--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান নেতৃত্বাধীন পঞ্জাব চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে৷ ৰাজ্যখনৰ বিৰোধী দলসমূহে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি আৰু অন্যান্য বিষয়ত শাসনাধিষ্ঠিত আপৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিবলৈ সাজু হৈছে।

চলিত অধিৱেশনতে ৰাজ্যখনৰ বিত্তমন্ত্ৰী হৰপাল সিং সীমাই ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব আৰু তাৰ পাছত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত ব।

পঞ্জাব চৰকাৰৰ এই বাজেট অধিৱেশন অহা ৩০ জুনলৈ চলিব বুলি জানিব পৰা গৈছে। বিৰোধী কংগ্ৰেছ, বিজেপি আৰু এছএডিয়ে আইন-শৃংখলাৰ অৱনতিৰ অভিযোগত ভগৱন্ত মানৰ চৰকাৰক লক্ষ্য কৰি লৈছে৷ বিশেষকৈ যোৱা মাহত পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ ভয়ংকৰ হত্যাৰ পৰিপ্ৰেক্ষিতত বিৰোধী শিবিৰ অধিক সক্ৰিয় হৈ পৰিছে৷

তেওঁলোকে ৰাজ্য চৰকাৰক প্ৰতিশ্ৰুতি পূৰণত হোৱা ব্যৰ্থতাৰ বাবেও সমালোচনা কৰিছে।ইফালে, মুখ্যমন্ত্ৰীয়ে যোৱা মাহত কৈছিল যে তেওঁৰ চৰকাৰে কাগজবিহীন বাজেট উপস্থাপন কৰিব। লক্ষ্যণীয়ভাৱে, মাৰ্চ মাহত পঞ্জাৱ বিধানসভাই ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ (এপ্ৰিল-জুন) ভোট-অন-একাউণ্ট পাছ কৰিছিল।

ৰাজ্যখনৰ ১১৭টা পঞ্জাব বিধানসভা খণ্ডৰ ৯২টা সমষ্টিত জয়লাভ কৰাৰ পাছত মাৰ্চ মাহত আম আদমী পাৰ্টি (আপ) ক্ষমতালৈ আহিছিল। আপ চৰকাৰে ৰাজ্যিক বাজেটৰ বাবে সাধাৰণ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিল, যাক মন্ত্ৰী সীমাই জনতাৰ বাজেট বুলি মন্তব্য কৰিছিল৷

মানে শেহতীয়াকৈ কৈছিল যে আপ চৰকাৰৰ লক্ষ্য আছিল যুৱকসকলক চাকৰি প্ৰদান কৰা, বিদ্যালয় আৰু চিকিৎসালয়ৰ বিকাশ কৰা, আৰু দুৰ্নীতি আৰু মাফিয়া নিৰ্মূল কৰা, ৰাজ্যখনক পুনৰ জীৱন্তৰূপত সজাই তোলা৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি