--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে কমনৱেলথ গেমচৰ প্ৰস্তুতিৰ বাবে নিজৰ প্ৰশিক্ষক অনুপস্থিতিৰ বাবে মানসিকভাৱে হাৰাশাস্তি অনুভৱ কৰা বুলি উল্লেখ কৰিছিল। আৰু এই মন্তব্য দ্ৰুত গতিত প্ৰচাৰ হোৱাৰ এদিন পাছতে অৱশেষত মঙলবাৰে খেলসমূহৰ বাবে লাভলিনাৰ
প্ৰশিক্ষকসকলৰ মাজৰে এগৰাকী, সন্ধ্যা গুৰুঙে স্বীকৃতি লাভ কৰে। টুইটাৰত নিজৰ হতাশা প্ৰকাশ কৰিছিল লিভলিনা বৰগোহাঁইয়ে।

টুইটাৰযোগে লাভলিনাই অভিযোগ কৰে অলিম্পিকত পদকপ্ৰাপ্তিৰ ক্ষেত্ৰত অৰিহণা যোগোৱা তেওঁৰ প্ৰশিক্ষকক বাৰে বাৰে আঁতৰাই দিয়া হৈছে। তেওঁৰ আন এগৰাকী প্ৰশিক্ষকক কমনৱেলথ ভিলেজত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। এনে অৱস্থাত তেওঁ অতি মানসিক অশান্তিত থাকিবলগীয়া হৈছে।

লাভলিনাই কয় ,"আজি অত্যন্ত দুখৰ সৈতে মই প্ৰকাশ কৰিব বিচাৰো যে মোৰ সৈতে নিৰ্যাতন চলি আছে। মোক অলিম্পিক পদক জিকাত সহায় কৰা প্ৰশিক্ষকসকলক আঁতৰোৱা হৈছিল যিয়ে এতিয়া মোক প্ৰশিক্ষণ প্ৰক্ৰিয়াত বাধা দিছিল। এজন প্ৰশিক্ষক হৈছে সন্ধ্যা গুৰুংজী, যি এগৰাকী দ্ৰোণাচাৰ্য বঁটা প্ৰাপ্ত।"

অৱশেষত মঙলবাৰে খেলসমূহৰ বাবে  সন্ধ্যা গুৰুঙে স্বীকৃতি লাভ কৰে । সন্ধ্যা গুৰুঙে আজি নিজেই উল্লেখ কৰি কয় যে ‘মই কমনৱেলথ ভিডিঅ’ গেমছ ২০২২ৰ স্বীকৃতি লাভ কৰিছো '

সোমবাৰে লভলিনাই কৰা টুইটটোৱে এক অভূতপূৰ্ব প্ৰভাৱৰ সৃষ্টি কৰিছিল, ক্ৰীড়া বিভাগৰ কাৰ্যকলাপ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ কাৰ্যকলাপে তেওঁৰ টুইটটো শ্বেয়াৰ কৰি পোষ্ট কৰিছিল,“আমি ভাৰতীয় অলিম্পিক সংযুক্ত প্ৰতিষ্ঠানক আহ্বান জনাইছো যে তৎক্ষণাত প্ৰশিক্ষকৰ স্বীকৃতিৰ বাবে প্ৰস্তুতি চলাওক ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ