--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চিবিআইয়ে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে এটা নতুন গোচৰ ৰুজু কৰিছে আৰু আজি পুৱাৰে পৰা তেওঁৰ বাসভৱনকে ধৰি বিহাৰৰ আন ১৫টা স্থানত আৰম্ভ কৰিছে তালাচী অভিযান৷ এই নতুন গোচৰটো লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত নিযুক্তিৰ দুৰ্নীতিৰ সৈতে সম্পৰ্কিত বুলি তদন্তকাৰী বিষয়াসকলে সদৰী কৰিছে৷ 

 

চিবিআই-এ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু তেওঁৰ জীয়ৰী উভয়ৰে বিৰুদ্ধে তেওঁলোকৰ কাৰ্যকালত নিযুক্তিত সংঘটিত অনিয়মৰ অভিযোগত এটা নতুন গোচৰ ৰুজু কৰিছে। ৰুজু কৰিছে নতুন গোচৰ৷

 

পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিনত কাৰামুক্ত হৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী৷ দৰাচলতে, চিবিআইয়ে লালু আৰু তেওঁৰ জীয়েকৰ বিৰুদ্ধে তেওঁলোকৰ কাৰ্যকালত নিযুক্তিত দুৰ্নীতিৰ অভিযোগত ৰুজু কৰা নতুন গোচৰটোৰ ভিত্তিত চিবিআইৰ দলটোৱে পাটনাত লালুৰ ১৫ টা স্থানত অভিযান চলাইছে৷

 

উল্লেখযোগ্য যে, লালু প্ৰসাদ যাদৱে এপ্ৰিলত আদালতৰ পৰা জামিন লাভ কৰিছিল। পশুখাদ্য কেলেংকাৰীৰ গোচৰত এপ্ৰিলৰ ২২ তাৰিখে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱক জামিন প্ৰদান কৰিছিল৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত