্বৰত ফাৰাহ খানে ‘মে হুঁ না’ ছবিৰ এডিটৰ শিৰিশ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কৃত্ৰিম প্ৰজননৰ সহায়ত ২০০৮ চনত দুয়ো একেলগে তিনিটা সন্তানৰ পিতৃ-মাতৃ হয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক