--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু কেতিয়া আহে সেয়া কোনেও নাজানে। কিছুমান মৃত্যুৰ ঘটনা ইমানেই কৰুণ যে চিনাকি-অচিনাকি সকলোকে বহু দুখ দি যায়।  মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ গৈ থকাৰ সময়তে কৰুণ মৃত্যুক সাবটিলে কন্যাই। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কন্যা আৰু সম্পৰ্কীয় ভাতৃয়ে। এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বেতুলত।

ভূপালৰ গৌতম নগৰৰ নিৱাসী ছায়া কাৰলে (৩২) নামৰ মহিলাগৰাকীৰ মাতৃৰ মৃত্যু ঘটিছিল। শুকুৰবাৰে সম্পৰ্কীয় ভাতৃ ভাস্কৰ বুম্বলে (২২)ৰ সৈতে দুয়োজনে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ বুলি ভূপালৰ পৰা ছিণ্ডাৱাড়াৰ পাণ্ডুৰ্ণালৈ ৰাওনা হৈছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। 

বেতুলৰ খাম্ভৰা টোলৰ সমীপত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা লেন পাৰ হৈ আনটো লেনেৰে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰলীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে তেওঁলোকৰ বাহনখন। এই ভয়কৰ পথ দুৰ্ঘটনাত ভাস্কৰ বুম্বলেৰ থিতাতে মৃত্যু হয়। সেই স্থানত উপস্থিত থকা লোকে ততাতৈয়াকৈ ছায়া কাৰলেক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁ মৃত্যুক সাবটি লয়। 

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰে ট্ৰলীখনৰ চালকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু চালকজনৰ সন্ধানত নামি পৰিছে।

মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নৌহওঁতেই পথ দুৰ্ঘটনাত কন্যাই মৃত্যুক সাবটি লোৱা খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিছে। মাতৃ, সম্পৰ্কীয় ভাতৃসহ ছায়াৰ একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু