--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতৰ বগা ৰঙে মানুহৰ ব্যক্তিত্বক উজ্জ্বল কৰে। কিন্তু বহু খাদ্য সামগ্ৰীয়ে দাঁতৰ জিলিকনি আঁতৰাই ক’লা আৰু হালধীয়া কৰি তোলে। ইয়াৰ কাৰণে মুখৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ উপৰিও অকালতে দাঁত ক্ষয় হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। লেতেৰা দাঁতে মানুহৰ ব্যক্তিত্বতো বেয়া প্ৰভাৱ পেলায়।

হালধীয়া দাঁত কেনেকৈ বগা কৰিব? চোডা, গুটকা, ধঁপাত, অস্বাস্থ্যকৰ খাদ্যই দাঁতৰ স্বাস্থ্য নষ্ট কৰে। দাঁতৰ বিষ, আলু দুৰ্বল, পাইঅ’ৰিয়া, মুখৰ দুৰ্গন্ধ আদি সমস্যা হ’বলৈ আৰম্ভ কৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ফিটকিৰি মঞ্জন ব্যৱহাৰ কৰিব লাগে। ঘৰতে মঞ্জন বনাই দাঁতৰ পৰা প্লেক আৰু লেতেৰা আঁতৰাই পেলাব পাৰি।


আপুনি হয়তো নেমু, টুথপেষ্ট বা ঔষধৰ সহায়ত বেয়া দাঁত পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ফিটকিৰিয়ে এইবোৰতকৈ বহুত ভাল ফলাফল দিব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে যে ফিটকিৰিৰ শক্তিশালী গুণ আছে যিয়ে প্লেক আঁতৰাই পেলায়। ইয়াৰ উপৰিও ইয়াক পুনৰ আহিবলৈ বাধা দিয়ে।

সম্পূৰ্ণ মুখ পৰিষ্কাৰ কৰা

ফিটকিৰিৰ সহায়ত আপুনি কেৱল দাঁত পৰিষ্কাৰ কৰাই নহয় আন সমস্যাৰ পৰাও সকাহ পাব পাৰে। ইয়াৰ এণ্টিমাইক্ৰ’বিয়াল গুণ আছে যিয়ে মুখৰ ভিতৰত বেক্টেৰিয়া জমা হোৱাত বাধা দিয়ে। ইয়াৰ কাৰণে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ আৰু পাইঅ’ৰিয়াও ৰোধ কৰা হয়।

মঞ্জন কেনেকৈ বনাব?

কেৰাহী এটা গৰম কৰি লওক।
ইয়াত ফিটকিৰিৰ টুকুৰাটো গলাই ল’ব তাৰপাছত ই কঠিন হৈ দানাযুক্ত হ’বলৈ আৰম্ভ কৰিব।
গ্ৰাইণ্ডাৰত দিব।
ইয়াৰ পিছত ৫-৬ টা লং লৈ ভাজিব।
তাৰ পিছত ফিটকিৰি, লং আৰু ২ চামুচ বেকিং চোডা ভালদৰে পিহি লওক।
দৈনিক এই মঞ্জনৰে দাঁত পৰিষ্কাৰ কৰক।

ক’লা আৰু হালধীয়া দাঁত পৰিষ্কাৰ কৰাৰ পদ্ধতি

প্ৰথমে পানীৰে গাৰ্গল কৰি দাঁত আৰু মুখ তিয়াই লওক।
ফিটকিৰি মঞ্জন কিছু লওক।
টুথব্ৰাছত লগাওক।
এতিয়া দাঁতৰ বাহিৰ আৰু ভিতৰৰ অংশ লঘু হাতেৰে ব্ৰাছ কৰক।
ভালদৰে দাঁত পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰক।
তাৰপাছত পানীৰে মুখ ধুব।

এনেদৰে কৰিলে অতি সোনকালে দাঁত পৰিষ্কাৰ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক