--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ বাসিন্দা মানৱী ৰাজে প্ৰকাশ কৰিছে চাঞ্চল্যকৰ অভিযোগ। মানৱীয়ে লাভ জেহাদৰ বলি হোৱা বুলি মডেলিং কোম্পানীৰ মালিকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

নিতৌ লাভ জেহাদ আৰু হত্যাৰ নতুন নতুন গোচৰ ধাৰাবাহিকভাৱে চৰ্চালৈ আহিছে। দিল্লীৰ পৰা পোহৰলৈ অহা বিষয়টো অন্ত নপৰোতেই আন এটা চাঞ্চল্যকৰ গোচৰ চৰ্চালৈ আহিছে। বিহাৰৰ বাসিন্দা মডেল মানৱী ৰাজে ৰাজধানী ঝাৰখণ্ডৰ এটা মডেলিং কোম্পানীৰ মালিকক লাভ জেহাদৰ অভিযোগ উত্থাপন কৰে। 

মানৱী ৰাজে টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে তেওঁ বিহাৰৰ পৰা ৰাঁচীলৈ আহিছে, যাতে তেওঁ নিজকে মডেলিঙত আগবঢ়াব নিব পাৰে৷ কিন্তু, আগলৈ গৈ তেওঁৰ কি হ’ব সেই বিষয়ে তেওঁ সচেতন নাছিল। মানৱীয়ে ৰাঁচীৰ এখন গ্ৰুমিং ইনষ্টিটিউটত যোগদান কৰে। মানৱীক দেখি তাৰ মালিকৰ প্ৰেমত পৰিল। তেনেকৈয়ে দুয়োৰে বন্ধুত্বৰ আৰম্ভণি হয়।   

পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানৰ মালিকে তেওঁক বন্ধুতকৈও বেছি বিবেচনা কৰিবলৈ ধৰিলে। তাৰ পাছতেই  ইনষ্টিটিউটৰ মালিকে তেওঁক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। উল্লেখ্য যে পৰৱৰ্তী সময়ত মানৱীক বিয়া আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।কিন্তু কিছু দিনত অন্তত পোহৰলৈ আহিল গ্ৰুমাৰৰ ন ন তথ্য । আচলতে ইনষ্টিটিউটৰ মালিকে মানৱীক তেওঁৰ নাম যশ বুলি কৈছিল, কিন্তু তেওঁৰ প্ৰকৃত নাম তনবীৰ আখতাৰ খান। এই কথা মানৱীয়ে গম পোৱাৰ লগে লগে তাইৰ মনত ইমানেই ঘৃণা উপজিল যে ল’ৰাজনৰ লগত বন্ধুত্ব ভাঙি পেলাবলৈ বাধ্য হল মানৱী।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস