--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতৰ বগা ৰঙে মানুহৰ ব্যক্তিত্বক উজ্জ্বল কৰে। কিন্তু বহু খাদ্য সামগ্ৰীয়ে দাঁতৰ জিলিকনি আঁতৰাই ক’লা আৰু হালধীয়া কৰি তোলে। ইয়াৰ কাৰণে মুখৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ উপৰিও অকালতে দাঁত ক্ষয় হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। লেতেৰা দাঁতে মানুহৰ ব্যক্তিত্বতো বেয়া প্ৰভাৱ পেলায়।

হালধীয়া দাঁত কেনেকৈ বগা কৰিব? চোডা, গুটকা, ধঁপাত, অস্বাস্থ্যকৰ খাদ্যই দাঁতৰ স্বাস্থ্য নষ্ট কৰে। দাঁতৰ বিষ, আলু দুৰ্বল, পাইঅ’ৰিয়া, মুখৰ দুৰ্গন্ধ আদি সমস্যা হ’বলৈ আৰম্ভ কৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ফিটকিৰি মঞ্জন ব্যৱহাৰ কৰিব লাগে। ঘৰতে মঞ্জন বনাই দাঁতৰ পৰা প্লেক আৰু লেতেৰা আঁতৰাই পেলাব পাৰি।


আপুনি হয়তো নেমু, টুথপেষ্ট বা ঔষধৰ সহায়ত বেয়া দাঁত পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ফিটকিৰিয়ে এইবোৰতকৈ বহুত ভাল ফলাফল দিব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে যে ফিটকিৰিৰ শক্তিশালী গুণ আছে যিয়ে প্লেক আঁতৰাই পেলায়। ইয়াৰ উপৰিও ইয়াক পুনৰ আহিবলৈ বাধা দিয়ে।

সম্পূৰ্ণ মুখ পৰিষ্কাৰ কৰা

ফিটকিৰিৰ সহায়ত আপুনি কেৱল দাঁত পৰিষ্কাৰ কৰাই নহয় আন সমস্যাৰ পৰাও সকাহ পাব পাৰে। ইয়াৰ এণ্টিমাইক্ৰ’বিয়াল গুণ আছে যিয়ে মুখৰ ভিতৰত বেক্টেৰিয়া জমা হোৱাত বাধা দিয়ে। ইয়াৰ কাৰণে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ আৰু পাইঅ’ৰিয়াও ৰোধ কৰা হয়।

মঞ্জন কেনেকৈ বনাব?

কেৰাহী এটা গৰম কৰি লওক।
ইয়াত ফিটকিৰিৰ টুকুৰাটো গলাই ল’ব তাৰপাছত ই কঠিন হৈ দানাযুক্ত হ’বলৈ আৰম্ভ কৰিব।
গ্ৰাইণ্ডাৰত দিব।
ইয়াৰ পিছত ৫-৬ টা লং লৈ ভাজিব।
তাৰ পিছত ফিটকিৰি, লং আৰু ২ চামুচ বেকিং চোডা ভালদৰে পিহি লওক।
দৈনিক এই মঞ্জনৰে দাঁত পৰিষ্কাৰ কৰক।

ক’লা আৰু হালধীয়া দাঁত পৰিষ্কাৰ কৰাৰ পদ্ধতি

প্ৰথমে পানীৰে গাৰ্গল কৰি দাঁত আৰু মুখ তিয়াই লওক।
ফিটকিৰি মঞ্জন কিছু লওক।
টুথব্ৰাছত লগাওক।
এতিয়া দাঁতৰ বাহিৰ আৰু ভিতৰৰ অংশ লঘু হাতেৰে ব্ৰাছ কৰক।
ভালদৰে দাঁত পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰক।
তাৰপাছত পানীৰে মুখ ধুব।

এনেদৰে কৰিলে অতি সোনকালে দাঁত পৰিষ্কাৰ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ