--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষত ২০২০ আৰু ২০২১ বৰ্ষত ক'ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। ক'ভিডৰ গ্ৰাসত দেশত মৃত্যুমুখত পৰিছিল লক্ষাধিক লোক। এই ভয়াৱহ মহামাৰীয়ে জৰ্জৰিত কৰাৰ পিছত দেশত ক'ভিড প্ৰতিৰোধৰ বাবে বিনামূলীয়া টিকাকৰণৰ ব্যৱস্থা কৰা হয়। ক'ভিডৰ সৈতে এই যুঁজখনত টিকাকৰণে ভাৰতক ক'ভিড প্ৰতিহত কৰিবলৈ সক্ষম কৰি তুলিছিল। শেহতীয়া এক সমীক্ষা মতে ক'ভিড ভেকছিনে ২০২১ বৰ্ষত ভাৰতত ৪২ লাখৰো অধিক সম্ভাৱ্য মৃত্যু প্ৰতিহত কৰিছিল। ব্ৰিটেইনস্থিত দ্য লেঞ্চেট নামৰ বিশ্বৰ এখন অগ্ৰণী চিকিৎসা আলোচনীত প্ৰকাশিত এক সমীক্ষাত এই তথ্য প্ৰকাশ কৰা হৈছে। সমীক্ষাটোত কোৱা হৈছে যে মহামাৰীৰ সময়ত দেশত অতিৰিক্ত মৃত্যুৰ তথ্যৰ আধাৰত  ই পতিবেদন প্ৰস্তুত কৰা হৈছে। 

বিশ্বৰ ১৮৫ খন দেশৰ অতিৰিক্ত মৃত্যুৰ তথ্যৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি বিশ্বজুৰি টিকাকৰণৰ জৰিয়তে প্ৰথম বছৰত ক’ভিড-১৯ ৰ ফলত সম্ভাৱ্য ৩১.৪ নিযুত মৃত্যুৰ ভিতৰত ১৯.৮ নিযুত মৃত্যু প্ৰতিৰোধ কৰা হৈছিল। সমীক্ষাটোৱে লগতে দাবী কৰিছে যে যদি বিশ্ব স্বাস্থ্য সংস্থাই ২০২১ চনৰ শেষলৈ দুটা বা ততোধিক পালিৰ সৈতে প্ৰতিখন দেশৰ ৪০ শতাংশ লোকক টিকাকৰণ কৰাৰ লক্ষ্য পূৰণ কৰিলেহেঁতেন, তেতিয়া ৫,৯৯,৩০০ জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন।

দ্য লেঞ্চেটৰ এই সমীক্ষাটোত ২০২০ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২১ চনৰ ৮ ডিচেম্বৰৰ ভিতৰত ক’ভিড ভেকচিনৰ দ্বাৰা প্ৰতিৰোধ কৰা মৃত্যুৰ সংখ্যা সন্নিৱিষ্ট কৰা হৈছে। এই সমীক্ষাটোৰ মুখ্য গৱেষক ব্ৰিটেইনস্থিত ইম্পেৰিয়েল কলেজ লণ্ডনৰ অলিভাৰ ৱাটছনৰ ভাষ্য অনুসৰি ভাৰতৰ ক্ষেত্ৰত সমীক্ষাটোৰ গৱেষকসকলে অনুমান কৰে যে এই সময়ছোৱাত টিকাকৰণৰ দ্বাৰা ৪২,১০,০০০ লোকক মৃত্যুৰ পৰা ৰক্ষা কৰা হৈছিল। 

"এই তথ্য ক’ভিড মহামাৰীৰ সময়ত ভাৰতত হোৱা অতিৰিক্ত মৃত্যুৰ তথ্যৰ আধাৰত সন্নিৱিষ্ট কৰা হৈছে।  আমাৰ গৱেষকসকলে স্বতন্ত্ৰভাৱে অতিৰিক্ত মৃত্যু আৰু চেৰোপ্ৰিভিলেঞ্চ জৰীপৰ প্ৰতিবেদনৰ আধাৰত ক’ভিডসৃষ্ট মৃত্যুৰ সংখ্যাও অনুসন্ধান কৰিছে আৰু চৰকাৰী গণনাৰ সৈতে প্ৰায় সম তথ্যত উপনীত হৈছে।"- ৱাটছনে লগতে কয়।

উল্লেখ্য যে ভাৰতত ২০২১ চনৰ জানুৱাৰীত ক’ভিডৰ টিকাকৰণ আৰম্ভ কৰা হৈছিল। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বৰ্তমানলৈকে দেশত ক’ভিড টিকাকৰণৰ সংখ্যাই ১৯৬.৬২ কোটি অতিক্ৰম কৰিছে। ভাৰতক বিশ্বৰ দ্ৰুততম টিকাকৰণ অভিযান কাৰ্যকৰী কৰা অন্যতম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। 

দ্য লেঞ্চেটৰ গৱেষকসকলে ২০২০ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২১ চনৰ ৮ ডিচেম্বৰৰ ভিতৰত ক’ভিড জৰ্জৰিত বিশ্বৰ দেশসমূহে আনুষ্ঠানিকভাৱে সন্নিৱিষ্ট কৰা ক’ভিডসৃষ্ট মৃত্যুৰ তথ্যৰ আধাৰত এই সমীক্ষাটো চলাইছিল। আনহাতে যিবোৰ দেশত এইক্ষেত্ৰত উন্নত মানদণ্ডৰ নিৰীক্ষণ প্ৰণালী উপলব্ধ নাছিল বা চৰকাৰী তথ্য উপলব্ধ নাছিল, তেনে ক্ষেত্ৰত গৱেষকসকলে এই সময়ছোৱাত দেশখনত অন্য কাৰণত হোৱা মৃত্যুৰ সংখ্যাৰ আধাৰত এক পৃথক বিশ্লেষণ কৰিছিল। অৱশ্যে দ্য লেঞ্চেটৰ এই সমীক্ষাত চীনক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ