--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সনাতন ধৰ্মত বেলপাতক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। বেলপাত  মহাদেৱক অৰ্পণ কৰা হয়। বেলপাত কেৱল উপাসনাস্থলীতে ব্যৱহাৰৰ উপযোগী নহয়, ই আপোনাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলিব পাৰি। বেলপাতত থকা পুষ্টিকৰ উপাদানে আপোনাৰ শৰীৰক ভিতৰৰ পৰা শক্তিশালী আৰু সুস্থ কৰি তুলিব পাৰে। আয়ুৰ্বেদতো ইয়াক এক গুৰুত্বপূৰ্ণ ঔষধি গছৰ পাত হিচাপে গণ্য কৰা হয়। স্বাস্থ্যৰ ক্ষেত্ৰতো আছে বহুতো উপকাৰিতা, যিবোৰ সাধাৰণতে আমি নাজানো। বিশেষকৈ পুৱা খালী পেটত বেলপাতৰ ৰস খালে ইয়াৰ উপকাৰ দুগুণে বৃদ্ধি হয়। ই শৰীৰৰ বহু আভ্যন্তৰীণ অংগ সুস্থ কৰি ৰখাত সহায় কৰে আৰু বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। 

১. পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ : যদি আপুনি পেটৰ সমস্যা যেনে-গেছ, এচিডিটি আৰু বদহজমৰ সমস্যাত ভুগি থাকে, তেন্তে বেলপাতৰ ৰস সেৱন আপোনাৰ বাবে এক আশীৰ্বাদ হ’ব পাৰে। কাৰণ এই পাতত অধিক পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে হজম শক্তি উন্নত কৰি পেটৰ যিকোনো সমস্যাৰ পৰা মুক্তি দিয়ে।

২. হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী : বেলপাতৰ ৰস হৃদৰোগ প্ৰতিৰোধৰ বাবে এক উত্তম উৎস। ইয়াত এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে হৃদযন্ত্ৰক ৰোগৰ কৰি অধিক শক্তিশালী কৰি ৰাখে। নিয়মিতভাৱে বেলপাতৰ ৰস সেৱনে হৃদযন্ত্ৰৰ সমস্যা হ্ৰাস কৰিব পাৰে।

৩. ডায়েবেটিছ নিয়ন্ত্ৰণ : ডায়েবেটিছ ৰোগীৰ বাবে বেলপাতৰ ৰস সেৱন কৰাটো উপকাৰী হ’ব পাৰে। ইয়াত থকা আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদানে তেজত বৃদ্ধি পোৱা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়মিতভাৱে বেলপাতৰ ৰস সেৱন কৰাটো ডায়েবেটিছ ৰোগীৰ অতি উত্তম বুলিব পাৰি।

৪. ইমিউনিটি বুষ্টাৰ : বেলপাতত ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট গুণ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক যিকোনো ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে আৰু সংক্ৰমণৰ পৰা হাত সাৰিব বেলপাতৰ ৰসৰ লগত মৌ মিহলাই খালে শৰীৰে আচৰিত ধৰণে উপকাৰিতা লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ