--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় লোকৰ প্ৰতি মাৰ্কিন আৰক্ষীয়ে পোষণ কৰি অহা বৰ্ণ বিদ্বেষৰ ভাব পুনৰ এবাৰ প্ৰমাণ হ’ল।  আমেৰিকা যুক্তৰাষ্ট্ৰত আৰক্ষীৰ গাড়ীৰ খুন্দাত মৃত্যু হোৱা এগৰাকী ভাৰতীয় ছাত্ৰীৰ মৃত্যুৰ তদন্ত ভাৰতে বিচাৰি থকাৰ মাদতে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। । চিয়েটলৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে যুৱতীগৰাকীৰ মৃত্যুকলৈ উপহাস কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছোৱালীজনীৰ মৃত্যুৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছত নিন্দাৰ ধুমুহা বৈ গৈছে।

 ছান ফ্ৰাঞ্চিস্কোৰ ভাৰতীয় কনচুলেটে ছোৱালীজনীৰ মৃত্যুক লৈ আৰক্ষী বিষয়াগৰাকীৰ আচৰণক "দুৰ্ভাগ্যজনক" বুলি বৰ্ণনা কৰিছে। ভাৰতে ই অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী কৰিছে। মৃত ছাত্ৰীগৰাকী হৈছে  ২৩ বছৰীয়া জাহ্নৱী কান্দুলা । ২০২১ চনত তেওঁ আমেৰিকালৈ পঢ়িবলৈগৈছিল। তেওঁ চলিত বছৰৰ ডিচেম্বৰ মাহত ডিগ্ৰী লাভ কৰাৰ কথা আছিল। জানুৱাৰী মাহৰ ২৩  তাৰিখে, ছোৱালীজনীক আৰক্ষীৰ এখন গাড়ীয়ে খুন্দা মাৰিছিল। গাড়ীখন কেভিন নামৰ এজন আৰক্ষী বিষয়াই চলাইছিল। কেভিনৰ গাড়ীৰ খুন্দাত ছাত্ৰীগৰাকীৰ  মৃত্যু হৈছিল। ইয়াৰ পিছতে  আন এজন আৰক্ষী বিষয়া ডেনিয়েল বিতৰ্কৰ মাজত সোমাই পৰে। 

চিয়েটল পুলিচ অফিচাৰ্ছ গিল্ডৰ উপ-সভাপতি ডেনিয়েল অডেৰক দুৰ্ঘটনাটোৰ সময়ত কেভিন নিচাগ্ৰস্ত আছিল নে নাই অনুসন্ধান কৰিবলৈ কোৱা হৈছিল। ডেনিয়েলে পিছত পুলিচ গিল্ডৰ সভাপতিৰ সৈতে ফোনযোগে কথা পাতিছিল। এয়া কেমেৰাত ৰেকৰ্ড কৰা হৈছিল। সেই ভিডিঅ'টোৱেই এতিয়া  ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত, ডানিয়েলক জাহ্নৱীৰ মৃত্যুকলৈ বিষয়ে ঠাট্টা কৰা শুনা গৈছে। ডেনিয়েলে গিল্ডৰ সভাপতি মাইক চোলানক কয়, "বয়স ২৬ বছৰ , এয়া গুৰুত্বপূৰ্ণ নহয়। আপুনি কেৱল এখন চেক লিখিব লাগিব। $১১,০০০ই  যথেষ্ট। "ভাৰতীয় ছাত্ৰী এগৰাকীৰ মৃত্যুক টকা-পইচাৰে জুখি উপলুঙা কৰাৰ বিষয়টোৱে এতিয়া বহুতকে স্তম্ভিত কৰিছে। 

বিতৰ্কৰ ধুমুহাৰ মাজত বুধবাৰে ছান ফ্ৰাঞ্চিস্কোৰ ভাৰতীয় কনচুলেটে বিষয়টো স,ন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। "আমি এই শোকাৱহ ঘটনাত জড়িত সকলৰ বিৰুদ্ধে পুংখানুপুংখ তদন্ত বিচাৰিছো। মই চিয়েটল আৰু ৱাশ্বিংটন ৰাজ্যৰ কৰ্তৃপক্ষৰ লগতে ৱাশ্বিংটন ডি.চি. প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ ওচৰত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ  বাবে বিষয়টো দৃঢ়ভাৱে উত্থাপন কৰিছো। "কনচুলেট আৰু দূতাবাসৰ এগৰাকী বিষয়াই কয়।  "

জাহ্নৱী কান্দুলা অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা। তাই চিয়েটলৰ উত্তৰ-পূব বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল। জাহ্নৱীৰ খুৰাক অশোক কান্দুলাই কৈছিল, "আমাৰ ক'বলৈ একো নাই। মানুহজনৰ জীয়েক বা নাতি (অভিযুক্ত আৰক্ষী) কোনো মূল্যৰ নেকি? জীৱনৰ মূল্য সকলোৰে বাবে একে। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী