--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজোৰা লকডাউনৰ সময়ত আবদ্ধ পুত্ৰক ঘৰলৈ ঘূৰাই আনিবলৈ ১,৪০০ কিলোমিটাৰ দূৰ বাট যাত্ৰা কৰিছিল তেওঁ৷ পুত্ৰ নিজামুদ্দিন আমানক ওভতাই আনিবলৈ ১,৪০০ কিলোমিটাৰ স্কুটীৰে পৰিভ্ৰমণ কৰিছিল৷ তেলেংগানাৰ এইগৰাকী মাতৃ এতিয়া তেওঁৰ পুত্ৰ ইউক্ৰেইনত আবদ্ধ হৈ থকা বাবে চিন্তিত হৈ পৰিছে৷ নাম তেওঁৰ ৰাজিয়া বেগম৷ পেছাত তেলেংগানাৰ নিজামাবাদ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী৷ ইউক্ৰেইনৰ ছুমীত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ পুত্ৰ নিজামুদ্দিন আমানৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ বাবে মাতৃগৰাকীয়ে এতিয়া প্ৰাৰ্থনা কৰি আছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ঘোষিত লকডাউনৰ সময়ত স্কুটীৰে প্ৰায় ১,৪০০ কিলোমিটাৰ যাত্ৰা কৰি তেওঁৰ পুত্ৰক ঘৰলৈ ঘূৰাই অনাৰ বাবে এইগৰাকী অকলশৰীয়া মাতৃয়ে তেওঁৰ ১৯ বছৰীয়া পুত্ৰৰ বিষয়ে চিন্তা আৰু শংকাত উদ্বাউল হৈ পৰিছে৷ ছুমী ৰাছিয়ান সীমান্তৰ ওচৰত অৱস্থিত আৰু বেছিভাগ ভাৰতীয় শিক্ষাৰ্থী ছুমী ষ্টেট মেডিকেল বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। ৰাজিয়া বেগমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, ৰাজ্যৰ গৃহমন্ত্ৰী মহম্মদ মাহমুদ আলীক ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত উত্তেজনাপূৰ্ণ স্থিতিৰ মাজত তেওঁৰ ৱাৰ্ড আৰু অন্যান্য ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন নিশ্চিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়। মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমুখত কৰা মন্তব্য অনুসৰি, নিজামুদ্দিন আমান বাংকাৰত ৰৈ আছে আৰু তেওঁৰ সৈতে ফোনযোগে যোগাযোগ কৰি আছে। মাতৃ ৰাজিয়া বেগমে কয় তেওঁ থকা ঠাইখনৰ সৈতে এতিয়া পৰিবহন সংযোগ বিচ্ছিন্ন কৰা হৈছে৷ দুবছৰ আগতে এইগৰাকী ৰাজিয়া বেগমে এক দীঘলীয়া আৰু কষ্টকৰ যাত্ৰা কৰিছিল৷ ক’ভিড-১৯ৰ বিস্তাৰ ৰোধ কৰিবলৈ দেশজুৰি লকডাউন জাৰি কৰাৰ পাছত চুবুৰীয়া অন্ধ্ৰ প্ৰদেশৰ নেল্ল’ৰ জিলাত আবদ্ধ হৈ থকা তেওঁৰ পুত্ৰক ঘূৰাই আনিবলৈ তেলেংগানাৰ পৰা দুচকীয়া বান চলাই গৈছিল মহিলাগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে