--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সনাতন ধৰ্মত বেলপাতক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। বেলপাত  মহাদেৱক অৰ্পণ কৰা হয়। বেলপাত কেৱল উপাসনাস্থলীতে ব্যৱহাৰৰ উপযোগী নহয়, ই আপোনাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলিব পাৰি। বেলপাতত থকা পুষ্টিকৰ উপাদানে আপোনাৰ শৰীৰক ভিতৰৰ পৰা শক্তিশালী আৰু সুস্থ কৰি তুলিব পাৰে। আয়ুৰ্বেদতো ইয়াক এক গুৰুত্বপূৰ্ণ ঔষধি গছৰ পাত হিচাপে গণ্য কৰা হয়। স্বাস্থ্যৰ ক্ষেত্ৰতো আছে বহুতো উপকাৰিতা, যিবোৰ সাধাৰণতে আমি নাজানো। বিশেষকৈ পুৱা খালী পেটত বেলপাতৰ ৰস খালে ইয়াৰ উপকাৰ দুগুণে বৃদ্ধি হয়। ই শৰীৰৰ বহু আভ্যন্তৰীণ অংগ সুস্থ কৰি ৰখাত সহায় কৰে আৰু বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। 

১. পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ : যদি আপুনি পেটৰ সমস্যা যেনে-গেছ, এচিডিটি আৰু বদহজমৰ সমস্যাত ভুগি থাকে, তেন্তে বেলপাতৰ ৰস সেৱন আপোনাৰ বাবে এক আশীৰ্বাদ হ’ব পাৰে। কাৰণ এই পাতত অধিক পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে হজম শক্তি উন্নত কৰি পেটৰ যিকোনো সমস্যাৰ পৰা মুক্তি দিয়ে।

২. হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী : বেলপাতৰ ৰস হৃদৰোগ প্ৰতিৰোধৰ বাবে এক উত্তম উৎস। ইয়াত এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে হৃদযন্ত্ৰক ৰোগৰ কৰি অধিক শক্তিশালী কৰি ৰাখে। নিয়মিতভাৱে বেলপাতৰ ৰস সেৱনে হৃদযন্ত্ৰৰ সমস্যা হ্ৰাস কৰিব পাৰে।

৩. ডায়েবেটিছ নিয়ন্ত্ৰণ : ডায়েবেটিছ ৰোগীৰ বাবে বেলপাতৰ ৰস সেৱন কৰাটো উপকাৰী হ’ব পাৰে। ইয়াত থকা আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদানে তেজত বৃদ্ধি পোৱা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়মিতভাৱে বেলপাতৰ ৰস সেৱন কৰাটো ডায়েবেটিছ ৰোগীৰ অতি উত্তম বুলিব পাৰি।

৪. ইমিউনিটি বুষ্টাৰ : বেলপাতত ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট গুণ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক যিকোনো ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে আৰু সংক্ৰমণৰ পৰা হাত সাৰিব বেলপাতৰ ৰসৰ লগত মৌ মিহলাই খালে শৰীৰে আচৰিত ধৰণে উপকাৰিতা লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক