--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ ভাইজান অৰ্থাৎ ছলমান খান এটা নহয় আন এটা কাৰণত প্ৰায়ে শিৰোনামাত থাকে। অভিনেতাজনৰ পেছাদাৰী জীৱনৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়েও বহু ধৰণৰ খবৰ ওলাই থাকে। এতিয়া এইবাৰ এনে এটা খবৰ আহিছে বিষয়ে, যিটো পঢ়াৰ পিছত তেওঁৰ অনুৰাগীসকল সুখী হ’বলৈ বুলি আৰু বেলেগ কাৰণ নালাগে।

এই কথাটো সকলোৱে জানে যে ছলমান খানৰ নাম আজিলৈকে তেওঁৰ কেৰিয়াৰত বহু অভিনেত্ৰীৰ সৈতে জড়িত হৈ আছে। কিছুমানৰ লগত তেওঁৰ সম্পৰ্কও অতি শোচনীয় অৱস্থাত শেষ হৈ গ’ল। এতিয়া খবৰ আহিছে যে ছলমান খানে নিজৰ নতুন সংগী বিচাৰি পাইছে। হয়, শেহতীয়া এক প্ৰতিবেদন অনুসৰি ভাইজান পূজা হেগড়েৰ লগত ডেটিং কৰি আছে।



বিষয়টোৰ বিষয়ে তথ্য দি চলচ্চিত্ৰ জগতৰ ভিতৰৰ স্কুপ দিয়া উমেইৰ সন্ধুৱে টুইট কৰিছে। উমেইৰে নিজৰ টুইটত লিখিছে, ‘ব্ৰেকিং নিউজ: বিটাউনত আহিল নতুন দম্পতী!! পূজা হেগড়েৰ প্ৰেমত পৰিছে মেগা ষ্টাৰ ছলমান খান। ছলমান খানৰ প্ৰডাকচন হাউছেও পৰৱৰ্তী ২ খন ছবিৰ বাবে পূজাক চুক্তিবদ্ধ কৰিছে। দুয়োজনে বৰ্তমান একেলগে বহু সময় কটাব ধৰিছে। এই কথা নিশ্চিত কৰিছে ছলমান খানৰ অতি ঘনিষ্ঠ ব্যক্তি এজনে।'

উল্লেখযোগ্য  যে ছলমান খান আৰু পূজা হেগড়ক অতি সোনকালে একেলগে দেখা যাব ‘কিছি কা ভাই কিছি কি জান’ ছবিত। অহা বছৰ ডাঙৰ পৰ্দাত মুক্তি পাব ছবিখন। ইতিমধ্যে এই ছবিখনৰ বাবে অভিনেতা গৰাকীৰ অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছিল। একে সময়তে এই খবৰটো চৰ্চালৈ অহাৰ পিছত অনুৰাগীৰ উত্তেজনা যেন দুগুণ বৃদ্ধি পাইছে।

ছলমান খান আৰু পূজা হেগড়ক একেলগে দেখাৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। অৱশ্যে দুয়োপক্ষৰ পৰা এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত কোনো নিশ্চিতকৰণ হোৱা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক