--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ষ্টেডিয়ামত ফিল্ডত নামি পৰস্পৰ দলৰ খেলুৱৈৰ সৈতে খণ্ডযুদ্ধ এতিয়া অতীত হ'ল, এতিয়া মাজে সময়ে ডিজিটেল যুঁজতহে লিপ্ত হোৱা দেখিবলৈ পোৱা যায় ভাৰত-পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰক। শেহতীয়া কিছুদিনৰ পৰা এই ডিজিটেল যুঁজত নামি পৰিছে ভাৰতীয় দলৰ প্ৰাক্তন স্পিনাৰ অমিত মিশ্ৰও। এইবাৰ টুইটাৰত মিশ্ৰৰ দ্বাৰা ট্ৰলৰ চিকাৰ হৈছে পাকিস্তানৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদী। ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীক অৱসৰৰ পৰামৰ্শ দি মিশ্ৰৰ তীক্ষ্ণ উত্তৰৰ সন্মুখীন হৈছে আফ্ৰিদী।

এছিয়া কাপৰ পূৰ্বলৈকে দীঘলীয়া সময় ধৰি নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰি ৰান সংগ্ৰহত ব্যৰ্থতাৰ সন্মুখীন হৈছিল কোহলী। অৱশ্যে সদ্য সমাপ্ত এছিয়া কাপত কোহলীৰ এই দীৰ্ঘদিনীয়া ব্যৰ্থতাৰ অৱসান ঘটিছিল। কোহলীৰ এই ফৰ্মকেন্দ্ৰিক এক প্ৰশ্নৰ উত্তৰত আফ্ৰিদীয়ে মঙলবাৰে এক অনুষ্ঠানত দলৰ পৰা বাদ পৰাৰ পূৰ্বেই কোহলীয়ে স্ব-ইচ্চাৰে অৱসৰ লোৱা উচিত বুলি মন্তব্য কৰিছিল। আফ্ৰিদীৰ এই পৰামৰ্শৰ প্ৰত্যুত্তৰ দি মিশ্ৰই আজি পৰোক্ষভাৱে আফ্ৰিদীক বিদ্ৰুপ কৰি এক তীক্ষ্ণ উত্তৰ দিয়ে। 

কোহলীলৈ আফ্ৰিদীয়ে আগবঢ়োৱা পৰামৰ্শৰ  ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অমিত মিশ্ৰই এক টুইটত লিখে, "প্ৰিয় আফ্ৰিদী, কিছু খেলুৱৈয়ে কেৱল এবাৰহে অৱসৰ লয়। গতিকে অনুগ্ৰহ কৰি বিৰাট কোহলীক এই বিষয়ৰ পৰা অব্যাহতি দিয়ক।" উল্লেখ্য যে পাকিস্তানৰ প্ৰাক্তন তাৰকা আফ্ৰিদীয়ে নিজৰ কেৰিয়াৰত পাঁচবাৰকৈ অৱসৰ ঘোষণা কৰি চাৰিবাৰ পুনৰ ক্ৰিকেটলৈ ঘূৰি আহিছিল। 

অৱশেষত ২০১৭ চনৰ ফেব্ৰুৱাৰীত চিৰদিনৰ বাবে কেৰিয়াৰ সামৰিছিল তাৰকাগৰাকীয়ে। আফ্ৰিদীৰ অৱসৰকেন্দ্ৰিক হঠকাৰিতাক ঠাট্টা কৰিয়ে মিশ্ৰই আজি টুইটত এইদৰে উল্লেখ কৰে। উল্লেখ্য যে, কালি আফ্ৰিদীয়ে পাকিস্তানৰ এক টেলিভিচন চেনেলৰ সাক্ষাৎকাৰত বিৰাট কোহলীক এগৰাকী চেম্পিয়ন আখ্যা দিয়ে। অৱশ্যে প্ৰতিগৰাকী খেলুৱৈৰ কেৰিয়াৰত অৱসৰৰ সময় আহে বুলি উল্লেখ কৰি আফ্ৰিদীয়ে কোহলীক দলৰ পৰা নিৰ্বাচকে বাদ দিয়াৰ পূৰ্বেই স্বইচ্ছাৰে অৱসৰ ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়ে।

আফ্ৰিদীয়ে কয়, "খেলুৱৈ এগৰাকী এনে পৰ্যায়লৈ ৰ’ব নালাগে, যাতে তেওঁক দলৰ পৰা বাদ দিয়া হয়। ইয়াৰ পৰিৱৰ্তে নিজৰ শ্ৰেষ্ঠ ফৰ্মত থাকোঁতেই এগৰাকী খেলুৱৈয়ে অৱসৰ ঘোষণা কৰিব লাগে। অৱশ্যে কাচিৎ কেতিয়াবাহে এনে হয়। কিন্তু মই ভাবোঁ, বিৰাটে অৱসৰ গ্ৰহণৰ ক্ষেত্ৰত এই দিশটো বিবেচনা কৰিব আৰু তেওঁৰ কেৰিয়াৰ যিদৰে আৰম্ভ কৰিছিল, সেইদৰেই স্ব-ষ্টাইলত সমাপ্ত কৰিব।"

যোৱা তিনিবছৰ ধৰি কেৰিয়াৰত এক কঠিন সময় অতিক্ৰম কৰিছে কোহলীয়ে। এই সময়চোৱাত নিজ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে কোহলীয়ে দীঘলীয়াকৈ ৰান সংগ্ৰহত ব্যৰ্থ হৈছিল। কিন্তু এছিয়া কাপত নিজৰ স্বভাৱসিদ্ধ ফৰ্মলৈ ঘূৰি আহিছিল কোহলী আৰু টুৰ্ণামেণ্টখন অৰ্ধ-শতক আৰু এটা শতকৰ সহায়েৰে ৯২ গড়ে ১৪৭.৫৯ ৰ ষ্ট্ৰাইক ৰেটেৰে ২৭৬ ৰান সংগ্ৰহ কৰি দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।

আগন্তুক টি-২০ বিশ্বকাপতো কোহলীয়ে এই প্ৰদৰ্শন আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীসকলে। কোহলীৰ ওপৰতে বিশেষকৈ ভাৰতীয় দলৰ বেটিং শক্তি নিৰ্ভৰ কৰে। গতিকে কোহলীৰ উন্নত প্ৰদৰ্শন ভাৰতীয় দলৰ জয়ৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ’ব। তদুপৰি নিজ কেৰিয়াৰত প্ৰথমটো টি-২০ খিতাপ অৰ্জনৰ সন্ধানত থকা কোহলী এইবাৰ লক্ষ্য পূৰণত সফল হ’ব বুলি বিশ্বজুৰি থকা কোহলীৰ অনুৰাগীসকলে আশা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু