--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ইছলামিক সংগঠন  পিএফআই-এ। এনে তথ্য লাভ কৰাৰ পিছতে এতিয়া অধিক সক্ৰিয় হৈ পৰিছে তদন্তকাৰী সংস্থা নিয়া। যোৱা বছৰ কেন্দ্ৰই মৌলবাদী সংগঠন পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পিএফআই) ক  নিষিদ্ধ কৰিছিল। 

কেৱল সেয়াই নহয়, অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত সংগঠনটোৰ বহু সদস্য তথা নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। নিয়াই বুধবাৰে পিএফআইৰ সন্ধানত  বাংগালুৰুৰ বিভিন্ন স্থানত তালাচী আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰ জুলাইত পাটনা ভ্ৰমণ কৰিছিল। সেই সময়তে  পিএফআইয়ে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি অভিযোগ উঠিছিল।সেই গোচৰৰ আঁত ধৰিয়েই আজি নিয়াই  বাংগালুৰুত অনুসন্ধান চলায়।জানিব পৰা মতে নিয়াই  ইতিমধ্যে ১৬ টা স্থানত তালাচী চলাইছে।

 এই তালাচীৰ সময়ত চাৰিজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নিয়াৰ এগৰাকী বিষয়াই কৈছে যে তেওঁলোকে স্থানীয় আৰক্ষীৰ সহায়ত এই ১৬ টা ঠাইৰ পৰা উদ্ধাৰ কৰা নথিপত্ৰসমূহো পৰীক্ষা কৰি আছে। জানিব পৰা গৈছে যে পিএফআইয়ে বিভিন্ন ঘৰ, কাৰ্যালয় আৰু আনকি চিকিৎসালয়ৰ পৰাও সংগঠনটোৰ  কাম চলাইছিল। 

নিয়াই সমগ্ৰ বিষয়টো চোৱা-চিতা কৰি আছে।যোৱা বছৰ ছেপ্টেম্বৰত, ইউ.এ.পি.এ.-চৰকাৰৰ দিনত পি.এফ.আই. সংগঠনটো পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল। কেৱল পিএফআইয়েই নহয় ইয়াৰ সৈতে জড়িত আন  বহু সংগঠন, যেনে চিএফআই, অল ইণ্ডিয়া ইমাম কাউন্সিল, ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, নেচনেল উইমেনফ্ৰণ্টকো অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত সংগঠন হিচাপে ঘোষণা কৰা হৈছিল।

ফেব্ৰুৱাৰী মাহত  মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী গোটে  সংগঠনটোৰ বিষয়ে বিস্ফোৰক তথ্য লাভ কৰিছিল।  খবৰ পোৱা গৈছিল যে সংগঠনটোৰ উদ্দেশ্য আছিল ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামৰ শাসন প্ৰতিষ্ঠা কৰা ।সংগঠনটোৱে এই পৰিকল্পনা সফল কৰিবলৈ  বিদেশী শক্তিৰ পৰা প্ৰয়োজনীয় অস্ত্ৰ আৰু অন্যান্য সহায় লাভ কৰাৰ পৰিকল্পনাও কৰিছিল বুলি জানিব পৰা গৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement