--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ডেনিয়েল’ নামৰ বিধ্বংসী ধুমুহাৰ পাছত সংঘটিত হোৱা বানপানীয়ে উত্তৰ আফ্ৰিকাৰ দেশ লিবিয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত বানপানীৰ ফলত ৫৩০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দহ হাজাৰৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। এনে পৰিস্থিতিত মৃত্যুৰ সংখ্যা এতিয়াও বৃদ্ধি পাব পাৰে। আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি লিবিয়াৰ পূব অঞ্চলত বানপানীৰ বিধ্বংসী ৰূপ দেখা গৈছে, য’ত ডেৰ্না চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ আবু-লামোছাৰ মতে, ডেৰ্নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৩০০ অতিক্ৰম কৰিছে।

চিএনএনৰ প্ৰতিবেদন অনুসৰি ইতিমধ্যে বানপীড়িত অঞ্চলত দুটা বান্ধ ভাঙি যোৱাৰ ফলত  বানপানীৰ সৃষ্টি হয়, য’ত হাজাৰ হাজাৰ লোকক উটুৱাই লৈ যায়। যাৰ অধিকাংশই এতিয়াও সন্ধানহীন হৈ আছে। কোৱা হৈছে যে ডেৰ্না চহৰৰ এক চতুৰ্থাংশ অংশ ইতিমধ্যে ধ্বংস হৈছে। ইণ্টাৰনেশ্যনেল ফেডাৰেচন অৱ ৰেড ক্ৰছ এণ্ড টেড ক্ৰেচেণ্ট ছ’চাইটিৰ লিবিয়াৰ দূত টামেৰ ৰমডানে কয় যে বানপানীৰ বাবে চিকিৎসালয়সমূহ মৃতদেহেৰে ভৰি পৰাৰ পাছৰ সময়চোৱাত ১০ হাজাৰৰো অধিক লোক নিৰুদ্দেশ হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা