--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰাণত সংঘটিত হোৱা হিজাব বিতৰ্কৰ ঢৌৱে ভাৰতকো চুই গৈছে। নেটফ্লিক্সৰ হিট ছিৰিজ ‘ছেক্ৰেড গেমছ’ত অভিনয় কৰা বলীউডৰ অভিনেত্ৰী এলনাজ নোৰৌজীয়েও এই হিজাব বিতৰ্কত জপিয়াই পৰিছে। ইৰাণত হিজাবৰ বিৰুদ্ধে মহিলাসকলে কৰা বিক্ষোভক সমৰ্থন কৰি এলনাজ নোৰৌজীয়ে কয় যে মহিলাসকলে যি বিচাৰে তাকে পিন্ধাৰ অধিকাৰ আছে। মঙলবাৰে এলনাজে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত হিজাবৰ বিৰোধিতা কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত অভিনেত্ৰী এলনাজক হিজাব আৰু বুৰ্খা খুলি দিয়া দেখা গৈছে। বুৰ্খা খুলি দিয়াৰ পাছত তেওঁ এটা এটাকৈ সকলো কাপোৰ খুলি দিয়ে আৰু এইদৰে তেওঁ ইৰাণী মহিলাৰ এই বিক্ষোভত সমৰ্থন আগবঢ়ায়। তেওঁ এই ভিডিঅ’টোৰ শিৰোনামত লিখিছে ‘মায় ব’ডী, মায় চইছ’। 

তেওঁ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘প্ৰতিগৰাকী মহিলাই, পৃথিৱীৰ যিকোনো ঠাইতে, তেওঁ য’ৰে নহওক কিয়, তেওঁ যি বিচাৰে, যেতিয়াই আৰু য’তেই বিচাৰে সকলো পিন্ধাৰ অধিকাৰ থাকিব লাগে। কোনো পুৰুষ বা আন কোনো মহিলাই তেওঁক বিচাৰ কৰাৰ বা আন কাপোৰ পিন্ধিবলৈ কোৱাৰ অধিকাৰ নাই।

এলনাজে লগতে আৰু লিখিছে, ‘‘প্ৰত্যেকৰে দৃষ্টিভংগী আৰু বিশ্বাস বেলেগ বেলেগ আৰু তেওঁলোকক সন্মান কৰা উচিত। গণতন্ত্ৰ মানে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা... প্ৰতিগৰাকী নাৰীৰ নিজৰ শৰীৰৰ বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব লাগে। মই নগ্নতাক প্ৰচাৰ কৰা নাই, মই নিজৰ পছন্দৰ স্বাধীনতাক প্ৰচাৰ কৰিছো।’’

উল্লেখ্য যে অভিনয়ৰ ক্ষেত্ৰত কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে অভিনেত্ৰী এলনাজ নোৰৌজীয়ে প্ৰায় ১০ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় মডেল হিচাপে কাম কৰিছিল। এই সময়ছোৱাত তেওঁ বহুতো ব্ৰেণ্ডৰ বাবে কাম কৰিছে। এলনাজ ইৰাণী মূলৰ অভিনেত্ৰী।

কি এই বিবাদ?

ছেপ্টেম্বৰ মাহত মহছা আমিনী নামৰ এগৰাকী যুৱতীয়ে হিজাব নিপিন্ধা বাবে ইৰাণৰ ধৰ্মীয় আৰক্ষীয়ে জিম্মাত লৈছিল। তাৰ পাছত থানাতে তিনি দিনৰ পাছত তেওঁৰ মৃত্যু হৈছিল। আমিনীৰ মৃত্যুৰ বিৰুদ্ধে সমগ্ৰ দেশৰ কেইবাখনো চহৰত প্ৰতিবাদ সাব্যস্ত হয়। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ক্ৰমান্বয়ে ইৰাণত বিক্ষোভৰ জুই আৰু অধিক বিয়পি পৰিছে আৰু সমগ্ৰ বিশ্বৰ পৰাও ইয়াৰ সমৰ্থনত মানুহ ওলাই আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?