--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘অসম চৰকাৰ এতিয়া দেউলীয়া, ৰাইজৰ ওপৰত মাধমাৰ দিয়েই এইখন চৰকাৰ চলি আছে৷’- এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ শেহতীয়াকৈ ‘ৰিৰ্জাভ বেংক’ৰ তথ্য অনুসৰি অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হ’ল ১ লাখ ৪ হেজাৰ ২৫ কোটি টকা৷ উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত মাত্ৰ ৭ মাহত লোৱা ঋণৰ পৰিমাণ হ’ল ১১ হাজাৰ কোটি, ইয়াৰ বিপৰীতে সোণোৱাল চৰকাৰৰ দিনত লোৱা ঋণৰ পৰিমাণ হ’ল ৫১,০০০ কোটি টকা৷ মুঠৰ ওপৰত এতিয়া ৰাজ্য চৰকাৰ অৰ্থনৈতিক অৱস্থা যে একেবাৰে পুতৌলগা সেইটো নিশ্চিত! ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ কথা যিমানেই নকওক কিয়, অসমৰ বাস্তৱ ছবিখনৰ কথা বৰ্তমান সকলো জ্ঞাত…! কেৱল প্ৰচাৰ, বিজ্ঞাপনৰ মাজতে ৰাজ্য চৰকাৰখন এতিয়া সীমাবদ্ধ৷


উল্লেখ্য যে, জনতা দলৰ নেতা এইচ ডি দেৱগৌড়া প্ৰধানমন্ত্ৰী থকাৰ সময়তে অসম চৰকাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল৷ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল মহন্ত৷ তেতিয়া অসমে ৯০:১০ অনুপাতত অনুদান লাভ কৰিছিল অৰ্থাৎ কেন্দ্ৰৰ পৰা অসমে ৯০ শতাংশ পুঁজি হিচাপে লাভ কৰিছিল আৰু কেৱল ১০ শতাংশহে ঋণ দিব লগা হৈছিল৷ কিন্তু এই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন হোৱা পাছত অসমে যেন পূৰ্বতকৈ অধিক পৰিমাণৰ ঋণৰ বোজা বহন কৰিব লগা হৈছে৷


সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ বোজা বাঢ়ি গৈ আছে আৰু চৰকাৰখন এতিয়া বিত্তীয় সংকটত ভুগিছে৷ ৰাজ্যসমূহক এতিয়া কেন্দ্ৰীয় চৰকাৰে নিজা ৰাজহেৰে চলিবলৈ পৰামৰ্শ দিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰায়বিলাক জনকল্যাণমূলক আঁচনি বন্ধ হোৱাৰ উপক্ৰম হৈছে কেৱল ঋণৰ বোজা বাবে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ সম্পত্তি বিক্ৰী লগতে কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকৰ আপাদকালীন পুঁজি ধাৰে লোৱা কথাই ইয়াকে প্ৰমাণ কৰে যে, দেশৰ অৰ্থনৈতিক অৱস্থা একেবাৰে দেউলীয়া৷ উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা ঋণ আন্তঃগাঁথনি বা উৎপাদনমূলক কামত ব্যয় কৰাৰ সলনি হিতাধীকাৰী পোহপালত খৰচ কৰাৰ বাবে ৰাজ্যৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাই নহয়, বিত্তীয় পৰিস্থিতিৰ প্ৰতিও অশনি সংকেত আনিব বুলি আশংকা কৰিছে ৰাজ্যবাসীয়ে৷ ইয়াৰ পাছতো যেন গা-লৰা নাই ৰাজ্য চৰকাৰৰ, কেৱল ভোগ-বিলাসিতাৰ নামতে চৰকাৰী ধন অপচয় কৰিছে, বিশাল কনভয়, বঙাইগাঁৱৰ কেবিনেট বৈঠক, ছাৰ্টাড বিমানেৰে ভ্ৰমণ এই সকলোবোৰ চৰকাৰী ধন সৰাধ কৰিছে বুলি এতিয়া সাধাৰণ জনতাই অভিযোগ উত্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ