--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰাণত সংঘটিত হোৱা হিজাব বিতৰ্কৰ ঢৌৱে ভাৰতকো চুই গৈছে। নেটফ্লিক্সৰ হিট ছিৰিজ ‘ছেক্ৰেড গেমছ’ত অভিনয় কৰা বলীউডৰ অভিনেত্ৰী এলনাজ নোৰৌজীয়েও এই হিজাব বিতৰ্কত জপিয়াই পৰিছে। ইৰাণত হিজাবৰ বিৰুদ্ধে মহিলাসকলে কৰা বিক্ষোভক সমৰ্থন কৰি এলনাজ নোৰৌজীয়ে কয় যে মহিলাসকলে যি বিচাৰে তাকে পিন্ধাৰ অধিকাৰ আছে। মঙলবাৰে এলনাজে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত হিজাবৰ বিৰোধিতা কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত অভিনেত্ৰী এলনাজক হিজাব আৰু বুৰ্খা খুলি দিয়া দেখা গৈছে। বুৰ্খা খুলি দিয়াৰ পাছত তেওঁ এটা এটাকৈ সকলো কাপোৰ খুলি দিয়ে আৰু এইদৰে তেওঁ ইৰাণী মহিলাৰ এই বিক্ষোভত সমৰ্থন আগবঢ়ায়। তেওঁ এই ভিডিঅ’টোৰ শিৰোনামত লিখিছে ‘মায় ব’ডী, মায় চইছ’। 

তেওঁ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘প্ৰতিগৰাকী মহিলাই, পৃথিৱীৰ যিকোনো ঠাইতে, তেওঁ য’ৰে নহওক কিয়, তেওঁ যি বিচাৰে, যেতিয়াই আৰু য’তেই বিচাৰে সকলো পিন্ধাৰ অধিকাৰ থাকিব লাগে। কোনো পুৰুষ বা আন কোনো মহিলাই তেওঁক বিচাৰ কৰাৰ বা আন কাপোৰ পিন্ধিবলৈ কোৱাৰ অধিকাৰ নাই।

এলনাজে লগতে আৰু লিখিছে, ‘‘প্ৰত্যেকৰে দৃষ্টিভংগী আৰু বিশ্বাস বেলেগ বেলেগ আৰু তেওঁলোকক সন্মান কৰা উচিত। গণতন্ত্ৰ মানে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা... প্ৰতিগৰাকী নাৰীৰ নিজৰ শৰীৰৰ বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব লাগে। মই নগ্নতাক প্ৰচাৰ কৰা নাই, মই নিজৰ পছন্দৰ স্বাধীনতাক প্ৰচাৰ কৰিছো।’’

উল্লেখ্য যে অভিনয়ৰ ক্ষেত্ৰত কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে অভিনেত্ৰী এলনাজ নোৰৌজীয়ে প্ৰায় ১০ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় মডেল হিচাপে কাম কৰিছিল। এই সময়ছোৱাত তেওঁ বহুতো ব্ৰেণ্ডৰ বাবে কাম কৰিছে। এলনাজ ইৰাণী মূলৰ অভিনেত্ৰী।

কি এই বিবাদ?

ছেপ্টেম্বৰ মাহত মহছা আমিনী নামৰ এগৰাকী যুৱতীয়ে হিজাব নিপিন্ধা বাবে ইৰাণৰ ধৰ্মীয় আৰক্ষীয়ে জিম্মাত লৈছিল। তাৰ পাছত থানাতে তিনি দিনৰ পাছত তেওঁৰ মৃত্যু হৈছিল। আমিনীৰ মৃত্যুৰ বিৰুদ্ধে সমগ্ৰ দেশৰ কেইবাখনো চহৰত প্ৰতিবাদ সাব্যস্ত হয়। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ক্ৰমান্বয়ে ইৰাণত বিক্ষোভৰ জুই আৰু অধিক বিয়পি পৰিছে আৰু সমগ্ৰ বিশ্বৰ পৰাও ইয়াৰ সমৰ্থনত মানুহ ওলাই আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’