--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজোৰা লকডাউনৰ সময়ত আবদ্ধ পুত্ৰক ঘৰলৈ ঘূৰাই আনিবলৈ ১,৪০০ কিলোমিটাৰ দূৰ বাট যাত্ৰা কৰিছিল তেওঁ৷ পুত্ৰ নিজামুদ্দিন আমানক ওভতাই আনিবলৈ ১,৪০০ কিলোমিটাৰ স্কুটীৰে পৰিভ্ৰমণ কৰিছিল৷ তেলেংগানাৰ এইগৰাকী মাতৃ এতিয়া তেওঁৰ পুত্ৰ ইউক্ৰেইনত আবদ্ধ হৈ থকা বাবে চিন্তিত হৈ পৰিছে৷ নাম তেওঁৰ ৰাজিয়া বেগম৷ পেছাত তেলেংগানাৰ নিজামাবাদ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী৷ ইউক্ৰেইনৰ ছুমীত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ পুত্ৰ নিজামুদ্দিন আমানৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ বাবে মাতৃগৰাকীয়ে এতিয়া প্ৰাৰ্থনা কৰি আছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ঘোষিত লকডাউনৰ সময়ত স্কুটীৰে প্ৰায় ১,৪০০ কিলোমিটাৰ যাত্ৰা কৰি তেওঁৰ পুত্ৰক ঘৰলৈ ঘূৰাই অনাৰ বাবে এইগৰাকী অকলশৰীয়া মাতৃয়ে তেওঁৰ ১৯ বছৰীয়া পুত্ৰৰ বিষয়ে চিন্তা আৰু শংকাত উদ্বাউল হৈ পৰিছে৷ ছুমী ৰাছিয়ান সীমান্তৰ ওচৰত অৱস্থিত আৰু বেছিভাগ ভাৰতীয় শিক্ষাৰ্থী ছুমী ষ্টেট মেডিকেল বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। ৰাজিয়া বেগমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, ৰাজ্যৰ গৃহমন্ত্ৰী মহম্মদ মাহমুদ আলীক ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত উত্তেজনাপূৰ্ণ স্থিতিৰ মাজত তেওঁৰ ৱাৰ্ড আৰু অন্যান্য ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন নিশ্চিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়। মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমুখত কৰা মন্তব্য অনুসৰি, নিজামুদ্দিন আমান বাংকাৰত ৰৈ আছে আৰু তেওঁৰ সৈতে ফোনযোগে যোগাযোগ কৰি আছে। মাতৃ ৰাজিয়া বেগমে কয় তেওঁ থকা ঠাইখনৰ সৈতে এতিয়া পৰিবহন সংযোগ বিচ্ছিন্ন কৰা হৈছে৷ দুবছৰ আগতে এইগৰাকী ৰাজিয়া বেগমে এক দীঘলীয়া আৰু কষ্টকৰ যাত্ৰা কৰিছিল৷ ক’ভিড-১৯ৰ বিস্তাৰ ৰোধ কৰিবলৈ দেশজুৰি লকডাউন জাৰি কৰাৰ পাছত চুবুৰীয়া অন্ধ্ৰ প্ৰদেশৰ নেল্ল’ৰ জিলাত আবদ্ধ হৈ থকা তেওঁৰ পুত্ৰক ঘূৰাই আনিবলৈ তেলেংগানাৰ পৰা দুচকীয়া বান চলাই গৈছিল মহিলাগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক