--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম্যানমাৰত অব্যাহত আছে সামৰিক দমন। শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক ঘটনা তিনিজন বৌদ্ধ ভিক্ষুসহ কমেও ২২ জন লোকক গুলীয়াই হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে। যোৱা সপ্তাহত সংঘটি হৈছিল এই হত্যাকাণ্ড । দেশখনৰ সামৰিক শাসকপক্ষৰ দ্বাৰাইয়েই এই হত্যাকাণ্ড কৰা বুলি প্ৰতিবাদীকাৰীসকলে প্ৰকাশ কৰিছে।
 
কিন্তু জুন্টা চৰকাৰে সাধাৰণ লোকৰ ওপৰত আক্ৰমণৰ অভিযোগ অস্বীকাৰ কৰে আৰু এই অভিযানক “সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান” বুলি অভিহিত কৰে। ম্যানমাৰৰ সামৰিক জুন্টাৰ এজন মুখপাত্ৰই কয় যে দেশখনৰ দক্ষিণ শান ৰাজ্যৰ পিনলাউং অঞ্চলত বিদ্ৰোহীসকলৰ সৈতে সামৰিক বাহিনীৰ সংঘৰ্ষ হৈছিল। মুখপাত্ৰ জাও মিন টুনে অৱশ্যে এই সংঘৰ্ষত কোনো অসামৰিক লোকৰ হতাহত হোৱাৰ কথা অস্বীকাৰ কৰিছে। 

ইপিনে, শাসকবিৰোধী গোট কেএনডিএফৰ এজন মুখপাত্ৰই কয় যে ইয়াৰ যোদ্ধাসকলে দেওবাৰে নান নিয়ান্ট গাঁৱত প্ৰৱেশ কৰিছিল আৰু এটা বৌদ্ধ মন্দিৰত মৃতদেহবোৰ সিঁচৰতি হৈ থকা দেখিছিল।

কেএনডিএফ আৰু আন এটা বিদ্ৰোহী গোট কাৰেনি ৰিভলিউচন ইউনিয়নে কিছুমান ভিডিঅ’ আৰু ছবি মুকলি কৰিছে। তাত মৃতদেববোৰৰ শৰীৰ আৰু মূৰত গুলীৰ চিহ্নৰ লগতে মন্দিৰৰ দেৱালতো গুলীৰ চিহ্ন দেখা গৈছে।বাতৰিসমূহৰ মতে কোনো পক্ষৰে দাবী নিৰপেক্ষভাৱে প্ৰমাণিত কৰিব পৰা হোৱা নাই।

ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ হিচাপে পৰিচিত ম্যানমাৰৰ জুন্টা চৰকাৰৰ বিৰোধিতা কৰা ছায়া চৰকাৰৰ সদস্য ড০ য়ে জাৱে মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। তেওঁ সদৰী কৰা তথ্যমতে লোকসকলক অতি ওচৰৰ পৰা ছেমি অটোমেটিক অস্ত্ৰৰে গুলীয়াই হত্যা কৰা হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে মৃতসকলৰ তিনিজনে বৌদ্ধ ভিক্ষুসকলৰ গেৰুৱা পোছাক পিন্ধিছিল। প্ৰতিবেদনখনে লগতে কোৱা হৈছে “যিহেতু নান নিন মন্দিৰৰ চৌহদৰ ভিতৰত সকলো মৃতদেহ পোৱা গৈছিল, সেয়েহে এইটো এটা নিৰ্বিচাৰ হত্যাকাণ্ড বুলি ধৰি ল’ব পাৰি।”

উল্লেখ্য যে ৰাষ্ট্ৰসংঘই ম্যানমাৰৰ সামৰিক বাহিনীৰ বিৰুদ্ধে যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা