--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে অনবদ্য ইনিংছটো খেলি বিৰাট কোহলীয়ে গঢ়িলে আন এটা অভিলেখ। ৬৪ ৰাণৰ ইনিংছটো খেলি বিৰাটে টি২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হল।

 

ইনিংছটোত ১৬ ৰাণ কৰোতেই তেওঁ এই অভিলেখৰ গৰাকী হয়। এইক্ষেত্ৰত তেওঁ শ্ৰীলংকাৰ কিংম্বদন্তি খেলুৱৈ মাহেলা জয়াবৰ্ধনৰ অভিলেখ ভংগ কৰে। জয়াবৰ্ধনে টি২০ বিশ্বকাপৰ ইতিহাসত ৩১টা ইনিংছ খেলি মুঠ ১০১৬ ৰাণ সংগ্ৰহ কৰিছিল।

 

আনহাতে, কোহলীয়ে ২৫ টা ইনিংছ খেলিয়েই এই অভিলেখৰ গৰাকী হয়। কোহলীৰ এই সফলতাত বিচিচিআইয়ে অভিনন্দন জনাইছে।

 

উল্লেখ্য যে টি২০ বিশ্বকাপত কোহলীয়ে সদায়েই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। ২০১৪ চনৰ বিশ্বকাপত তেওঁ ৩১৯ ৰাণ সংগ্ৰহ কৰিছিল। ২০১৬ চনতো ২৭৩ ৰাণ সংগ্ৰহেৰে তেওঁ শীৰ্ষ বেটছমেনৰ তালিকাত আছিল।

 

এইবাৰৰ বিশ্বকাপতো তেওঁ দুৰ্দান্ত ফৰ্মত আছে। পাকিস্তানৰ বিৰুদ্ধে স্মৰণীয় ৮২ আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬২ ৰাণ কৰাৰ পাছত বাংলাদেশৰ বিৰুদ্ধেও ৬৪ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক