--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিয়েটনাম এছিয়াৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত এখন সৰু দেশ। প্ৰশান্ত মহাসাগৰৰ পাৰত এই দেশৰ মাটিকালি মাত্ৰ তিনি লাখ বৰ্গ কিলোমিটাৰ। ন লাখ মানুহ আছে।

জনসংখ্যা আৰু আকাৰৰ ফালৰ পৰা ভিয়েটনাম ‘সৰু’। কিন্তু শেহতীয়াকৈ তাত যি দুৰ্নীতি পোৱা গৈছে সেয়া একেবাৰে ‘সৰু’ নহয়। দক্ষিণ এছিয়াৰ অন্যতম বৃহৎ দুৰ্নীতি উন্মোচিত হৈছে ভিয়েটনামত।

অভিযোগ অনুসৰি ভিয়েটনামৰ চৰকাৰী বেংক চাইগন কমাৰ্চিয়েলৰ পৰা কোটি কোটি টকা প্ৰৱঞ্চনা কৰা হৈছে। সেই তদন্তৰ উৎসৰ পৰা জানিব পৰা গ’ল ভিয়েটনামী এগৰাকী বৃদ্ধাৰ নাম।

যোৱা মাহত ভিয়েটনাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ট্ৰুং মি লানক। তেওঁৰ বয়স ৬৭ বছৰ। তেওঁ লাখ লাখ টকাৰ দুৰ্নীতিৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হৈছে।

ভিয়েটনামৰ দুৰ্নীতিৰ ‘মাষ্টাৰমাইণ্ড’ মি লান বুলি কোৱা হয়। গোটেই দুৰ্নীতি তেওঁ মেনেজ কৰি আছিল। এই দুৰ্নীতিৰ প্ৰভাৱত ভিয়েটনামৰ বেংকিং ব্যৱস্থাৰ পতন ঘটিবলৈ ওলাইছে।

অভিযোগ অনুসৰি ভিয়েটনামৰ বেংকটো মুঠ ১২ বিলিয়ন ডলাৰৰ আৰ্থিক প্ৰৱঞ্চনাৰ বলি হৈছে। ভিয়েটনামী মুদ্ৰাত সেইটো তিনি কোটি চাৰি লাখ কোটি ডং। ইয়াৰ অৰ্থ হ’ল ভাৰতীয় মুদ্ৰাত এক লাখ চাৰি হাজাৰ কোটি টকাতকৈও অধিক। এই পৰিমাণ ভিয়েটনামৰ মুঠ জিডিপিৰ তিনি শতাংশতকৈও অধিক।

মি লানে কি কৰিছিল? তেওঁ ৰিয়েল এষ্টেট ব্যৱসায়ৰ লগত জড়িত আছিল। দেশৰ চুক-কোণে তেওঁ নিজৰ জালখন মেলি দিলে। ভূৰি ভুৰিয়ে বেংকৰ পৰা ঋণ লৈছিল।

মি লানে বেংকৰ পৰা যিবোৰ কোম্পানীৰ জৰিয়তে ঋণ লয়, সেইবোৰৰ বেছিভাগেই ভুৱা। ভিয়েটনাম চৰকাৰৰ বিবৃতিত কোৱা হৈছে যে বৃদ্ধাগৰাকীয়ে হাজাৰৰো অধিক ভুৱা কোম্পানী খুলিছে।

অভিযোগ অনুসৰি বেংকৰ বিষয়াসকলেও লেনৰ সৈতে হাত মিলাইছিল। বুঢ়ীয়ে  ঘোচ দি সকলোকে মেনেজ কৰে। কিন্তু পিছত সকলো লিক হৈ গ’ল।

দুৰ্নীতিৰ অভিযোগত যোৱা বছৰ মি লানক গ্ৰেপ্তাৰ কৰা হৈছিল এবাৰ। পিছত জামিনত মুকলি কৰি দিয়া হয়। দুৰ্নীতিৰ শিপা কিমান গভীৰ সেয়া আৰক্ষীয়ে অনুমান কৰিব পৰা নাছিল।

দুৰ্নীতিৰ সৈতে জড়িত আন ৮৫জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে কমেও ২৪ জন ভিয়েটনাম চৰকাৰী বিষয়া। অৰ্থাৎ চৰকাৰৰ ভিতৰলৈ গৈছে দুৰ্নীতিৰ শিপা।

বহুতে ভিয়েটনামৰ এই দুৰ্নীতি ২০১০ চনত মালয়েছিয়াত হোৱা দুৰ্নীতিৰ সৈতে তুলনা কৰিছে। সেই ৩৭ হাজাৰ কোটি টকাৰ দুৰ্নীতিয়ে মালয়েছিয়া চৰকাৰক জোকাৰি গৈছিল।

ভিয়েটনামৰ কমিউনিষ্ট চৰকাৰে ২০১৬ চনৰ পৰা দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰিছে। বছৰটোৰ ভিতৰত হাজাৰৰো অধিক চৰকাৰী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

যোৱা জানুৱাৰী মাহত ভিয়েটনামৰ দুই উপ-প্ৰধানমন্ত্ৰীক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ইয়াৰ পিছত কমিউনিষ্ট চৰকাৰৰ ৰাজ্যিক সভাপতিজনে পদত্যাগ কৰে।

দুৰ্নীতিৰ গাঁতবোৰ খান্দি যোৱাৰ লগে লগে আৰু ডাঙৰ ডাঙৰ ৰৌ বৰালি ওলাই আহিব বুলি তদন্তকাৰীয়ে আশা কৰিছে। অনাগত দিনত আৰু ডাঙৰ ডাঙৰ মানুহক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

এই দুৰ্নীতিয়ে ভিয়েটনামৰ কমিউনিষ্ট চৰকাৰৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰিছে। দেশৰ অৰ্থনীতি আৰু ৰাজনীতি চৌদিশৰ পৰা অস্থিৰ হৈ পৰিছে। চৰকাৰৰ শীর্ষ বিষয়াসকলৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে৷ ফলত দেশৰ সাধাৰণ জনতাই ক্ষুব্ধ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ