--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চিবিআইয়ে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে এটা নতুন গোচৰ ৰুজু কৰিছে আৰু আজি পুৱাৰে পৰা তেওঁৰ বাসভৱনকে ধৰি বিহাৰৰ আন ১৫টা স্থানত আৰম্ভ কৰিছে তালাচী অভিযান৷ এই নতুন গোচৰটো লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত নিযুক্তিৰ দুৰ্নীতিৰ সৈতে সম্পৰ্কিত বুলি তদন্তকাৰী বিষয়াসকলে সদৰী কৰিছে৷ 

 

চিবিআই-এ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু তেওঁৰ জীয়ৰী উভয়ৰে বিৰুদ্ধে তেওঁলোকৰ কাৰ্যকালত নিযুক্তিত সংঘটিত অনিয়মৰ অভিযোগত এটা নতুন গোচৰ ৰুজু কৰিছে। ৰুজু কৰিছে নতুন গোচৰ৷

 

পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিনত কাৰামুক্ত হৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী৷ দৰাচলতে, চিবিআইয়ে লালু আৰু তেওঁৰ জীয়েকৰ বিৰুদ্ধে তেওঁলোকৰ কাৰ্যকালত নিযুক্তিত দুৰ্নীতিৰ অভিযোগত ৰুজু কৰা নতুন গোচৰটোৰ ভিত্তিত চিবিআইৰ দলটোৱে পাটনাত লালুৰ ১৫ টা স্থানত অভিযান চলাইছে৷

 

উল্লেখযোগ্য যে, লালু প্ৰসাদ যাদৱে এপ্ৰিলত আদালতৰ পৰা জামিন লাভ কৰিছিল। পশুখাদ্য কেলেংকাৰীৰ গোচৰত এপ্ৰিলৰ ২২ তাৰিখে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱক জামিন প্ৰদান কৰিছিল৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী