--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ইছলামিক সংগঠন  পিএফআই-এ। এনে তথ্য লাভ কৰাৰ পিছতে এতিয়া অধিক সক্ৰিয় হৈ পৰিছে তদন্তকাৰী সংস্থা নিয়া। যোৱা বছৰ কেন্দ্ৰই মৌলবাদী সংগঠন পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পিএফআই) ক  নিষিদ্ধ কৰিছিল। 

কেৱল সেয়াই নহয়, অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত সংগঠনটোৰ বহু সদস্য তথা নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। নিয়াই বুধবাৰে পিএফআইৰ সন্ধানত  বাংগালুৰুৰ বিভিন্ন স্থানত তালাচী আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰ জুলাইত পাটনা ভ্ৰমণ কৰিছিল। সেই সময়তে  পিএফআইয়ে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি অভিযোগ উঠিছিল।সেই গোচৰৰ আঁত ধৰিয়েই আজি নিয়াই  বাংগালুৰুত অনুসন্ধান চলায়।জানিব পৰা মতে নিয়াই  ইতিমধ্যে ১৬ টা স্থানত তালাচী চলাইছে।

 এই তালাচীৰ সময়ত চাৰিজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নিয়াৰ এগৰাকী বিষয়াই কৈছে যে তেওঁলোকে স্থানীয় আৰক্ষীৰ সহায়ত এই ১৬ টা ঠাইৰ পৰা উদ্ধাৰ কৰা নথিপত্ৰসমূহো পৰীক্ষা কৰি আছে। জানিব পৰা গৈছে যে পিএফআইয়ে বিভিন্ন ঘৰ, কাৰ্যালয় আৰু আনকি চিকিৎসালয়ৰ পৰাও সংগঠনটোৰ  কাম চলাইছিল। 

নিয়াই সমগ্ৰ বিষয়টো চোৱা-চিতা কৰি আছে।যোৱা বছৰ ছেপ্টেম্বৰত, ইউ.এ.পি.এ.-চৰকাৰৰ দিনত পি.এফ.আই. সংগঠনটো পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল। কেৱল পিএফআইয়েই নহয় ইয়াৰ সৈতে জড়িত আন  বহু সংগঠন, যেনে চিএফআই, অল ইণ্ডিয়া ইমাম কাউন্সিল, ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, নেচনেল উইমেনফ্ৰণ্টকো অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত সংগঠন হিচাপে ঘোষণা কৰা হৈছিল।

ফেব্ৰুৱাৰী মাহত  মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী গোটে  সংগঠনটোৰ বিষয়ে বিস্ফোৰক তথ্য লাভ কৰিছিল।  খবৰ পোৱা গৈছিল যে সংগঠনটোৰ উদ্দেশ্য আছিল ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামৰ শাসন প্ৰতিষ্ঠা কৰা ।সংগঠনটোৱে এই পৰিকল্পনা সফল কৰিবলৈ  বিদেশী শক্তিৰ পৰা প্ৰয়োজনীয় অস্ত্ৰ আৰু অন্যান্য সহায় লাভ কৰাৰ পৰিকল্পনাও কৰিছিল বুলি জানিব পৰা গৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ