--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাতো যোশীমঠত হোৱাৰ দৰেই বহু ঘৰত ফাট মেলিছে। ফলত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল। ধাৰাসাৰ বৰষুণৰ পিছতে তাত থকা এখন গাওঁৰ বহু ঘৰত  ফাট মেলা দেখা গৈছে। ঘটনাটোৱে স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। অৱশ্যে জিলা প্ৰশাসনে কৈছে  যে অঞ্চলটোত জৰীপ কৰিবলৈ ভূতাত্ত্বিকৰ এটা দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। 

স্থানীয় প্ৰশাসনে  বিশেষজ্ঞসকলে দিয়া প্ৰতিবেদনৰ আধাৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব।
প্ৰশাসনৰ মতে স্থানীয় বাসিন্দাসকলে উত্তৰ কাশীৰ মস্তাদি গাঁৱৰ কেইবাটাও ঘৰত ফাট মেলা দেখিবলৈ পাইছে। গাওঁখনৰ স্থানীয় বাসিন্দাসকলৰ এটা অংশই কৈছে যে ১৯৯১  চনত হোৱা ভূমিকম্পৰ পিছত অঞ্চলটোৰ এটা অংশ তললৈ বহি যায়। 

ইয়াৰ পিছতে কিছুমান ঘৰত ফাট মেলা দেখা গৈছিল। গাওঁ পঞ্চায়তৰ মুৰব্বী সত্যনাৰায়ণ চেমৱালে কয়, "কিছুমান ঘৰত নতুন কৈ ফাট মেলিছে। আমি নাজানো ভৱিষ্যতে কি হ'ব। চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা উচিত। ত্ৰিশটা ঘৰ বিপজ্জনক অৱস্থাত আছে। প্ৰশাসনে সেই ঘৰবোৰৰ বাসিন্দাসকলক স্থানান্তৰ কৰা উচিত। "

জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়া দেৱেন্দ্ৰ পাটৱালে কয়, "আমি অঞ্চলটোলৈ ভূতাত্ত্বিকৰ এটা দল প্ৰেৰণ কৰিছো। বিশেষজ্ঞসকলে দিয়া প্ৰতিবেদনৰ আধাৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।" চলিত বৰ্ষৰ জানুৱাৰীত উত্তৰাখণ্ডৰ যোশীমঠত ফাট  মেলাৰ ফলত বহু ঘৰ ভাঙি পেলোৱা হৈছিল। সেই ঘৰৰ আবাসীসকলক চৰকাৰে আজিলৈকে হোটেলত ৰখাৰ ব্যৱস্থা কৰিছে।  ইয়াৰ মাজতে উত্তৰ কাশী জিলাৰ ঘটনাই স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ