--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাই এতিয়া লিংগ পৰিৱৰ্তন কৰি ছোৱালীৰ পৰা ল’ৰা হোৱাৰ মন মেলিছে। পশ্চিমবংগৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ কন্যা সুচেতনা ভট্টাচাৰ্যই ছোৱালীৰ পৰা ল’ৰা হৈ  'সুচেতন' হিচাপে পৰিচিত হ'ব বিচাৰিছে। 

ইয়াৰ বাবে তেওঁ  নিজৰ লিংগ সলনি কৰিব বিচাৰিছে। কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ প্ৰাক্তন ছাত্ৰী সুচেতনাই লিংগ পৰিৱৰ্তনৰ বাবে  আইনী পৰামৰ্শ বিচৰা আৰম্ভ কৰিছে আৰু প্ৰমাণপত্ৰৰ বাবে এজন মনোবিজ্ঞানীৰ সৈতেও যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। 

৪১ বছৰীয়া সুচেতনাই কৈছে যে তেওঁৰ সিদ্ধান্তত তেওঁৰ পিতৃ  বুদ্ধদেৱ ভট্টাচাৰ্যৰ সম্পূৰ্ণ সমৰ্থন আছে।  এই ক্ষেত্ৰত তেওঁৰ পাৰিবাৰিক পৰিচয় কোনো ডাঙৰ কথা নহয় বুলিও সুচেতনাই কয়। তেওঁ এয়া  এলজিবিটিকিউ+ আন্দোলনৰ অংশ হিচাপে অভিহিত কৰে। 

সুচেতনাই কয় যে এগৰাকী ট্ৰেন্সমেন হিচাপে  তেওঁ প্ৰতিদিনে সন্মুখীন হোৱা সামাজিক উৎপীড়ণৰ পৰা দূৰত থাকিব বিচাৰে। সুচেতনাই  কয় যে তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক লোক। তেওঁ তেওঁৰ মাক- দেউতাকক এই সিদ্ধান্তৰ বিষয়ে কৈছে।   প্ৰেচিডেন্সিৰ প্ৰাক্তন ছাত্ৰী তথা এছএফআইৰ সংগঠক সুচেতনাই  কয়  যে তেওঁ মনতে নিজকে পুৰুষ বুলিয়েই ভাবে, এতিয়া তেওঁ শাৰীৰিকভাৱেও এজন পুৰুষ হ'ব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত