--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ “যিসকলে আক্ৰমণ কৰিছে, তেওঁলোকৰ হাত কাটি শিৰচ্ছেদ কৰি দিয়ক!”- এইধৰণৰ ঘৃণনীয় হিংসাত্মক হুংকাৰ শুনা গ’ল দিল্লীৰ এটা বিশ্ব হিন্দু পৰিষদৰ ৰেলীত।

ৰেলীটোত অংশ লৈ জগত গুৰু যোগেশ্বৰ আচাৰ্য নামৰ এগৰাকী বক্তাই কয় যে যদি প্ৰয়োজন হয়, আক্ৰমণকাৰীসকলক শিৰচ্ছেদ কৰি পোলাব লাগে।

আচাৰ্যই কয় যে এই কাম কৰিলে খুব বেছি কাৰাগাৰলৈ যাব লাগিব, তাৰ বাদে বেছি সমস্যা নাই। কিন্তু আক্ৰমণকাৰীসকলক এটা শিক্ষা দিয়াটো অতি জৰুৰী।

ৰেলীটোত আন এজন বৰ্তা মহন্ত নৱল কিশোৰ দাসেও একেধৰণৰ হিংসাত্মক হুংকাৰ প্ৰদান কৰে। তেওঁ জনতাক বন্দুক ক্ৰয় কৰিবলৈ গোহাৰি জনায়। কয় যে লাইচেন্স থাকক বা নাথাকক, কিন্তু সকলোৱে যাতে এটা বন্দুক লগত ৰাখে।

“বন্দুক গোটোৱা। লাইচেঞ্চ লোৱা। যদি লাইচেঞ্চ নাই, তথাপিতো চিন্তা নকৰিবা। যিসকলে আপোনাক মাৰিবলৈ আহে, তেওঁলোকৰ লাইচেঞ্চ আছেনে? তেন্তে আপোনাক লাইচেঞ্চৰ কি প্ৰয়োজন?”- তেওঁ কয়।

দিল্লী আৰক্ষী সম্পৰ্কতো তেওঁ বক্তব্য ৰাখে। কয় যে যদি আক্ৰমণকাৰীসকলৰ বিৰুদ্ধএ হিন্দু লোকসকল একেলগ হয়, তেন্তে দিল্লী আৰক্ষী কমিছনাৰেও সহায় কৰিব।

আনহাতে, বক্তাসকলৰ এই হিংসাত্মক বাৰ্তাক সুৰক্ষা দি বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানচালে কয় যে এই ৰেলীটো এটা জন আক্ৰোশ ৰেলী আৰু ইয়াৰ দ্বাৰা জিহাদীসকলকহে সাৱধানবাণী শুনোৱা হৈছে। কোনো সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু