--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ডেনিয়েল’ নামৰ বিধ্বংসী ধুমুহাৰ পাছত সংঘটিত হোৱা বানপানীয়ে উত্তৰ আফ্ৰিকাৰ দেশ লিবিয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত বানপানীৰ ফলত ৫৩০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দহ হাজাৰৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। এনে পৰিস্থিতিত মৃত্যুৰ সংখ্যা এতিয়াও বৃদ্ধি পাব পাৰে। আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি লিবিয়াৰ পূব অঞ্চলত বানপানীৰ বিধ্বংসী ৰূপ দেখা গৈছে, য’ত ডেৰ্না চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ আবু-লামোছাৰ মতে, ডেৰ্নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৩০০ অতিক্ৰম কৰিছে।

চিএনএনৰ প্ৰতিবেদন অনুসৰি ইতিমধ্যে বানপীড়িত অঞ্চলত দুটা বান্ধ ভাঙি যোৱাৰ ফলত  বানপানীৰ সৃষ্টি হয়, য’ত হাজাৰ হাজাৰ লোকক উটুৱাই লৈ যায়। যাৰ অধিকাংশই এতিয়াও সন্ধানহীন হৈ আছে। কোৱা হৈছে যে ডেৰ্না চহৰৰ এক চতুৰ্থাংশ অংশ ইতিমধ্যে ধ্বংস হৈছে। ইণ্টাৰনেশ্যনেল ফেডাৰেচন অৱ ৰেড ক্ৰছ এণ্ড টেড ক্ৰেচেণ্ট ছ’চাইটিৰ লিবিয়াৰ দূত টামেৰ ৰমডানে কয় যে বানপানীৰ বাবে চিকিৎসালয়সমূহ মৃতদেহেৰে ভৰি পৰাৰ পাছৰ সময়চোৱাত ১০ হাজাৰৰো অধিক লোক নিৰুদ্দেশ হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত