--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘অসম চৰকাৰ এতিয়া দেউলীয়া, ৰাইজৰ ওপৰত মাধমাৰ দিয়েই এইখন চৰকাৰ চলি আছে৷’- এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ শেহতীয়াকৈ ‘ৰিৰ্জাভ বেংক’ৰ তথ্য অনুসৰি অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হ’ল ১ লাখ ৪ হেজাৰ ২৫ কোটি টকা৷ উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত মাত্ৰ ৭ মাহত লোৱা ঋণৰ পৰিমাণ হ’ল ১১ হাজাৰ কোটি, ইয়াৰ বিপৰীতে সোণোৱাল চৰকাৰৰ দিনত লোৱা ঋণৰ পৰিমাণ হ’ল ৫১,০০০ কোটি টকা৷ মুঠৰ ওপৰত এতিয়া ৰাজ্য চৰকাৰ অৰ্থনৈতিক অৱস্থা যে একেবাৰে পুতৌলগা সেইটো নিশ্চিত! ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ কথা যিমানেই নকওক কিয়, অসমৰ বাস্তৱ ছবিখনৰ কথা বৰ্তমান সকলো জ্ঞাত…! কেৱল প্ৰচাৰ, বিজ্ঞাপনৰ মাজতে ৰাজ্য চৰকাৰখন এতিয়া সীমাবদ্ধ৷


উল্লেখ্য যে, জনতা দলৰ নেতা এইচ ডি দেৱগৌড়া প্ৰধানমন্ত্ৰী থকাৰ সময়তে অসম চৰকাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল৷ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল মহন্ত৷ তেতিয়া অসমে ৯০:১০ অনুপাতত অনুদান লাভ কৰিছিল অৰ্থাৎ কেন্দ্ৰৰ পৰা অসমে ৯০ শতাংশ পুঁজি হিচাপে লাভ কৰিছিল আৰু কেৱল ১০ শতাংশহে ঋণ দিব লগা হৈছিল৷ কিন্তু এই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন হোৱা পাছত অসমে যেন পূৰ্বতকৈ অধিক পৰিমাণৰ ঋণৰ বোজা বহন কৰিব লগা হৈছে৷


সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ বোজা বাঢ়ি গৈ আছে আৰু চৰকাৰখন এতিয়া বিত্তীয় সংকটত ভুগিছে৷ ৰাজ্যসমূহক এতিয়া কেন্দ্ৰীয় চৰকাৰে নিজা ৰাজহেৰে চলিবলৈ পৰামৰ্শ দিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰায়বিলাক জনকল্যাণমূলক আঁচনি বন্ধ হোৱাৰ উপক্ৰম হৈছে কেৱল ঋণৰ বোজা বাবে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ সম্পত্তি বিক্ৰী লগতে কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকৰ আপাদকালীন পুঁজি ধাৰে লোৱা কথাই ইয়াকে প্ৰমাণ কৰে যে, দেশৰ অৰ্থনৈতিক অৱস্থা একেবাৰে দেউলীয়া৷ উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা ঋণ আন্তঃগাঁথনি বা উৎপাদনমূলক কামত ব্যয় কৰাৰ সলনি হিতাধীকাৰী পোহপালত খৰচ কৰাৰ বাবে ৰাজ্যৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাই নহয়, বিত্তীয় পৰিস্থিতিৰ প্ৰতিও অশনি সংকেত আনিব বুলি আশংকা কৰিছে ৰাজ্যবাসীয়ে৷ ইয়াৰ পাছতো যেন গা-লৰা নাই ৰাজ্য চৰকাৰৰ, কেৱল ভোগ-বিলাসিতাৰ নামতে চৰকাৰী ধন অপচয় কৰিছে, বিশাল কনভয়, বঙাইগাঁৱৰ কেবিনেট বৈঠক, ছাৰ্টাড বিমানেৰে ভ্ৰমণ এই সকলোবোৰ চৰকাৰী ধন সৰাধ কৰিছে বুলি এতিয়া সাধাৰণ জনতাই অভিযোগ উত্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ