--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাতো যোশীমঠত হোৱাৰ দৰেই বহু ঘৰত ফাট মেলিছে। ফলত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল। ধাৰাসাৰ বৰষুণৰ পিছতে তাত থকা এখন গাওঁৰ বহু ঘৰত  ফাট মেলা দেখা গৈছে। ঘটনাটোৱে স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। অৱশ্যে জিলা প্ৰশাসনে কৈছে  যে অঞ্চলটোত জৰীপ কৰিবলৈ ভূতাত্ত্বিকৰ এটা দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। 

স্থানীয় প্ৰশাসনে  বিশেষজ্ঞসকলে দিয়া প্ৰতিবেদনৰ আধাৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব।
প্ৰশাসনৰ মতে স্থানীয় বাসিন্দাসকলে উত্তৰ কাশীৰ মস্তাদি গাঁৱৰ কেইবাটাও ঘৰত ফাট মেলা দেখিবলৈ পাইছে। গাওঁখনৰ স্থানীয় বাসিন্দাসকলৰ এটা অংশই কৈছে যে ১৯৯১  চনত হোৱা ভূমিকম্পৰ পিছত অঞ্চলটোৰ এটা অংশ তললৈ বহি যায়। 

ইয়াৰ পিছতে কিছুমান ঘৰত ফাট মেলা দেখা গৈছিল। গাওঁ পঞ্চায়তৰ মুৰব্বী সত্যনাৰায়ণ চেমৱালে কয়, "কিছুমান ঘৰত নতুন কৈ ফাট মেলিছে। আমি নাজানো ভৱিষ্যতে কি হ'ব। চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা উচিত। ত্ৰিশটা ঘৰ বিপজ্জনক অৱস্থাত আছে। প্ৰশাসনে সেই ঘৰবোৰৰ বাসিন্দাসকলক স্থানান্তৰ কৰা উচিত। "

জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়া দেৱেন্দ্ৰ পাটৱালে কয়, "আমি অঞ্চলটোলৈ ভূতাত্ত্বিকৰ এটা দল প্ৰেৰণ কৰিছো। বিশেষজ্ঞসকলে দিয়া প্ৰতিবেদনৰ আধাৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।" চলিত বৰ্ষৰ জানুৱাৰীত উত্তৰাখণ্ডৰ যোশীমঠত ফাট  মেলাৰ ফলত বহু ঘৰ ভাঙি পেলোৱা হৈছিল। সেই ঘৰৰ আবাসীসকলক চৰকাৰে আজিলৈকে হোটেলত ৰখাৰ ব্যৱস্থা কৰিছে।  ইয়াৰ মাজতে উত্তৰ কাশী জিলাৰ ঘটনাই স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল