--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এখন ঘৰত লক্ষ্মী-গণেশৰ মূৰ্তি থকাটো শুভ বুলি মনা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশেষকৈ দেৱালী উৎসৱৰ দিনা ঘৰখনলৈ লক্ষ্মী-গণেশৰ মূৰ্তি আনে। কেৱল দেৱালী বুলিয়েই নহয় আন দিনতো লক্ষ্মী আৰু গণেশৰ মূৰ্তি আনিব পাৰি। সঠিক ৰূপত দেৱী লক্ষ্মী আৰু গণেশৰ উপাসনা কৰিলে ঘৰখনত সুখ-শান্তি, সম্পদেৰে ভৰি পৰে।বাস্তুশাস্ত্ৰ অনুসৰি লক্ষ্মী-গণেশৰ মূৰ্তি ঘৰলৈ অনাৰ আগত কিছুমান দিশত ধ্যান ৰখাটো উচিত। সকলো মূৰ্তিক সেৱা-প্ৰাৰ্থনা জনাই শুভ ফল লাভ কৰিব নোৱাৰি। গতিকে নতুন মূৰ্তি কিনাৰ সময়ত কি কি দিশত ধ্যান দিয়াটো উচিত, জানো আহক..

এনে মূৰ্তি কিনি ঘৰলৈ আনিব

১) গণেশৰ মূৰ্তি কিনাৰ সময়ত ধ্যান ৰাখিব লাগে যে সেই মূৰ্তি বহি থকা অৱস্থাত আছে নে নাই। গণেশৰ শিৰত মুকুট থকাটো বাঞ্চনীয়। বিনা মুকুটৰ গণেশ মূৰ্তি আৰু থিয় হৈ থকা গণেশৰ মূৰ্তি কিনি অনাটো শুভ নহয়।

২)গণেশৰ মূৰ্তিটোত তেওঁৰ শুড়ডাল বাওঁফালে বেঁকা কৰি থাকিব লাগে। সোঁফালে শুড় থাকিলে সেই মূৰ্তি বা ছবি কিনি ঘৰলৈ নানিব। হাতত মোদক লৈ থকা গণেশৰ মূৰ্তিক সুখ আৰু সম্পদৰ প্ৰতীক বুলি গণ্য কৰা হয়।

৩)গণেশৰ প্ৰতিমূৰ্তি ক্ৰয় কৰোঁতে ধ্যান ৰাখিব যে গণেশৰ বাহন এন্দুৰ লগত আছে নে নাই। এন্দুৰ নথকা গণেশৰ মূৰ্তি আনি পূজা কৰিলে ঘৰখনত এন্দুৰে উপদ্ৰৱ কৰে বুলি বিশ্বাস কৰা হয়। গতিকে বাহন এন্দুৰৰ সৈতে থকা গণেশৰ মূৰ্তিহে ঘৰলৈ আনিব।

৪)যেতিয়াই বিষ্ণু আৰু গণেশৰ সৈতে মাতৃ লক্ষ্মীক পূজা কৰা হয়, গণেশজী লক্ষ্মীৰ সদায় সোঁফালে থাকিব লাগে আৰু বিষ্ণু লক্ষ্মী মূৰ্তিৰ বাওঁফালে থাকিব লাগে। সঠিক ধৰণে উপাসনা কৰিলে দেৱী লক্ষ্মীৰ কৃপা আহে।

৫)পূজাৰ স্থানত বা পূজা গৃহত মা দেৱী লক্ষ্মীৰ দুটা মূৰ্তি কেতিয়াও ৰাখিব নালাগে। লক্ষ্মীৰ দুটা মূৰ্তি একেলগে ৰাখিলে ঘৰত নানা অশান্তি তথা বিভেদ আদিৰ সৃষ্টি হ'ব পাৰে।

৬)সিংহাসনত বহি থকা গণেশ-লক্ষ্মীৰ চাহিদা অধিক। পদুম ফুল দেৱী লক্ষ্মীৰ বৰ প্ৰিয়। সেয়েহে পদুম ফুলেৰে নিৰ্মিত সিংহাসনৰ বিশেষ চাহিদা আছে।

৭) কেতিয়াও থিয় হৈ থকা লক্ষ্মীৰ মূৰ্তি নিকিনিব। দেৱী লক্ষ্মী আসনত বহি থকাটো বাঞ্চনীয়। হাতত পদুম লৈ থকা আৰু লগত ধনৰ কলহ থকা লক্ষ্মীৰ মূৰ্তি সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান