--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ ভাইজান অৰ্থাৎ ছলমান খান এটা নহয় আন এটা কাৰণত প্ৰায়ে শিৰোনামাত থাকে। অভিনেতাজনৰ পেছাদাৰী জীৱনৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়েও বহু ধৰণৰ খবৰ ওলাই থাকে। এতিয়া এইবাৰ এনে এটা খবৰ আহিছে বিষয়ে, যিটো পঢ়াৰ পিছত তেওঁৰ অনুৰাগীসকল সুখী হ’বলৈ বুলি আৰু বেলেগ কাৰণ নালাগে।

এই কথাটো সকলোৱে জানে যে ছলমান খানৰ নাম আজিলৈকে তেওঁৰ কেৰিয়াৰত বহু অভিনেত্ৰীৰ সৈতে জড়িত হৈ আছে। কিছুমানৰ লগত তেওঁৰ সম্পৰ্কও অতি শোচনীয় অৱস্থাত শেষ হৈ গ’ল। এতিয়া খবৰ আহিছে যে ছলমান খানে নিজৰ নতুন সংগী বিচাৰি পাইছে। হয়, শেহতীয়া এক প্ৰতিবেদন অনুসৰি ভাইজান পূজা হেগড়েৰ লগত ডেটিং কৰি আছে।



বিষয়টোৰ বিষয়ে তথ্য দি চলচ্চিত্ৰ জগতৰ ভিতৰৰ স্কুপ দিয়া উমেইৰ সন্ধুৱে টুইট কৰিছে। উমেইৰে নিজৰ টুইটত লিখিছে, ‘ব্ৰেকিং নিউজ: বিটাউনত আহিল নতুন দম্পতী!! পূজা হেগড়েৰ প্ৰেমত পৰিছে মেগা ষ্টাৰ ছলমান খান। ছলমান খানৰ প্ৰডাকচন হাউছেও পৰৱৰ্তী ২ খন ছবিৰ বাবে পূজাক চুক্তিবদ্ধ কৰিছে। দুয়োজনে বৰ্তমান একেলগে বহু সময় কটাব ধৰিছে। এই কথা নিশ্চিত কৰিছে ছলমান খানৰ অতি ঘনিষ্ঠ ব্যক্তি এজনে।'

উল্লেখযোগ্য  যে ছলমান খান আৰু পূজা হেগড়ক অতি সোনকালে একেলগে দেখা যাব ‘কিছি কা ভাই কিছি কি জান’ ছবিত। অহা বছৰ ডাঙৰ পৰ্দাত মুক্তি পাব ছবিখন। ইতিমধ্যে এই ছবিখনৰ বাবে অভিনেতা গৰাকীৰ অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছিল। একে সময়তে এই খবৰটো চৰ্চালৈ অহাৰ পিছত অনুৰাগীৰ উত্তেজনা যেন দুগুণ বৃদ্ধি পাইছে।

ছলমান খান আৰু পূজা হেগড়ক একেলগে দেখাৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। অৱশ্যে দুয়োপক্ষৰ পৰা এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত কোনো নিশ্চিতকৰণ হোৱা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু