--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূবৰ ভিতৰতে বিজেপিৰ সংসদীয় পৰিষদত স্থান লাভ কৰা একমাত্ৰ ব্যক্তি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহিলে বিমান বন্দৰৰ পৰাই ঢোলে দগৰে আদৰি অনা হ’ব বুলি ভবা হৈছিল যদিও কাৰ্যতঃ তেনে হোৱা দেখা নগ’ল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিমান বন্দৰৰ পৰা আদৰি আনিবলৈ বিজেপিৰ নগন্য সংখ্যক নেতা তথা সমৰ্থকহে যোৱা দেখা গ’ল। 

শেহতীয়াকৈ  বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তিকৰণৰ সমান্তৰালভাৱে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নাম । এয়া কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূবৰ বাবেই গৌৰৱৰ বিষয়। কিন্তু এনে বিষয়কলৈ যেন গেৰুৱা দলটোৰ সৰহ সংখ্যক নেতা-কৰ্মীয়ে খোলা মনেৰে আনন্দ প্ৰকাশ কৰিব  পৰা নাই। কাৰোৱাৰ কোপত পৰাৰ ভয়তে হওঁক বা আন কোনো কাৰণতে হওঁক বহু বিজেপি নেতা-কৰ্মীয়ে সৰ্বানন্দ সোণোৱালৰ শেহতীয়া অসম আগমণকলৈ উদাসীন হৈ থাকিল। এই কথাৰ প্ৰমাণ সোণোৱালে বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভৰি দিয়াৰ পিছতেই পোৱা গ’ল। আন নালাগে ৰামেশ্বৰ তেলীৰ দৰে দলটোৰ জ্যেষ্ঠ নেতায়ো প্ৰকাশ্যে ক’লে যে সোণোৱাল অসমলৈ অহাৰ কথা তেওঁ গমেই নাপায়। নিজৰ মাতৃভূমিতে প্ৰাপ্য 

আদৰ -মৰম নোপোৱা সোণোৱালৰ মনত হয়তো কথাবোৰে ক্ৰিয়া নকৰাকৈ থকা নাছিল। বিজেপিৰ দুখনকৈ শীষ সমিতিত অন্তৰ্ভুক্ত হোৱাৰ ফলত সোণোৱালক চেৰাই  অসমত  গেৰুৱা দলটোৱে প্ৰাৰ্থীক টিকট দিয়াটো এইবাৰ সহজ নহ’ব। এইক্ষেত্ৰত সোণোৱালৰ মন্তব্যৰ গুৰুত্ব অপৰিসীম হ’ব বুলি ধাৰণা কৰিব পাৰি। এই কথাতেই হয়তো বহুতে শংকিত হৈ পৰিছে বুলি ৰাজনৈতিক বিজ্ঞ মহলে আলোচনা কৰিছে। তদুপৰি ’আকৌ এবাৰ সৰ্বাৰ চৰকাৰ’ ধ্বনিৰে অসমত শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিপুল সংখ্যক আসন লাভ কৰি চৰকাৰ গঠন কৰিছে। 

অৱশ্যে ৰাজনৈতিক পাক চক্ৰত সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে সোণোৱালক অনাদৰ নকৰি পুনৰ কেন্দ্ৰীয় মন্ত্ৰী সভাত গুৰুত্বপূৰ্ণ দপ্তৰত থাপিলে। কেৱল সেয়াই নহয় মোদীৰ উদ্যোগতে সোণোৱালক কেন্দ্ৰীয় সংসদীয় পৰিষদৰ লগতে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে। মোদীৰ ’ব্লু আইড বয়’ সোণোৱালকলৈ মোদীৰ আৰু বহু পৰিকল্পনা আছে বুলি ৰাজনীতিৰ ভু ৰখা মহলে প্ৰকাশ কৰিছে। গেৰুৱা দলটোৰ দুটাকৈ সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ পিছত অসমলৈ অহা সৰ্বানন্দ সোণোৱালে যোগ্য সন্মাণ পোৱা নাই বুলি আলোচনা হ’লেও পিছে এই প্ৰসংগত ঘূণাক্ষৰেও মন্তব্য কৰা নাই সোণোৱালে। ঠিক যি দৰে মুখ্যমন্ত্ৰীৰ আসন খন এৰি দিবলগীয়া হোৱাৰ পিছতো তেওঁ কাৰো বিৰুদ্ধে কোনো অভিযোগ বা আপত্তিকৰ মন্তব্য কৰা নাছিল। ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক ঘটনাৱলীত যেন সোণোৱাল কিছু অতিষ্ঠ হৈছে সেয়ে দলীয় সভাতেই সোণোৱালে কৈছিল ’বিজেপিত কোনো ব্যক্তি পূজা নচলে, দলৰ পূজা চলে। দলক পূজা কৰা মানেই দেশক পূজা কৰা। কোনো ব্যক্তিক সন্তুষ্ট কৰিবলৈ নহয়, সমাজক সুখী কৰিবৰ বাবেহে বিজেপিত সিদ্ধান্ত লোৱা হয়।। আজি ম‍ই যি পদত আছো, সেয়া স্থায়ী বুলি ভাবি লোৱা উচিত নহয়; কাৰণ আজি দলে মোক প্রয়োজন বুলি ভাবিছে আৰু কাইলৈ  আনক এই স্থানত প্ৰয়োজন বুলি ভাবিব পাৰে । গতিকে দলে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্ত আমি সকলোৱে শ্রদ্ধা সহকাৰে গ্ৰহণ কৰি দেশৰ স্বাৰ্থত দলৰ মঞ্চত সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিম।'  

সভাত  উপস্থিত নেতা-কর্মীসকলক উদ্দেশি সোণোৱালে কয়, ‘মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি আমি সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব। ৰাইজে সকলো লক্ষ্য কৰি থাকে, কোনো কি কৰি আছে। তেওঁলোকৰ লগত কাগজ-কলম থাকে। সেয়ে মনত ৰাখিব লাগিব আমি সমাজ তথা দেশৰ বাবে সমর্পিত। দেশ তথা সমাজে যি সিদ্ধান্ত ল'ব সেয়াই চূড়ান্ত সিদ্ধান্ত’।  সোণোৱালৰ এনে কঠিন  ৰূপ হয়তো বহুতে কমেই দেখিছে। কিন্তু এইবাৰ তেওঁৰ কথাত বহু পৰিৱৰ্তন লক্ষ্য কৰা হৈছে। অসমত বৰ্তমান বিজেপি শাসিত চৰকাৰ খনকলৈ ৰাইজ সন্তুষ্ট নে বিতুষ্ট তাকে লৈ নানা মুনিৰ নানা মত আছে। 

বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মতৰ বিপৰীতে গৈ অসমৰ বিজেপি নেতৃত্বধীন চৰকাৰ খনে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী ভাষাত পাঠদান কৰিবলৈ লোৱা সিদ্ধান্তই বহুতকে বিক্ষুদ্ধ কৰি তুলিছে।বিক্ষুদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত বিজেপিক ভোট দি চৰকাৰ গঠনত সহায় কৰা লোকো বহু আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষাৰ বিষয়ত জোৰ দি আহিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ তো মাতৃভাষাৰেই শিক্ষা প্ৰদানত জোৰ দিয়া হৈছে। ইমানৰ পিছতো অসম চৰকাৰে কিয় ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু মোদীৰ মতৰ বিৰুদ্ধে গৈছে সেয়া ৰহস্যৰ বিষয়। এনে এক ধামখুমীয়াৰ মাজতে সৰ্বানন্দ সোণোৱালে কৰা ’বিজেপিত কোনো ব্যক্তি পূজা নচলে, দলৰ পূজা চলে’ বুলি কৰা মন্তব্যই বহু কথাৰ ইংগিত দিছে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে আলোচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান