--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ বিজেপি নেতা উমা ভাৰতীয়ে দেওবাৰে ভূপালৰ বৰখেদাৰ এখন সুৰাৰ দোকানত উপস্থিত হৈ দোকানখনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰিছিল। উমা ভাৰতীৰ একাংশ অনুৰাগীয়ে অঞ্চলটোত অনিয়ন্ত্ৰিতভাৱে গঢ়ি উঠা সুৰাৰ দোকানক অসন্তুষ্টি ব্যক্ত কৰে আনকি তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা ইয়াক বন্ধ কৰিবলৈ কেইবাবাৰো দাবীও জনাইছিল, কিন্তু কাৰ্যত সেইয়া পৰিণত নহ’ল। এইবাৰ তেওঁলোকে পুনৰ এবাৰ প্ৰশাসনক এসপ্তাহৰ ভিতৰত সুৰাৰ দোকান আৰু চৌহদ বন্ধ কৰিবলৈ সকিয়াই দিছে। বৰ্তমান তেওঁ সুৰাৰ দোকানলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰা এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাটো মধ্য প্ৰদেশৰ ভূপালত দেওবাৰে সংঘটিত হৈছিল। উল্লেখ্য যে, তেওঁ এসময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল। আজিও, এই ৰাজ্যখনত গেৰুৱা দলৰ শাসন আছে। এই সন্দৰ্ভত, উমাই ৰাজ্যখনত পূৰ্বৰে পৰা সুৰা বিক্ৰী আৰু সুৰাপানৰ ওপৰত স্থায়ী নিষেধাজ্ঞা কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে। উমা ভাৰতীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে দেওবাৰে সুৰা বিৰোধী অভিযানত গৈছিল। তেওঁক ভূপালৰ বিভিন্ন সুৰাৰ দোকানৰ বাহিৰত সুৰা বিৰোধী অভিযানৰ নেতৃত্ব দিয়া দেখা গৈছিল। সূত্ৰ অনুসৰি, উমাই স্থানীয় প্ৰশাসনিক বিষয়াসকলক যথেষ্ট তথ্য প্ৰদান কৰিছে। তেওঁলোকক স্পষ্ট কৈছিল যে চহৰখনৰ সকলো সুৰাৰ দোকান এসপ্তাহৰ ভিতৰত বন্ধ কৰিব লাগিব। ইয়াৰ পাছতে উমা ভাৰতীয়ে কেইবাটাও টুইট লিখিছিল, "শ্ৰমিকৰ বসতি স্থান, মন্দিৰ আছে, সৰু ল'ৰা-ছোৱালীৰ বাবে বিদ্যালয় থকাৰ পাছতো অঞ্চলটোত অনিয়ন্ত্ৰিতভাৱে গঢ়ি উঠা এই সুৰাৰ বিপনীসমূহে অনাগত সময়ত ভৱিষ্যত প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলি তেওঁলোকে আশংকা কৰি উমা ভাৰতীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। উমাই এই সন্দৰ্ভত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, আনকি বিজেপি নেতাজনো এই সন্দৰ্ভত কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন