--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে এটা চাকৰিৰ বাবে হাবাথুৰি খায় আৰু বহুতে এটা চাকৰি পায়ো সেই চাকৰি এৰি ব্যৱসায়ত হাত দি উন্নতিৰ জখলা বগায়। দুজন যুৱকে ইঞ্জিনীয়াৰৰ চাকৰি এৰি বিৰিয়ানী বেচিবলৈ লয় আৰু এতিয়া দুয়ো উপাৰ্জন কৰি আছে লাখ লাখ টকা। হাৰিয়ানাৰ চনিপতৰ দুই ইঞ্জিনীয়াৰ এই সফলতাই এতিয়া বহুতকে আদৰ্শৰ পথ দেখুৱাইছে। ভেজ বিৰিয়ানী 'ইঞ্জিনিয়াৰ্ছ ভেজ বিৰিয়ানী' নামৰ এখন সৰু ষ্টল স্থাপন কৰা যুৱক দুজনে কয় যে তেওঁলোকে পঢ়া শুনা সম্পূৰ্ণ কৰি চাকৰিত যোগদান কৰিছিল, কিন্তু তাত তেওঁলোকে খুব কম দৰমহা পাইছিল। বিৰিয়ানী সেয়েহে তেওঁলোক দুয়োজনে তেওঁলোকৰ চাকৰি এৰিছিল আৰু দুয়ো চনিপত চহৰত এখন বিৰিয়ানী ষ্টল খোলাৰ কথা ভাবে। তেওঁলোকৰ ষ্টলত পোৱা যায় ভেজ অৰ্থাৎ নিৰামিষ বিৰিয়ানী।দিনক দিনে তেওঁলোকৰ গ্ৰাহকৰ সংখ্যা বাঢ়ি গৈ আছে। ইয়াত হাফ প্লেটৰ দাম ৫০ টকা আৰু ফুল প্লেটৰ দাম ৭০ টকা। যুৱক দুজনৰ নাম ৰোহিত আৰু শচীন। বিৰিয়ানী ৰোহিত আৰু শচীনে ৪-৫ বছৰ ধৰি চাকৰি কৰিছিল কিন্তু সেই উপাৰ্জনত দুয়ো সুখী নাছিল সেয়েহে নিজাকৈ কিবা এটা কৰাৰ সপোন দেখি এই ষ্টলখন খোলে। যুৱকদুজনে কয় যে মানুহে তেওঁলোকৰ বিৰিয়ানী বহুত ভাল পাইছে আৰু সেইকাৰণেই তেওঁলোকৰ উপাৰ্জন এতিয়া লাখ টকাত উপনীত হৈছে। তেওঁলোকে সকলো যুৱক-যুৱতীক ক'ব বিচাৰে যে নিবনুৱা সমস্যা যদিও এক ডাঙৰ সমস্যা, সেয়া কিন্তু নিজেও সমাধান কৰিব পাৰি। ৰোহিত আৰু শচীনে বৰ্তমান নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা ভাবি আছে। আৰু পঢ়কঃ ১৫ মাৰ্চৰ ৰাশিফলত আপোনাৰ দিনটো কেনে যাব চাওঁ আহক BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি