--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে অনবদ্য ইনিংছটো খেলি বিৰাট কোহলীয়ে গঢ়িলে আন এটা অভিলেখ। ৬৪ ৰাণৰ ইনিংছটো খেলি বিৰাটে টি২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হ’ল।

 

ইনিংছটোত ১৬ ৰাণ কৰোতেই তেওঁ এই অভিলেখৰ গৰাকী হয়। এইক্ষেত্ৰত তেওঁ শ্ৰীলংকাৰ কিংম্বদন্তি খেলুৱৈ মাহেলা জয়াবৰ্ধনৰ অভিলেখ ভংগ কৰে। জয়াবৰ্ধনে টি২০ বিশ্বকাপৰ ইতিহাসত ৩১টা ইনিংছ খেলি মুঠ ১০১৬ ৰাণ সংগ্ৰহ কৰিছিল।

 

আনহাতে, কোহলীয়ে ২৫ টা ইনিংছ খেলিয়েই এই অভিলেখৰ গৰাকী হয়। কোহলীৰ এই সফলতাত বিচিচিআইয়ে অভিনন্দন জনাইছে।

 

উল্লেখ্য যে টি২০ বিশ্বকাপত কোহলীয়ে সদায়েই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। ২০১৪ চনৰ বিশ্বকাপত তেওঁ ৩১৯ ৰাণ সংগ্ৰহ কৰিছিল। ২০১৬ চনতো ২৭৩ ৰাণ সংগ্ৰহেৰে তেওঁ শীৰ্ষ বেটছমেনৰ তালিকাত আছিল।

 

এইবাৰৰ বিশ্বকাপতো তেওঁ দুৰ্দান্ত ফৰ্মত আছে। পাকিস্তানৰ বিৰুদ্ধে স্মৰণীয় ৮২ আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬২ ৰাণ কৰাৰ পাছত বাংলাদেশৰ বিৰুদ্ধেও ৬৪ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু