--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু কেতিয়া আহে সেয়া কোনেও নাজানে। কিছুমান মৃত্যুৰ ঘটনা ইমানেই কৰুণ যে চিনাকি-অচিনাকি সকলোকে বহু দুখ দি যায়।  মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ গৈ থকাৰ সময়তে কৰুণ মৃত্যুক সাবটিলে কন্যাই। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কন্যা আৰু সম্পৰ্কীয় ভাতৃয়ে। এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বেতুলত।

ভূপালৰ গৌতম নগৰৰ নিৱাসী ছায়া কাৰলে (৩২) নামৰ মহিলাগৰাকীৰ মাতৃৰ মৃত্যু ঘটিছিল। শুকুৰবাৰে সম্পৰ্কীয় ভাতৃ ভাস্কৰ বুম্বলে (২২)ৰ সৈতে দুয়োজনে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ বুলি ভূপালৰ পৰা ছিণ্ডাৱাড়াৰ পাণ্ডুৰ্ণালৈ ৰাওনা হৈছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। 

বেতুলৰ খাম্ভৰা টোলৰ সমীপত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা লেন পাৰ হৈ আনটো লেনেৰে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰলীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে তেওঁলোকৰ বাহনখন। এই ভয়কৰ পথ দুৰ্ঘটনাত ভাস্কৰ বুম্বলেৰ থিতাতে মৃত্যু হয়। সেই স্থানত উপস্থিত থকা লোকে ততাতৈয়াকৈ ছায়া কাৰলেক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁ মৃত্যুক সাবটি লয়। 

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰে ট্ৰলীখনৰ চালকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু চালকজনৰ সন্ধানত নামি পৰিছে।

মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নৌহওঁতেই পথ দুৰ্ঘটনাত কন্যাই মৃত্যুক সাবটি লোৱা খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিছে। মাতৃ, সম্পৰ্কীয় ভাতৃসহ ছায়াৰ একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ