--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰলয়ংকৰী বানে সংহাৰী ৰূপ লৈছে আফ্ৰিকান দেশ লিবিয়াত৷ দেওবাৰে উপকূলীয় ডেৰ্না চহৰত ছুনামীৰ দৰে পানী প্ৰৱেশ কৰাৰ ফলত ৫১০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জনোৱাৰ সময়তে ডেৰ্না চহৰত হাজাৰ হাজাৰ লোকক গণকবৰ দিয়া হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে বন্দৰ চহৰ ডেৰ্নাৰ মেয়ৰে অনুমান কৰিছে যে ১৮ হাজাৰৰ পৰা ২০ হাজাৰ লোকৰ ইতিমধ্যে মৃত্যু হৈছে।

আল আৰবিয়া টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মেয়ৰ আব্দুলমেনাম আল-ঘাইথীয়ে কয় যে বানপানীৰ পানীত সম্পূৰ্ণৰূপে ধ্বংস হোৱা জিলাৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁ এই অনুমান কৰিছে। আলোচনাৰ সময়ত তেওঁ কয় যে ধ্বংসাৱশেষৰ পৰা মৃতদেহবোৰ উলিয়াই আনিবলৈ বৃহৎ সংখ্যক লোকৰ প্ৰয়োজন হ’ব।

দেওবাৰে নিশা বানপানীয়ে সমগ্ৰ চহৰখনক বুৰাই পেলোৱাৰ লগতে ২০১১ চনৰ বিদ্ৰোহৰ পিছৰে পৰা সংঘাতত ডুব যোৱা তেল সমৃদ্ধ দেশখনৰ দুৰ্বলতাসমূহ উন্মোচন হৈছে। স্বাস্থ্য বিষয়াসকলে ৫১০০ লোকৰ মৃত্যু নিশ্চিত কৰিছে আৰু ৯ হাজাৰ লোক এতিয়াও নিৰুদ্দেশ হোৱা বুলি কয়।

ভূমধ্যসাগৰীয় প্ৰবল ধুমুহা ডেনিয়েলে সমগ্ৰ পূব লিবিয়াৰ চহৰসমূহত মাৰাত্মক বানপানীৰ সৃষ্টি কৰিছিল যদিও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ডেৰ্না চহৰ। দেওবাৰে নিশা ধুমুহাই উপকূলত খুন্দা মৰাৰ সময়তে চহৰৰ বাহিৰৰ বান্ধ ভাঙি যোৱাৰ সময়ত আৱাসীসকলে জোৰেৰে বিস্ফোৰণৰ শব্দ শুনিছিল বুলি উল্লেখ কৰে। 

এই ধ্বংসলীলাটোৱে লিবিয়াৰ দুৰ্বলতাকো প্ৰতিফলিত কৰিছে। দেশখনক প্ৰতিদ্বন্দ্বী চৰকাৰে বিভক্ত কৰিছে — এখন পূবত, আনখন পশ্চিমত — আৰু ফলস্বৰূপে ৰাজহুৱা আন্তঃগাঁথনিৰ প্ৰতি ব্যাপক অৱহেলা কৰা পৰিলক্ষিত হৈছে। ডেৰ্নাৰ বাহিৰত ভাঙি পৰা বান্ধসমূহ ১৯৭০ চনত নিৰ্মাণ কৰা হৈছিল আৰু বছৰ বছৰ ধৰি ৰক্ষণাবেক্ষণ কৰা হোৱা নাই বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

কিন্তু লিবিয়াৰ এই ঘটনাই অসমৰ লোকৰ মনত শংকা সৃষ্টি কৰিছে৷অৰুণাচল প্ৰদেশত শেহতীয়াকৈ হোৱা ধাৰাবাহিক বৰষুণৰ ফলত নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেদি পানী বাগৰি যোৱা বিষয়টো ব্যাপকভাৱে চৰ্চিত হৈছে৷তদুপৰি এই জলবিদ্যুৎ প্ৰকল্প থকা গোগামুখ অঞ্চলটো  ভূমিকম্পপ্ৰৱণ হিচাপে চিহ্নিত কৰা হয়৷তদুপৰি লক্ষীমপুৰ জিলাৰ আন এটা প্ৰকল্প ৰঙানদীৰ ক্ষেত্ৰতো একে সন্দেহ বহু গৱেষকে ব্যক্ত কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী