--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০০২ চনৰ ১৩ জুলাই। ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে ত্ৰিদেশীয় নেটৱেষ্ট শৃংখলাৰ ফাইনেলত অৱতীৰ্ণ হৈছে সৌৰভ গাংগুলী নেতৃত্বাধীন ভাৰত। প্ৰথমে বেটিং কৰি ঘৰুৱা দলটোৱে অপেনাৰ মাৰ্কুছ ট্ৰেচক'থিক আৰু অধিনায়ক নাচিৰ হুছেইনৰ দুৰ্দান্ত শতকীয় ইনিংছৰ সহায়েৰে থিয় কৰালে ৩২৫ ৰানৰ বিশাল স্ক'ৰ। ভাৰতীয় ক্ৰিকেটত এক নতুন আগ্ৰাসী চৰিত্ৰৰ সূচনা কৰা অধিনায়ক হিচাপে খ্যাত গাংগুলীৰ বাবে মেচখনত জয়ী হোৱাটোৱেই একমাত্ৰ লক্ষ্য। লক্ষ্য, ঘৰৰ মাটিত দৰ্পচূৰ্ণ কৰিব ইংলেণ্ডক। আৰু এই উদ্দেশ্যেৰেই ৩২৬ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি সতীৰ্থ অপেনাৰ বীৰেন্দ্ৰ সেহৱাগৰ সৈতে ইনিংছ আৰম্ভ কৰি প্ৰথমৰ পৰাই আক্ৰমণাত্মক হৈ পৰে গাংগুলী। 

প্ৰথম উইকেটৰ যুটীত দুয়ো ১০৬ ৰান যোগ দিয়াৰ পাছত ৪৩ বলত ৬০ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় দাদা। আৰু তাৰ পিছতেই তাচপাতৰ দৰে খহি পৰে ভাৰতীয় বেটিং লাইন আপ। এটা সময়ত দলৰ স্ক’ৰ হয়গৈ পাঁচ উইকেটত ১৪৬ ৰান। কিন্তু তাৰ পাছতেই দুই যুৱ তাৰকা যুৱৰাজ সিং আৰু মহম্মদ কাঈফে ভাৰতৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ ভাৰতক জয়ৰ প্ৰায় দুৱাৰদলিত থিয় কৰায়। দুয়ো ১২১ ৰানৰ এক বিজয়ী যুটি বন্ধাৰ পাছত যুৱৰাজে ৬৯ৰান কৰি বিদায় ল’লেও কাইফে ৮৭ ৰানৰ এক মেচ উইনিং ইনিংছেৰে অপৰাজিত থাকে।

মেচখনত ভাৰতৰ হৈ জাহিৰ খানে বিজয়ী ৰানটো সংগ্ৰহ কৰাৰ লগে লগে লৰ্ডছৰ বেলকনীত দেখিবলৈ পোৱা গৈছিল এক বিশেষ দৃশ্য, যি পিছলৈ হৈ পৰে ভাৰতীয় ক্ৰিকেটৰে এক ঐতিহাসিক ক্ষণ। ভাৰতৰ বিজয়ৰ লগে লগে দলৰ অধিনায়ক গাংগুলীয়ে নিজৰ চোলা খুলি হাতেৰে ঘূৰাই ঘূৰাই উপভোগ কৰিছিল বিজয়ৰ এই গৌৰৱময় মুহূৰ্ত। ক্ৰিকেট বিশ্বৰ সমুখত যেন দেখুৱাই দিছিল, ভাৰতীয় ক্ৰিকেটে এতিয়া সকলো কৰিব পাৰে; অনায়াসে বিদেশৰ মাটিত উৰুৱাব পাৰে ভাৰতৰ জয়ৰ নিচান!

লৰ্ডছৰ বেলকনীৰ এই দৃশ্য এতিয়াও ভাঁহি আহে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ চকুৰ আগত। লৰ্ডছৰ বুকুত ভাৰতৰ মেচ মানেই যেন গাংগুলীৰ চোলা ঘূৰোৱা সেই দৃশ্যৰ পুনৰাবৃত্তি! লৰ্ডছৰ বুকুত এই ঐতিহাসিক ক্ষণৰ সূচনা কৰা বংগৰ মহাৰাজ খ্যাত গাংগুলীক মঙলবাৰে পুনৰবাৰ দেখা গ’ল লৰ্ডছত বেলকনীত। হাতত জাতীয় পতাকা লৈ অনুৰাগীক জনালে অভিবাদন। লগে লগে পুনৰবাৰ অনুৰাগী ডুব গ’ল অতীতত! 

অৱশ্যে এইবাৰ গাংগুলী ইংলেণ্ডৰ লৰ্ডছত নহয়, পশ্চিম বংগৰ লৰ্ডছৰ বেলকনীতহে থিয় হৈছে। স্বাভাৱিকতেই লৰ্ডছ পশ্চিম বংগত বুলি উল্লেখ কৰাৰ বাবে আচৰিত হোৱাৰ কথা, পিছে এয়া সঁচা। দৰাচলতে এইবাৰ কলকাতাত আগন্তুক দুৰ্গা পূজা উপলক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে লৰ্ডছৰ আৰ্হিৰ এটা পূজা মণ্ডপ। আৰু এই মণ্ডপ উদ্বোধনৰ বাবেই মঙলবাৰে উপস্থিত হৈছিল গাংগুলী আৰু লৰ্ডছৰ এই প্ৰতীকি বেলকনীত থিয় হৈ গাংগুলীয়ে অনুৰাগীক অভিবাদন জনায়।

উল্লেখ্য যে বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সৌৰভ গাংগুলীক ভাৰতীয় ক্ৰিকেটৰ এক নতুন ধাৰাৰ সূচনাকাৰী অধিনায়ক হিচাপে স্বীকৃতি দিয়া হয়। দেশৰ ক্ৰিকেট ইতিহাসৰ অন্যতম সফল অধিনায়ক হিচাপে খ্যাত গাংগুলীৰ নেতৃত্বতেই ভাৰতে বিদেশৰ মাটিতো জয় অৰ্জনৰ ধাৰাৰ পাতনি মেলিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু