--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ সামৰিক সংঘাতে সমগ্ৰ বিশ্বকে স্তম্ভিত কৰিছে৷ মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে ইউক্ৰেইন৷ ইউক্ৰেইন হৈ পৰিছে এতিয়া ৰাছিয়াৰ আণৱিক অহংকাৰৰ প্ৰতিফলন৷ ইউক্ৰেইনৰ সংকটে ভাৰতৰ বাবেও কঢ়িয়াই আনিলে নতুন চিন্তাৰ উন্মেষ৷ ইউক্ৰেইন সংকটে ভাৰতলৈ কঢ়িওৱা শ্ৰেষ্ঠতম পাঠ হৈছে আত্মনিৰ্ভৰশীলতাৰ৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ইউৰোপক টোপনিৰ পৰা জগাই দিছে৷ সামৰিক বাহিনীৰ ওপৰত ইউৰোপীয় মনোযোগ আৰু প্ৰতিৰক্ষাত বিনিয়োগৰ গুৰুত্বপূৰ্ণতাক নতুন ৰূপ দিছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই৷ মস্কোৰ বিৰুদ্ধে বিশেষকৈ প্ৰতিৰক্ষা খণ্ডত নতুন নিষেধাজ্ঞাৰ বাবে ৰাছিয়া-ভাৰত বাণিজ্যিক সম্পৰ্কই তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী প্ৰভাৱৰ সন্মুখীন হ’ব৷ ইউক্ৰেইনত চলি থকা সংকটৰ পৰা ভাৰতৰ বাবে ডাঙৰ উপলব্ধি হ’ল যে চীনৰ দ্বাৰা যুদ্ধৰ ক্ষেত্ৰত ক্ষেত্ৰত কোনো তৃতীয় দেশে সামৰিকভাৱে নতুন দিল্লীৰ সহায়লৈ আহিব নোৱাৰে। পাকিস্তান এক পৃথক ঘটনা, আৰু পশ্চিমীয়া চুবুৰীয়াক প্ৰতিহত কৰিবলৈ ভাৰতৰ ওচৰত পৰ্যাপ্ত সামৰিক-কৌশলগত গভীৰতাও আছে। যদিও ৰাছিয়া কেইবা দশক ধৰি ভাৰতৰ ঘনিষ্ঠ সহযোগী হৈ আছে, নতুন গোলকীয় পৰিস্থিতিত মস্কো আৰু বেইজিঙে নৈকট্য উপভোগ কৰি আছে। সেয়েহে, ভাৰতৰ হৈ ৰাছিয়াই সক্ৰিয় ভূমিকা পালন কৰাৰ যিকোনো সম্ভাৱনা আশা কৰিব নোৱাৰি। যদিও ভাৰতে কাৰ্যকৰী পৰিকল্পনাবোৰ এই ভিত্তিতে কৰি আহিছে যে ভাৰতে নিজৰ যুদ্ধত নিজে যুঁজিব লাগিব৷ ৰাছিয়াৰ সামৰিক অভিযানে শিকোৱা আন এটা পথটো হৈছে আমাৰ নিজৰ সামৰ্থ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা৷ প্ৰতিৰক্ষাৰ ওপৰত অধিক ব্যয় কৰা আৰু থলুৱা সঁজুলি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰতৰ কৰণীয় আছে। যুদ্ধ-যুঁজ আৰু সঁজুলি দুয়োটা ক্ষেত্ৰতে ভাৰতে প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে দ্বিতীয় দেশৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে৷ ৰাছিয়া-ইউক্ৰেইন সংকটে স্পষ্টভাৱে সামৰিক সঁজুলিৰ বাবে ভাৰতে দ্বিতীয় দেশৰ ওপৰত নিৰ্ভৰশীল নোহোৱাৰ গুৰুত্বকেই প্ৰতিফলিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক