--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুমান সংসাৰত নবৌয়েক আৰু ননদৰ কাজিয়া নুগুচে আৰু কিছুমান সংসাৰত নবৌয়েক আৰু ননদৰ সম্বন্ধ ইমান মধুৰ যে নিজা বাই-ভনীৰ দৰে হৈ পৰে। এহাল নবৌ আৰু ননদে মিলি আৰম্ভ কৰিছে আচাৰৰ ব্যৱসায়। তেওঁলোকৰ আচাৰে সকলোৰে পৰা সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে সমগ্ৰ দেশজুৰি এই আচাৰৰ সোৱাদ দিয়াৰ মন বান্ধিছে। বিহাৰৰ দৰভাঙা জিলাৰ ৫২ বছৰীয়া কল্পনা আৰু ৫১ বছৰীয়া উমা ঝাই অনলাইন আচাৰৰ ব্যৱসায় আৰম্ভ কৰিছে। তেওঁলোকৰ আচাৰব্ৰেণ্ডৰ নাম 'ঝাজী পিকল'(Jhaji Pickle)। উমা এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু কল্পনা গৃহিণী। দুয়ো সম্পৰ্কত নবৌয়েক আৰু নন্দেক। কল্পনা আৰু উমাৰ হাতৰ আচাৰৰ সোৱাদ আজি সমগ্ৰ দেশে লৈ আছে।

কোভিডৰ বাবে জাৰি কৰা লকডাউনৰ সময়ত দুয়ো তেওঁলোকৰ ঘৰৰ পৰা আচাৰ আৰু চাটনি ব্যৱসায় আৰম্ভ কৰে আৰু বৰ্তমান সময়ত তেওঁলোকে নিজা ৱেবছাইটত ভিন্ন প্ৰকাৰৰ আচাৰৰ অৰ্ডাৰ লাভ কৰে। এই দুই মহিলাই ২০২০ চনৰ অক্টোবৰত ব্যৱসায়ৰ বাবে আবেদন কৰিছিল আৰু 'ঝাজি ষ্টোৰ' নামেৰে ২০২১ চনৰ জুনত তেওঁলোকৰ অনলাইন ব্যৱসায় আৰম্ভ হয়। যেতিয়া বিহাৰৰ মিথিলাঞ্চলৰ কথা আহে তেতিয়া মধুবনী চিত্ৰকলাৰ ছবি দুচকুত ভাঁহি উঠে। মধুবনী চিত্ৰকলাৰ লগতে মিথিলাৰ আচাৰৰ সোৱাদৰো কোনো তুলনা নাই। এই দুই নবৌয়েক আৰু ননদে মিলি সমগ্ৰ দেশতে মিথিলাঞ্চলৰ আচাৰৰ সোৱাদ বিয়পাবলৈ উদ্যোগ লৈছে।

উমাই এই বিষয় সন্দৰ্ভত কৈছিল যে যে তেওঁৰ জীৱন স্বাভাৱিক গতিত সাধাৰণভাৱে চলি আছিল। তেওঁৰ মনত কোনো ব্যৱসায়িক চিন্তা নাছিল। সকলোৱে লকডাউনত ঘৰত বন্দী হৈ থকাৰ সময়তে দুয়ো মিলি ভিন্ন প্ৰকাৰৰ আচাৰ তৈয়াৰ কৰে। উমাৰ হাতৰ আচাৰৰ আগৰে পৰা অনুৰাগী আছিল ওচৰ-চুবুৰীয়া আৰু উমাৰ স্কুলৰ শিক্ষকসকল। তেওঁ লকডাউনত কল্পনাৰ সৈতে মিলি আচাৰ প্ৰস্তুত কৰা আৰম্ভ কৰে। উমা আৰু কল্পনাই পৰম্পৰাগত ধৰণে আচাৰ তৈয়াৰ কৰে। মাক আৰু আইতাকৰ পৰা শিকা আচাৰৰ ৰেচিপিৰে দুয়ো ব্যৱসায় আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয়। দুয়োকে ব্যৱসায়িক জ্ঞান লবলৈ কিছু সময় লাগিছিল। এই ক্ষেত্ৰত তেওঁলোকৰ সহায়ক হ'ল ছ'চিয়েল মিডিয়া।

ছ'চিয়েল মিডিয়াত তেওঁলোকে এটা পেজ খুলি আচাৰৰ ফটো আপলোড দিবলৈ ধৰে আৰু লাহে লাহে তেওঁলোকৰ গ্ৰাহক বাঢ়িবলৈ ধৰে। বৰ্তমান উমা আৰু কল্পনাই ছ'চিয়েল মিডিয়া, হোৱাটছএপৰ জৰিয়তে আচাৰৰ অৰ্ডাৰ লয়। এটা বছৰতে আচাৰৰ পৰা ১০ লাখ টকা উপাৰ্জন কৰিবলৈ কৰিবলৈ সক্ষম হয় এই দুই মহিলাই। বৰ্তমান দুয়ো 'ঝাজী পিকল' বিদেশলৈ পঠাবলৈকো প্ৰচেষ্টা হাতত লৈছে। উমা আৰু কল্পনাক বহুতে অনুপ্ৰেৰণা হিচাপে লৈ কাম কৰিবলৈ আগুৱাই আহিছে।

আৰু পঢ়কঃ পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ ল’ৰা-ধেমালি! আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন