--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অশেষ উৎকণ্ঠাৰ অন্তত বাংলাদেশৰ বিৰুদ্ধে বিজয় লাভ কৰিলে টীম ইণ্ডিয়াই। এডিলেইড অভেলত অনুষ্ঠিত হোৱা বৰ্ষাবিঘ্নিত মেচখনত ৬ ৰাণত জয়লাভ কৰে ভাৰতে। ইয়াৰ দ্বাৰা টি২০ বিশ্বকাপৰ চেমিফাইনেলত প্ৰৱেশ কৰাৰো সহজ হৈ পৰিল ভাৰতৰ বাবে।

 

ভাৰতৰ এই জয়ৰ মূলতে হল ফাষ্ট বলাৰসকলৰ চতুৰ প্ৰদৰ্শন। ভাৰতে বান্ধি দিয়া ১৮৪ ৰাণৰ লক্ষ্য আগত লৈ বেট ধৰিবলৈ নমা বাংলাদেশে প্ৰথম উইকেটৰ যুটীত অত্যন্ত শক্তিশালী স্থিতিত উপনীত হৈছিল। অপেনিং বেটাৰ লিটন দাসে মাৰমুখী বেটিঙেৰে বাংলাদেশৰ বিজয়ৰ সম্ভাৱনা শক্তিশালী কৰিছিল।

 

লিটন দাসে ২৭ টা বলতে ৩টা ছয় আৰু ৭ টা চাৰিৰে ৬০ ৰাণৰ এটা অনবদ্য ইনিংছ খেলে। বৰষুণৰ বাবে খেল স্থগিত ৰখাৰ আগলৈকে বাংলাদেশৰ কোনো উইকেটৰ পতন হোৱা নাছিল। প্ৰথম উইকেটৰ যুটিত সংগ্ৰহ কৰে ৭ অভাৰ ২টা বলত ৬৮ ৰাণ।

 

স্থগিত ৰখাৰ সময়লৈকে বাংলাদেশৰ জয়লাভ প্ৰায় নিশ্চিত আছিল। কিন্তু বৰষুণ শেষ হোৱাত পুনৰ খেল আৰম্ভ হয়। ডাৰ্ক ৱৰ্থ লিৱিছ পদ্ধতি অনুসৰি বাংলাদেশক ১৬ অভাৰত ১৫১ ৰাণৰ লক্ষ্য বান্ধি দিয়া হয়।

 

পুনৰ খেল আৰম্ভ হোৱাৰ পাছতে ভাৰতৰ বলাৰসকলে বাংলাদেশৰ বেটাৰসকলক উভটি ধৰে। লিটন দাসক কে এল ৰাহুলে এটা অনবদ্য থ্ৰৰে ৰাণ আউট কৰাৰ পাছতে মেচখনৰ গতি সলনি হয়। এজনকৈ এজনকৈ বেটাৰ পেভিলিঅনমুখী হয়। বিশেষকৈ অপেনিং বেটাৰ নাজমুল হাছান ছাণ্টোৱে ২১ ৰাণ আৰু অধিনায়ক ছাকিব উল হাছানে ১৩ ৰাণ কৰি আউট হোৱাৰ পাছতে বাংলাদেশৰ পৰাজয় নিশ্চিত হয়।

 

কিন্তু অৰ্শদ্বীপ সিঙে কৰা শেষৰটো অভাৰত পুনৰ মাৰমুখী বেটিং কৰে বাংলাদেশে। উইকেট কীপাৰ নুৰুল হাছান (২৫) আৰু তাছকিন আহমেদে (১২) বাংলাদেশৰ সম্ভাৱনা বৰ্তাই ৰাখিলেও শেষ লক্ষ্যত উপনীত হব নোৱাৰিলে। নুৰুল হাছানে ১৪টা বলত ২৫ আৰু তাছকিন আহমেদে ৭ টা বলত ১২ ৰাণ কৰি ডেথ অভাৰলৈকে খেলখন শ্বাহৰুদ্ধকৰ পৰ্যায়লৈকে লৈ যায়।

 

১৬ অভাৰত বাংলাদেশে ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ১৪৫ ৰাণ। ফলস্বৰূপে ৬ ৰাণত শেষ হাঁহি মাৰে ভাৰতে। ভাৰতৰ হৈ অৰ্শদীপ সিঙ আৰু হাৰ্দিক পাণ্ডিয়াই দুটা আৰু মহম্মদ ছামীয়ে ১টাকৈ উইকেট ভগাই লয়।

 

ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি ভাৰতে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৪ ৰাণ সংগ্ৰহ কৰে। এই শক্তিশালী স্থিতিৰ মূলতে আছিল বিৰাট কোহলী, কে এল ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱৰ বেটিং বিক্ৰম। বিৰাট কোহলীয়ে ৪৪টা বলত ৬৪ আৰু কে এল ৰাহুলে ৩২টা বলত ৫০ ৰাণ সংগ্ৰহ কৰে। আনহাতে সূৰ্যকুমাৰে ১৬টা বলত ৩০ ৰাণৰ এটা মাৰমুখী ইনিংছ খেলে।

 

কোহলী-ৰাহুল উজ্বলি উঠিলেও ব্যৰ্থ হয় ৰোহিত শৰ্মা (২), হাৰ্দিক পাণ্ডিয়া (৫) আৰু দীনেশ কাৰ্তিক (৭)। বাংলাদেশৰ হৈ হাছান মেহমুদে ৩টা আৰু ছাকিব উল হাছানে ২টাকৈ উইকেট লাভ কৰে।

 

মেচখনত অনবদ্য অৰ্ধশতক অৰ্জন কৰা বিৰাট কোহলীক প্লেয়াৰ অব দ্যা মেচ সন্মান দিয়া হয়। এই বিজয়ৰ দ্বাৰা ভাৰতে গ্ৰুপ২ৰ পইণ্ট তালিকাত ৬ পইণ্টেৰে শীৰ্ষস্থানত উপনীত হৈছে। আনহাতে বাংলাদেশে ৪ পইণ্টেৰে তৃতীয় স্থানত আছে। দেওবাৰে খেলিব লগা পৰৱৰ্তী মেচত ভাৰতে জিম্বাবুৱেৰে মুখামুখি হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement