--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ হেতালি খেলা বাবে আজি অৰ্থাৎ শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে আবেদনকাৰীক আৱেদনখনৰ প্ৰতিলিপি পঞ্জাৱ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠৰ সন্মুখত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংঘটিত হোৱা ত্ৰুটিৰ বিষয়টো উত্থাপন কৰিছিল।

উল্লেখ্য যে পঞ্জাৱত প্ৰধানমন্ত্ৰীয়ে বুধবাৰে প্ৰথমে ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰকল্পসমূহ উদ্বোধন কৰাৰ কথা আছিল। তেওঁ ইয়াৰ বাবে হেলিকপ্টাৰেৰে যাত্ৰা কৰাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে শেষ মুহূৰ্তত স্থলপথেৰে গন্তব্যস্থানলৈ যোৱাৰ সিদ্ধান্ত লয়। কিন্তু প্ৰধানমন্ত্ৰীৰ কনভয় যাত্ৰা কৰা পথটোত একাংশ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ পোৱাৰ পিছত তেওঁৰ কনভয় গন্তব্যস্থানৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ ফ্লাই অভাৰত প্ৰায় ২০ মিনিট সময় আৱদ্ধ হৈ থাকে।

তাৰপাছতে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰি উভতি আহে।আনহাতে যি ঠাইত প্ৰধানমন্ত্ৰীৰ কনভয় আবদ্ধ হৈ পৰিছিল, সেই স্থানৰ পৰা ভাৰত-পাক সীমান্তলৈ মাত্ৰ ১০ কিলোমিটাৰ। গতিকে এনেক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটো অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ'ব লাগিছিল কিন্তু কাৰ্যত সেয়া নহ'ল।এই ঘটনাৰ পিছতই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটোলৈ সংশয় নামি অহাত সকলোৱে কঠোৰ সমালোচনা কৰিছে পঞ্জাৱ চৰকাৰক। কিন্তু পঞ্জাৱ চৰকাৰে এই অভিযোগ নাকচ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰি উভতি যোৱাৰ সৈতে নিৰাপত্তাৰ ক্ৰুটিৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীয়ে। মোদীয়ে এয়া ৰাজনৈতিক নাটক ৰচনা কৰা বুলি অভিযোগ তুলিছে কংগ্ৰেছ দলে। জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে কয় যে ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে পেছাদাৰী আৰু দক্ষ তদন্তৰ প্ৰয়োজন। ইয়াৰ লগতে মনিন্দৰ সিঙে নিৰাপত্তা উলংঘনৰ পুংখানুপুংখ তদন্তৰ লগতে পঞ্জাৱৰ ডিজিপি আৰু মুখ্য সচিবক নিলম্বন কৰাৰ দাবী জনায়।

আৰু পঢ়কঃ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেলিষ্ট শ্বাহনাজ পাৰবীনৰ; মৃত্যুৰ পাছতো কৰিব সুকৰ্ম


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন