--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অশেষ উৎকণ্ঠাৰ অন্তত বাংলাদেশৰ বিৰুদ্ধে বিজয় লাভ কৰিলে টীম ইণ্ডিয়াই। এডিলেইড অভেলত অনুষ্ঠিত হোৱা বৰ্ষাবিঘ্নিত মেচখনত ৬ ৰাণত জয়লাভ কৰে ভাৰতে। ইয়াৰ দ্বাৰা টি২০ বিশ্বকাপৰ চেমিফাইনেলত প্ৰৱেশ কৰাৰো সহজ হৈ পৰিল ভাৰতৰ বাবে।

 

ভাৰতৰ এই জয়ৰ মূলতে হ’ল ফাষ্ট বলাৰসকলৰ চতুৰ প্ৰদৰ্শন। ভাৰতে বান্ধি দিয়া ১৮৪ ৰাণৰ লক্ষ্য আগত লৈ বেট ধৰিবলৈ নমা বাংলাদেশে প্ৰথম উইকেটৰ যুটীত অত্যন্ত শক্তিশালী স্থিতিত উপনীত হৈছিল। অপেনিং বেটাৰ লিটন দাসে মাৰমুখী বেটিঙেৰে বাংলাদেশৰ বিজয়ৰ সম্ভাৱনা শক্তিশালী কৰিছিল।

 

লিটন দাসে ২৭ টা বলতে ৩টা ছয় আৰু ৭ টা চাৰিৰে ৬০ ৰাণৰ এটা অনবদ্য ইনিংছ খেলে। বৰষুণৰ বাবে খেল স্থগিত ৰখাৰ আগলৈকে বাংলাদেশৰ কোনো উইকেটৰ পতন হোৱা নাছিল। প্ৰথম উইকেটৰ যুটিত সংগ্ৰহ কৰে ৭ অভাৰ ২টা বলত ৬৮ ৰাণ।

 

স্থগিত ৰখাৰ সময়লৈকে বাংলাদেশৰ জয়লাভ প্ৰায় নিশ্চিত আছিল। কিন্তু বৰষুণ শেষ হোৱাত পুনৰ খেল আৰম্ভ হয়। ডাৰ্ক ৱৰ্থ লিৱিছ পদ্ধতি অনুসৰি বাংলাদেশক ১৬ অভাৰত ১৫১ ৰাণৰ লক্ষ্য বান্ধি দিয়া হয়।

 

পুনৰ খেল আৰম্ভ হোৱাৰ পাছতে ভাৰতৰ বলাৰসকলে বাংলাদেশৰ বেটাৰসকলক উভটি ধৰে। লিটন দাসক কে এল ৰাহুলে এটা অনবদ্য থ্ৰ’ৰে ৰাণ আউট কৰাৰ পাছতে মেচখনৰ গতি সলনি হয়। এজনকৈ এজনকৈ বেটাৰ পেভিলিঅ’নমুখী হয়। বিশেষকৈ অপেনিং বেটাৰ নাজমুল হাছান ছাণ্টোৱে ২১ ৰাণ আৰু অধিনায়ক ছাকিব উল হাছানে ১৩ ৰাণ কৰি আউট হোৱাৰ পাছতে বাংলাদেশৰ পৰাজয় নিশ্চিত হয়।

 

কিন্তু অৰ্শদ্বীপ সিঙে কৰা শেষৰটো অভাৰত পুনৰ মাৰমুখী বেটিং কৰে বাংলাদেশে। উইকেট কীপাৰ নুৰুল হাছান (২৫) আৰু তাছকিন আহমেদে (১২) বাংলাদেশৰ সম্ভাৱনা বৰ্তাই ৰাখিলেও শেষ লক্ষ্যত উপনীত হ’ব নোৱাৰিলে। নুৰুল হাছানে ১৪টা বলত ২৫ আৰু তাছকিন আহমেদে ৭ টা বলত ১২ ৰাণ কৰি ডেথ অভাৰলৈকে খেলখন শ্বাহৰুদ্ধকৰ পৰ্যায়লৈকে লৈ যায়।

 

১৬ অভাৰত বাংলাদেশে ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ১৪৫ ৰাণ। ফলস্বৰূপে ৬ ৰাণত শেষ হাঁহি মাৰে ভাৰতে। ভাৰতৰ হৈ অৰ্শদীপ সিঙ আৰু হাৰ্দিক পাণ্ডিয়াই দুটা আৰু মহম্মদ ছামীয়ে ১টাকৈ উইকেট ভগাই লয়।

 

ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি ভাৰতে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৪ ৰাণ সংগ্ৰহ কৰে। এই শক্তিশালী স্থিতিৰ মূলতে আছিল বিৰাট কোহলী, কে এল ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱৰ বেটিং বিক্ৰম। বিৰাট কোহলীয়ে ৪৪টা বলত ৬৪ আৰু কে এল ৰাহুলে ৩২টা বলত ৫০ ৰাণ সংগ্ৰহ কৰে। আনহাতে সূৰ্যকুমাৰে ১৬টা বলত ৩০ ৰাণৰ এটা মাৰমুখী ইনিংছ খেলে।

 

কোহলী-ৰাহুল উজ্বলি উঠিলেও ব্যৰ্থ হয় ৰোহিত শৰ্মা (২), হাৰ্দিক পাণ্ডিয়া (৫) আৰু দীনেশ কাৰ্তিক (৭)। বাংলাদেশৰ হৈ হাছান মেহমুদে ৩টা আৰু ছাকিব উল হাছানে ২টাকৈ উইকেট লাভ কৰে।

 

মেচখনত অনবদ্য অৰ্ধশতক অৰ্জন কৰা বিৰাট কোহলীক প্লেয়াৰ অব দ্যা মেচ সন্মান দিয়া হয়। এই বিজয়ৰ দ্বাৰা ভাৰতে গ্ৰুপ২ৰ পইণ্ট তালিকাত ৬ পইণ্টেৰে শীৰ্ষস্থানত উপনীত হৈছে। আনহাতে বাংলাদেশে ৪ পইণ্টেৰে তৃতীয় স্থানত আছে। দেওবাৰে খেলিব লগা পৰৱৰ্তী মেচত ভাৰতে জিম্বাবুৱেৰে মুখামুখি হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু