--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাই এতিয়া লিংগ পৰিৱৰ্তন কৰি ছোৱালীৰ পৰা ল’ৰা হোৱাৰ মন মেলিছে। পশ্চিমবংগৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ কন্যা সুচেতনা ভট্টাচাৰ্যই ছোৱালীৰ পৰা ল’ৰা হৈ  'সুচেতন' হিচাপে পৰিচিত হ'ব বিচাৰিছে। 

ইয়াৰ বাবে তেওঁ  নিজৰ লিংগ সলনি কৰিব বিচাৰিছে। কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ প্ৰাক্তন ছাত্ৰী সুচেতনাই লিংগ পৰিৱৰ্তনৰ বাবে  আইনী পৰামৰ্শ বিচৰা আৰম্ভ কৰিছে আৰু প্ৰমাণপত্ৰৰ বাবে এজন মনোবিজ্ঞানীৰ সৈতেও যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। 

৪১ বছৰীয়া সুচেতনাই কৈছে যে তেওঁৰ সিদ্ধান্তত তেওঁৰ পিতৃ  বুদ্ধদেৱ ভট্টাচাৰ্যৰ সম্পূৰ্ণ সমৰ্থন আছে।  এই ক্ষেত্ৰত তেওঁৰ পাৰিবাৰিক পৰিচয় কোনো ডাঙৰ কথা নহয় বুলিও সুচেতনাই কয়। তেওঁ এয়া  এলজিবিটিকিউ+ আন্দোলনৰ অংশ হিচাপে অভিহিত কৰে। 

সুচেতনাই কয় যে এগৰাকী ট্ৰেন্সমেন হিচাপে  তেওঁ প্ৰতিদিনে সন্মুখীন হোৱা সামাজিক উৎপীড়ণৰ পৰা দূৰত থাকিব বিচাৰে। সুচেতনাই  কয় যে তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক লোক। তেওঁ তেওঁৰ মাক- দেউতাকক এই সিদ্ধান্তৰ বিষয়ে কৈছে।   প্ৰেচিডেন্সিৰ প্ৰাক্তন ছাত্ৰী তথা এছএফআইৰ সংগঠক সুচেতনাই  কয়  যে তেওঁ মনতে নিজকে পুৰুষ বুলিয়েই ভাবে, এতিয়া তেওঁ শাৰীৰিকভাৱেও এজন পুৰুষ হ'ব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস