--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এখন ঘৰত লক্ষ্মী-গণেশৰ মূৰ্তি থকাটো শুভ বুলি মনা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশেষকৈ দেৱালী উৎসৱৰ দিনা ঘৰখনলৈ লক্ষ্মী-গণেশৰ মূৰ্তি আনে। কেৱল দেৱালী বুলিয়েই নহয় আন দিনতো লক্ষ্মী আৰু গণেশৰ মূৰ্তি আনিব পাৰি। সঠিক ৰূপত দেৱী লক্ষ্মী আৰু গণেশৰ উপাসনা কৰিলে ঘৰখনত সুখ-শান্তি, সম্পদেৰে ভৰি পৰে।বাস্তুশাস্ত্ৰ অনুসৰি লক্ষ্মী-গণেশৰ মূৰ্তি ঘৰলৈ অনাৰ আগত কিছুমান দিশত ধ্যান ৰখাটো উচিত। সকলো মূৰ্তিক সেৱা-প্ৰাৰ্থনা জনাই শুভ ফল লাভ কৰিব নোৱাৰি। গতিকে নতুন মূৰ্তি কিনাৰ সময়ত কি কি দিশত ধ্যান দিয়াটো উচিত, জানো আহক..

এনে মূৰ্তি কিনি ঘৰলৈ আনিব

১) গণেশৰ মূৰ্তি কিনাৰ সময়ত ধ্যান ৰাখিব লাগে যে সেই মূৰ্তি বহি থকা অৱস্থাত আছে নে নাই। গণেশৰ শিৰত মুকুট থকাটো বাঞ্চনীয়। বিনা মুকুটৰ গণেশ মূৰ্তি আৰু থিয় হৈ থকা গণেশৰ মূৰ্তি কিনি অনাটো শুভ নহয়।

২)গণেশৰ মূৰ্তিটোত তেওঁৰ শুড়ডাল বাওঁফালে বেঁকা কৰি থাকিব লাগে। সোঁফালে শুড় থাকিলে সেই মূৰ্তি বা ছবি কিনি ঘৰলৈ নানিব। হাতত মোদক লৈ থকা গণেশৰ মূৰ্তিক সুখ আৰু সম্পদৰ প্ৰতীক বুলি গণ্য কৰা হয়।

৩)গণেশৰ প্ৰতিমূৰ্তি ক্ৰয় কৰোঁতে ধ্যান ৰাখিব যে গণেশৰ বাহন এন্দুৰ লগত আছে নে নাই। এন্দুৰ নথকা গণেশৰ মূৰ্তি আনি পূজা কৰিলে ঘৰখনত এন্দুৰে উপদ্ৰৱ কৰে বুলি বিশ্বাস কৰা হয়। গতিকে বাহন এন্দুৰৰ সৈতে থকা গণেশৰ মূৰ্তিহে ঘৰলৈ আনিব।

৪)যেতিয়াই বিষ্ণু আৰু গণেশৰ সৈতে মাতৃ লক্ষ্মীক পূজা কৰা হয়, গণেশজী লক্ষ্মীৰ সদায় সোঁফালে থাকিব লাগে আৰু বিষ্ণু লক্ষ্মী মূৰ্তিৰ বাওঁফালে থাকিব লাগে। সঠিক ধৰণে উপাসনা কৰিলে দেৱী লক্ষ্মীৰ কৃপা আহে।

৫)পূজাৰ স্থানত বা পূজা গৃহত মা দেৱী লক্ষ্মীৰ দুটা মূৰ্তি কেতিয়াও ৰাখিব নালাগে। লক্ষ্মীৰ দুটা মূৰ্তি একেলগে ৰাখিলে ঘৰত নানা অশান্তি তথা বিভেদ আদিৰ সৃষ্টি হ'ব পাৰে।

৬)সিংহাসনত বহি থকা গণেশ-লক্ষ্মীৰ চাহিদা অধিক। পদুম ফুল দেৱী লক্ষ্মীৰ বৰ প্ৰিয়। সেয়েহে পদুম ফুলেৰে নিৰ্মিত সিংহাসনৰ বিশেষ চাহিদা আছে।

৭) কেতিয়াও থিয় হৈ থকা লক্ষ্মীৰ মূৰ্তি নিকিনিব। দেৱী লক্ষ্মী আসনত বহি থকাটো বাঞ্চনীয়। হাতত পদুম লৈ থকা আৰু লগত ধনৰ কলহ থকা লক্ষ্মীৰ মূৰ্তি সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক


FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে