--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ “যিসকলে আক্ৰমণ কৰিছে, তেওঁলোকৰ হাত কাটি শিৰচ্ছেদ কৰি দিয়ক!”- এইধৰণৰ ঘৃণনীয় হিংসাত্মক হুংকাৰ শুনা গল দিল্লীৰ এটা বিশ্ব হিন্দু পৰিষদৰ ৰেলীত।

ৰেলীটোত অংশ লৈ জগত গুৰু যোগেশ্বৰ আচাৰ্য নামৰ এগৰাকী বক্তাই কয় যে যদি প্ৰয়োজন হয়, আক্ৰমণকাৰীসকলক শিৰচ্ছেদ কৰি পোলাব লাগে।

আচাৰ্যই কয় যে এই কাম কৰিলে খুব বেছি কাৰাগাৰলৈ যাব লাগিব, তাৰ বাদে বেছি সমস্যা নাই। কিন্তু আক্ৰমণকাৰীসকলক এটা শিক্ষা দিয়াটো অতি জৰুৰী।

ৰেলীটোত আন এজন বৰ্তা মহন্ত নৱল কিশোৰ দাসেও একেধৰণৰ হিংসাত্মক হুংকাৰ প্ৰদান কৰে। তেওঁ জনতাক বন্দুক ক্ৰয় কৰিবলৈ গোহাৰি জনায়। কয় যে লাইচেন্স থাকক বা নাথাকক, কিন্তু সকলোৱে যাতে এটা বন্দুক লগত ৰাখে।

বন্দুক গোটোৱা। লাইচেঞ্চ লোৱা। যদি লাইচেঞ্চ নাই, তথাপিতো চিন্তা নকৰিবা। যিসকলে আপোনাক মাৰিবলৈ আহে, তেওঁলোকৰ লাইচেঞ্চ আছেনে? তেন্তে আপোনাক লাইচেঞ্চৰ কি প্ৰয়োজন?”- তেওঁ কয়।

দিল্লী আৰক্ষী সম্পৰ্কতো তেওঁ বক্তব্য ৰাখে। কয় যে যদি আক্ৰমণকাৰীসকলৰ বিৰুদ্ধএ হিন্দু লোকসকল একেলগ হয়, তেন্তে দিল্লী আৰক্ষী কমিছনাৰেও সহায় কৰিব।

আনহাতে, বক্তাসকলৰ এই হিংসাত্মক বাৰ্তাক সুৰক্ষা দি বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানচালে কয় যে এই ৰেলীটো এটা জন আক্ৰোশ ৰেলী আৰু ইয়াৰ দ্বাৰা জিহাদীসকলকহে সাৱধানবাণী শুনোৱা হৈছে। কোনো সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক