--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এগৰাকী ৭৫ বছৰীয়া ভিয়েটনামী মহিলাৰ এই দাবী ইণ্টাৰনেটত বিয়পিবলৈ আৰম্ভ কৰিছে। মহিলাগৰাকীয়ে দাবী কৰে যে ৫০ বছৰ ধৰি তেওঁ শীতল পানীয় আৰু পানীৰ বাহিৰে একোৱেই খোৱা নাছিল।

বুই টি লয় নামৰ মহিলাগৰাকীয়ে ৫০ বছৰ ধৰি খাদ্য খোৱা নাছিল। অৱশ্যে চেহেৰাত সেয়া বুজিব নোৱাৰি। বুইয়ে কয় যে এই ঘটনা ১৯৬৩ চনৰ পৰা আৰম্ভ হৈছিল। 

মহিলাগৰাকীয়ে ক’লে, “১৯৬৩ চনত যুদ্ধৰ সময়ত মই আন মহিলাসকলৰ সৈতে পাহাৰত উঠি সৈনিকসকলৰ চিকিৎসা কৰিছিলো। পাহাৰ বগাই যোৱাৰ লগে লগে বজ্ৰপাত আৰম্ভ হ’ল। আৰু তাৰ বাবেই মই অচেতন হৈ পৰিলোঁ। দীৰ্ঘদিন বৰষুণৰ বাবে আমি পাহাৰত আবদ্ধ হৈ পৰিলোঁ। জ্ঞান ঘূৰাই পোৱাৰ পিছতো সেই অভিজ্ঞতাৰ পৰা ওলাই আহিব পৰা নাছিলো। চেতনা ঘূৰাই পোৱাৰ পিছত মই একো খাব পৰা নাছিলো। তাৰ পিছত মোৰ বন্ধুসকলে মোক মিঠা পানীয় খুৱাবলৈ ধৰিলে।''

কিছুদিনৰ পাছত তেওঁ ফল-মূল খাবলৈ ধৰিলে যদিও বুজি পালে ক’ৰবাত এটা সমস্যা আছে। ১৯৭০ চনৰ পৰা তেওঁ খাদ্য খোৱা একেবাৰে বন্ধ কৰি দিলে। মহিলাগৰাকীৰ ফ্ৰীজত মাত্ৰ বটলৰ লাইন আছে। মহিলাগৰাকীয়ে দাবী কৰিছে যে খাদ্যৰ গোন্ধ পালে বমি হয়।

বুইৰ ল'ৰা-ছোৱালীবোৰ এতিয়া পঢ়াৰ কাৰণে বাহিৰত থাকে। সেয়েহে তেওঁৰ পাকঘৰত ধূলিৰ তৰপটো জমা হ’ল। তেওঁ পাকঘৰ ব্যৱহাৰ নকৰে। শীতল পানীয়ত চেনি থাকে, যাৰ পৰা মহিলাৰ শৰীৰে শক্তি লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ