--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান নেতৃত্বাধীন পঞ্জাব চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে৷ ৰাজ্যখনৰ বিৰোধী দলসমূহে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি আৰু অন্যান্য বিষয়ত শাসনাধিষ্ঠিত আপৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিবলৈ সাজু হৈছে।

চলিত অধিৱেশনতে ৰাজ্যখনৰ বিত্তমন্ত্ৰী হৰপাল সিং সীমাই ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব আৰু তাৰ পাছত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত ব।

পঞ্জাব চৰকাৰৰ এই বাজেট অধিৱেশন অহা ৩০ জুনলৈ চলিব বুলি জানিব পৰা গৈছে। বিৰোধী কংগ্ৰেছ, বিজেপি আৰু এছএডিয়ে আইন-শৃংখলাৰ অৱনতিৰ অভিযোগত ভগৱন্ত মানৰ চৰকাৰক লক্ষ্য কৰি লৈছে৷ বিশেষকৈ যোৱা মাহত পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ ভয়ংকৰ হত্যাৰ পৰিপ্ৰেক্ষিতত বিৰোধী শিবিৰ অধিক সক্ৰিয় হৈ পৰিছে৷

তেওঁলোকে ৰাজ্য চৰকাৰক প্ৰতিশ্ৰুতি পূৰণত হোৱা ব্যৰ্থতাৰ বাবেও সমালোচনা কৰিছে।ইফালে, মুখ্যমন্ত্ৰীয়ে যোৱা মাহত কৈছিল যে তেওঁৰ চৰকাৰে কাগজবিহীন বাজেট উপস্থাপন কৰিব। লক্ষ্যণীয়ভাৱে, মাৰ্চ মাহত পঞ্জাৱ বিধানসভাই ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ (এপ্ৰিল-জুন) ভোট-অন-একাউণ্ট পাছ কৰিছিল।

ৰাজ্যখনৰ ১১৭টা পঞ্জাব বিধানসভা খণ্ডৰ ৯২টা সমষ্টিত জয়লাভ কৰাৰ পাছত মাৰ্চ মাহত আম আদমী পাৰ্টি (আপ) ক্ষমতালৈ আহিছিল। আপ চৰকাৰে ৰাজ্যিক বাজেটৰ বাবে সাধাৰণ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিল, যাক মন্ত্ৰী সীমাই জনতাৰ বাজেট বুলি মন্তব্য কৰিছিল৷

মানে শেহতীয়াকৈ কৈছিল যে আপ চৰকাৰৰ লক্ষ্য আছিল যুৱকসকলক চাকৰি প্ৰদান কৰা, বিদ্যালয় আৰু চিকিৎসালয়ৰ বিকাশ কৰা, আৰু দুৰ্নীতি আৰু মাফিয়া নিৰ্মূল কৰা, ৰাজ্যখনক পুনৰ জীৱন্তৰূপত সজাই তোলা৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ