--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ অভিনেতা  ৰণবীৰ কাপুৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ দৰ্শকৰ  প্ৰিয় অভিনেতাসকলৰ মাজৰে এজন। নিজস্ব শৈলীৰ অভিনয়ৰে  তেওঁ লাখ লাখ লোকৰ হৃদয়ত এক পৃথক স্থান দখল কৰি লৈছে। দৰ্শকে তেওঁৰ বিভিন্ন ৰুচিৰ  চলচ্চিত্ৰবোৰ খুবেই  ভাল পায়। তেওঁৰ  ছবি চোৱাৰ বাবে এক বেলেগ ধৰণৰ  অনুৰাগী তথা দৰ্শকেই  আছে। অভিনেতাজনক সোনকালেই এখন ৰোমাণ্টিক কমেডি ছবিত দেখা যাব। এই ছবি খনেই হ’ব পাৰে  ৰণবীৰ কাপুৰৰ  অন্তিম খন ৰোমাণ্টিক কমেডি ছবি । 

এয়া  ৰণবীৰে নিজেই কোৱা কথা। শেহতীয়াকৈ অভিনেতগৰাকীয়ে  লোহিত সাগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত কয়, "মই নাজানো ,কিন্তু বয়স হোৱাৰ লগে লগে এনে ছবিত অভিনয় কৰাটো ভাল নহ’ব বুলিয়েই মই ভাবো। সম্ভৱতঃ মই কৰা অন্তিম ৰোমাণ্টিক কমেডীবোৰৰ এখন মোৰ শেহতীয়া ছবি খনেই  হ'ব।" ৰ

ণবীৰৰ আহিবলগীয়া শিৰোনাম বিহীন ৰোমাণ্টিক ছবি খন  লাভ ৰঞ্জনে পৰিচালনা কৰিছে। ছবিখনত তেওঁৰ সহ-অভিনেতা হৈছে শ্ৰদ্ধা কাপুৰ। এই চলচ্চিত্ৰখনৰ উপৰি ৰণবীৰক শীঘ্ৰেই 'এনিমেল'ত দেখা যাব। চলচ্চিত্ৰখনত তেওঁক এক বিশেষ  চৰিত্ৰত দেখা যাব। ছবিখন পৰিচালনা কৰিছে সন্দীপ ভাঙ্গা ৰেড্ডীয়ে।  তেওঁ কয় যে তেওঁ 'এনিমেল'ৰ চিত্ৰনাট্যৰ চায়েই  সেই  ছবিখনত অভিনয় কৰাৰ সিদ্ধান্ত লৈছিল। 


কিয়নো তেওঁ আৰামৰ ক্ষেত্ৰ খনৰ  পৰা ওলাই আহিব বিচাৰিছিল।অভিনেতাগৰাকীয়ে লগতে কয়  যে তেওঁ তেওঁৰ চৰিত্ৰটোক লৈ  উৎসাহিত বোধ কৰিছিল। ৰণবীৰৰ উপৰি ছবিখনত অনিল কাপুৰ আৰু ৰশ্মিকা মান্দন্নাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৰণবীৰক অলপতে ব্ৰহ্মাস্ত্ৰত দেখা গৈছিল। ছবিখনে বক্স অফিচত ২৫৭.৪৪ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু