--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুমান সংসাৰত নবৌয়েক আৰু ননদৰ কাজিয়া নুগুচে আৰু কিছুমান সংসাৰত নবৌয়েক আৰু ননদৰ সম্বন্ধ ইমান মধুৰ যে নিজা বাই-ভনীৰ দৰে হৈ পৰে। এহাল নবৌ আৰু ননদে মিলি আৰম্ভ কৰিছে আচাৰৰ ব্যৱসায়। তেওঁলোকৰ আচাৰে সকলোৰে পৰা সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে সমগ্ৰ দেশজুৰি এই আচাৰৰ সোৱাদ দিয়াৰ মন বান্ধিছে। বিহাৰৰ দৰভাঙা জিলাৰ ৫২ বছৰীয়া কল্পনা আৰু ৫১ বছৰীয়া উমা ঝাই অনলাইন আচাৰৰ ব্যৱসায় আৰম্ভ কৰিছে। তেওঁলোকৰ আচাৰব্ৰেণ্ডৰ নাম 'ঝাজী পিকল'(Jhaji Pickle)। উমা এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু কল্পনা গৃহিণী। দুয়ো সম্পৰ্কত নবৌয়েক আৰু নন্দেক। কল্পনা আৰু উমাৰ হাতৰ আচাৰৰ সোৱাদ আজি সমগ্ৰ দেশে লৈ আছে।

কোভিডৰ বাবে জাৰি কৰা লকডাউনৰ সময়ত দুয়ো তেওঁলোকৰ ঘৰৰ পৰা আচাৰ আৰু চাটনি ব্যৱসায় আৰম্ভ কৰে আৰু বৰ্তমান সময়ত তেওঁলোকে নিজা ৱেবছাইটত ভিন্ন প্ৰকাৰৰ আচাৰৰ অৰ্ডাৰ লাভ কৰে। এই দুই মহিলাই ২০২০ চনৰ অক্টোবৰত ব্যৱসায়ৰ বাবে আবেদন কৰিছিল আৰু 'ঝাজি ষ্টোৰ' নামেৰে ২০২১ চনৰ জুনত তেওঁলোকৰ অনলাইন ব্যৱসায় আৰম্ভ হয়। যেতিয়া বিহাৰৰ মিথিলাঞ্চলৰ কথা আহে তেতিয়া মধুবনী চিত্ৰকলাৰ ছবি দুচকুত ভাঁহি উঠে। মধুবনী চিত্ৰকলাৰ লগতে মিথিলাৰ আচাৰৰ সোৱাদৰো কোনো তুলনা নাই। এই দুই নবৌয়েক আৰু ননদে মিলি সমগ্ৰ দেশতে মিথিলাঞ্চলৰ আচাৰৰ সোৱাদ বিয়পাবলৈ উদ্যোগ লৈছে।

উমাই এই বিষয় সন্দৰ্ভত কৈছিল যে যে তেওঁৰ জীৱন স্বাভাৱিক গতিত সাধাৰণভাৱে চলি আছিল। তেওঁৰ মনত কোনো ব্যৱসায়িক চিন্তা নাছিল। সকলোৱে লকডাউনত ঘৰত বন্দী হৈ থকাৰ সময়তে দুয়ো মিলি ভিন্ন প্ৰকাৰৰ আচাৰ তৈয়াৰ কৰে। উমাৰ হাতৰ আচাৰৰ আগৰে পৰা অনুৰাগী আছিল ওচৰ-চুবুৰীয়া আৰু উমাৰ স্কুলৰ শিক্ষকসকল। তেওঁ লকডাউনত কল্পনাৰ সৈতে মিলি আচাৰ প্ৰস্তুত কৰা আৰম্ভ কৰে। উমা আৰু কল্পনাই পৰম্পৰাগত ধৰণে আচাৰ তৈয়াৰ কৰে। মাক আৰু আইতাকৰ পৰা শিকা আচাৰৰ ৰেচিপিৰে দুয়ো ব্যৱসায় আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয়। দুয়োকে ব্যৱসায়িক জ্ঞান লবলৈ কিছু সময় লাগিছিল। এই ক্ষেত্ৰত তেওঁলোকৰ সহায়ক হ'ল ছ'চিয়েল মিডিয়া।

ছ'চিয়েল মিডিয়াত তেওঁলোকে এটা পেজ খুলি আচাৰৰ ফটো আপলোড দিবলৈ ধৰে আৰু লাহে লাহে তেওঁলোকৰ গ্ৰাহক বাঢ়িবলৈ ধৰে। বৰ্তমান উমা আৰু কল্পনাই ছ'চিয়েল মিডিয়া, হোৱাটছএপৰ জৰিয়তে আচাৰৰ অৰ্ডাৰ লয়। এটা বছৰতে আচাৰৰ পৰা ১০ লাখ টকা উপাৰ্জন কৰিবলৈ কৰিবলৈ সক্ষম হয় এই দুই মহিলাই। বৰ্তমান দুয়ো 'ঝাজী পিকল' বিদেশলৈ পঠাবলৈকো প্ৰচেষ্টা হাতত লৈছে। উমা আৰু কল্পনাক বহুতে অনুপ্ৰেৰণা হিচাপে লৈ কাম কৰিবলৈ আগুৱাই আহিছে।

আৰু পঢ়কঃ পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ ল’ৰা-ধেমালি! আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক