--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এগৰাকী ৭৫ বছৰীয়া ভিয়েটনামী মহিলাৰ এই দাবী ইণ্টাৰনেটত বিয়পিবলৈ আৰম্ভ কৰিছে। মহিলাগৰাকীয়ে দাবী কৰে যে ৫০ বছৰ ধৰি তেওঁ শীতল পানীয় আৰু পানীৰ বাহিৰে একোৱেই খোৱা নাছিল।

বুই টি লয় নামৰ মহিলাগৰাকীয়ে ৫০ বছৰ ধৰি খাদ্য খোৱা নাছিল। অৱশ্যে চেহেৰাত সেয়া বুজিব নোৱাৰি। বুইয়ে কয় যে এই ঘটনা ১৯৬৩ চনৰ পৰা আৰম্ভ হৈছিল। 

মহিলাগৰাকীয়ে ক’লে, “১৯৬৩ চনত যুদ্ধৰ সময়ত মই আন মহিলাসকলৰ সৈতে পাহাৰত উঠি সৈনিকসকলৰ চিকিৎসা কৰিছিলো। পাহাৰ বগাই যোৱাৰ লগে লগে বজ্ৰপাত আৰম্ভ হ’ল। আৰু তাৰ বাবেই মই অচেতন হৈ পৰিলোঁ। দীৰ্ঘদিন বৰষুণৰ বাবে আমি পাহাৰত আবদ্ধ হৈ পৰিলোঁ। জ্ঞান ঘূৰাই পোৱাৰ পিছতো সেই অভিজ্ঞতাৰ পৰা ওলাই আহিব পৰা নাছিলো। চেতনা ঘূৰাই পোৱাৰ পিছত মই একো খাব পৰা নাছিলো। তাৰ পিছত মোৰ বন্ধুসকলে মোক মিঠা পানীয় খুৱাবলৈ ধৰিলে।''

কিছুদিনৰ পাছত তেওঁ ফল-মূল খাবলৈ ধৰিলে যদিও বুজি পালে ক’ৰবাত এটা সমস্যা আছে। ১৯৭০ চনৰ পৰা তেওঁ খাদ্য খোৱা একেবাৰে বন্ধ কৰি দিলে। মহিলাগৰাকীৰ ফ্ৰীজত মাত্ৰ বটলৰ লাইন আছে। মহিলাগৰাকীয়ে দাবী কৰিছে যে খাদ্যৰ গোন্ধ পালে বমি হয়।

বুইৰ ল'ৰা-ছোৱালীবোৰ এতিয়া পঢ়াৰ কাৰণে বাহিৰত থাকে। সেয়েহে তেওঁৰ পাকঘৰত ধূলিৰ তৰপটো জমা হ’ল। তেওঁ পাকঘৰ ব্যৱহাৰ নকৰে। শীতল পানীয়ত চেনি থাকে, যাৰ পৰা মহিলাৰ শৰীৰে শক্তি লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা