--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে এটা চাকৰিৰ বাবে হাবাথুৰি খায় আৰু বহুতে এটা চাকৰি পায়ো সেই চাকৰি এৰি ব্যৱসায়ত হাত দি উন্নতিৰ জখলা বগায়। দুজন যুৱকে ইঞ্জিনীয়াৰৰ চাকৰি এৰি বিৰিয়ানী বেচিবলৈ লয় আৰু এতিয়া দুয়ো উপাৰ্জন কৰি আছে লাখ লাখ টকা। হাৰিয়ানাৰ চনিপতৰ দুই ইঞ্জিনীয়াৰ এই সফলতাই এতিয়া বহুতকে আদৰ্শৰ পথ দেখুৱাইছে। ভেজ বিৰিয়ানী 'ইঞ্জিনিয়াৰ্ছ ভেজ বিৰিয়ানী' নামৰ এখন সৰু ষ্টল স্থাপন কৰা যুৱক দুজনে কয় যে তেওঁলোকে পঢ়া শুনা সম্পূৰ্ণ কৰি চাকৰিত যোগদান কৰিছিল, কিন্তু তাত তেওঁলোকে খুব কম দৰমহা পাইছিল। বিৰিয়ানী সেয়েহে তেওঁলোক দুয়োজনে তেওঁলোকৰ চাকৰি এৰিছিল আৰু দুয়ো চনিপত চহৰত এখন বিৰিয়ানী ষ্টল খোলাৰ কথা ভাবে। তেওঁলোকৰ ষ্টলত পোৱা যায় ভেজ অৰ্থাৎ নিৰামিষ বিৰিয়ানী।দিনক দিনে তেওঁলোকৰ গ্ৰাহকৰ সংখ্যা বাঢ়ি গৈ আছে। ইয়াত হাফ প্লেটৰ দাম ৫০ টকা আৰু ফুল প্লেটৰ দাম ৭০ টকা। যুৱক দুজনৰ নাম ৰোহিত আৰু শচীন। বিৰিয়ানী ৰোহিত আৰু শচীনে ৪-৫ বছৰ ধৰি চাকৰি কৰিছিল কিন্তু সেই উপাৰ্জনত দুয়ো সুখী নাছিল সেয়েহে নিজাকৈ কিবা এটা কৰাৰ সপোন দেখি এই ষ্টলখন খোলে। যুৱকদুজনে কয় যে মানুহে তেওঁলোকৰ বিৰিয়ানী বহুত ভাল পাইছে আৰু সেইকাৰণেই তেওঁলোকৰ উপাৰ্জন এতিয়া লাখ টকাত উপনীত হৈছে। তেওঁলোকে সকলো যুৱক-যুৱতীক ক'ব বিচাৰে যে নিবনুৱা সমস্যা যদিও এক ডাঙৰ সমস্যা, সেয়া কিন্তু নিজেও সমাধান কৰিব পাৰি। ৰোহিত আৰু শচীনে বৰ্তমান নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা ভাবি আছে। আৰু পঢ়কঃ ১৫ মাৰ্চৰ ৰাশিফলত আপোনাৰ দিনটো কেনে যাব চাওঁ আহক BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন