--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ বিজেপি নেতা উমা ভাৰতীয়ে দেওবাৰে ভূপালৰ বৰখেদাৰ এখন সুৰাৰ দোকানত উপস্থিত হৈ দোকানখনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰিছিল। উমা ভাৰতীৰ একাংশ অনুৰাগীয়ে অঞ্চলটোত অনিয়ন্ত্ৰিতভাৱে গঢ়ি উঠা সুৰাৰ দোকানক অসন্তুষ্টি ব্যক্ত কৰে আনকি তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা ইয়াক বন্ধ কৰিবলৈ কেইবাবাৰো দাবীও জনাইছিল, কিন্তু কাৰ্যত সেইয়া পৰিণত নহ’ল। এইবাৰ তেওঁলোকে পুনৰ এবাৰ প্ৰশাসনক এসপ্তাহৰ ভিতৰত সুৰাৰ দোকান আৰু চৌহদ বন্ধ কৰিবলৈ সকিয়াই দিছে। বৰ্তমান তেওঁ সুৰাৰ দোকানলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰা এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাটো মধ্য প্ৰদেশৰ ভূপালত দেওবাৰে সংঘটিত হৈছিল। উল্লেখ্য যে, তেওঁ এসময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল। আজিও, এই ৰাজ্যখনত গেৰুৱা দলৰ শাসন আছে। এই সন্দৰ্ভত, উমাই ৰাজ্যখনত পূৰ্বৰে পৰা সুৰা বিক্ৰী আৰু সুৰাপানৰ ওপৰত স্থায়ী নিষেধাজ্ঞা কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে। উমা ভাৰতীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে দেওবাৰে সুৰা বিৰোধী অভিযানত গৈছিল। তেওঁক ভূপালৰ বিভিন্ন সুৰাৰ দোকানৰ বাহিৰত সুৰা বিৰোধী অভিযানৰ নেতৃত্ব দিয়া দেখা গৈছিল। সূত্ৰ অনুসৰি, উমাই স্থানীয় প্ৰশাসনিক বিষয়াসকলক যথেষ্ট তথ্য প্ৰদান কৰিছে। তেওঁলোকক স্পষ্ট কৈছিল যে চহৰখনৰ সকলো সুৰাৰ দোকান এসপ্তাহৰ ভিতৰত বন্ধ কৰিব লাগিব। ইয়াৰ পাছতে উমা ভাৰতীয়ে কেইবাটাও টুইট লিখিছিল, "শ্ৰমিকৰ বসতি স্থান, মন্দিৰ আছে, সৰু ল'ৰা-ছোৱালীৰ বাবে বিদ্যালয় থকাৰ পাছতো অঞ্চলটোত অনিয়ন্ত্ৰিতভাৱে গঢ়ি উঠা এই সুৰাৰ বিপনীসমূহে অনাগত সময়ত ভৱিষ্যত প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলি তেওঁলোকে আশংকা কৰি উমা ভাৰতীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। উমাই এই সন্দৰ্ভত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, আনকি বিজেপি নেতাজনো এই সন্দৰ্ভত কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক