--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম্যানমাৰত অব্যাহত আছে সামৰিক দমন। শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক ঘটনা তিনিজন বৌদ্ধ ভিক্ষুসহ কমেও ২২ জন লোকক গুলীয়াই হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে। যোৱা সপ্তাহত সংঘটি হৈছিল এই হত্যাকাণ্ড । দেশখনৰ সামৰিক শাসকপক্ষৰ দ্বাৰাইয়েই এই হত্যাকাণ্ড কৰা বুলি প্ৰতিবাদীকাৰীসকলে প্ৰকাশ কৰিছে।
 
কিন্তু জুন্টা চৰকাৰে সাধাৰণ লোকৰ ওপৰত আক্ৰমণৰ অভিযোগ অস্বীকাৰ কৰে আৰু এই অভিযানক “সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান” বুলি অভিহিত কৰে। ম্যানমাৰৰ সামৰিক জুন্টাৰ এজন মুখপাত্ৰই কয় যে দেশখনৰ দক্ষিণ শান ৰাজ্যৰ পিনলাউং অঞ্চলত বিদ্ৰোহীসকলৰ সৈতে সামৰিক বাহিনীৰ সংঘৰ্ষ হৈছিল। মুখপাত্ৰ জাও মিন টুনে অৱশ্যে এই সংঘৰ্ষত কোনো অসামৰিক লোকৰ হতাহত হোৱাৰ কথা অস্বীকাৰ কৰিছে। 

ইপিনে, শাসকবিৰোধী গোট কেএনডিএফৰ এজন মুখপাত্ৰই কয় যে ইয়াৰ যোদ্ধাসকলে দেওবাৰে নান নিয়ান্ট গাঁৱত প্ৰৱেশ কৰিছিল আৰু এটা বৌদ্ধ মন্দিৰত মৃতদেহবোৰ সিঁচৰতি হৈ থকা দেখিছিল।

কেএনডিএফ আৰু আন এটা বিদ্ৰোহী গোট কাৰেনি ৰিভলিউচন ইউনিয়নে কিছুমান ভিডিঅ’ আৰু ছবি মুকলি কৰিছে। তাত মৃতদেববোৰৰ শৰীৰ আৰু মূৰত গুলীৰ চিহ্নৰ লগতে মন্দিৰৰ দেৱালতো গুলীৰ চিহ্ন দেখা গৈছে।বাতৰিসমূহৰ মতে কোনো পক্ষৰে দাবী নিৰপেক্ষভাৱে প্ৰমাণিত কৰিব পৰা হোৱা নাই।

ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ হিচাপে পৰিচিত ম্যানমাৰৰ জুন্টা চৰকাৰৰ বিৰোধিতা কৰা ছায়া চৰকাৰৰ সদস্য ড০ য়ে জাৱে মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। তেওঁ সদৰী কৰা তথ্যমতে লোকসকলক অতি ওচৰৰ পৰা ছেমি অটোমেটিক অস্ত্ৰৰে গুলীয়াই হত্যা কৰা হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে মৃতসকলৰ তিনিজনে বৌদ্ধ ভিক্ষুসকলৰ গেৰুৱা পোছাক পিন্ধিছিল। প্ৰতিবেদনখনে লগতে কোৱা হৈছে “যিহেতু নান নিন মন্দিৰৰ চৌহদৰ ভিতৰত সকলো মৃতদেহ পোৱা গৈছিল, সেয়েহে এইটো এটা নিৰ্বিচাৰ হত্যাকাণ্ড বুলি ধৰি ল’ব পাৰি।”

উল্লেখ্য যে ৰাষ্ট্ৰসংঘই ম্যানমাৰৰ সামৰিক বাহিনীৰ বিৰুদ্ধে যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ